--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা বসন্ত পঞ্চমী উৎসৱ পালন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত দেৱী সৰস্বতী আবিৰ্ভাৱ হৈছিল আৰু সেয়েহে বসন্ত পঞ্চমীৰ দিনা মাতৃ সৰস্বতীক পূজা কৰা হয়। ইয়াৰ লগতে যিকোনো নতুন কাম, বিবাহ, ঘৰ সজা আদি শুভ কামো এই দিনটোত কৰা হয়। এইবাৰ অৰ্থাৎ ২০২৩ চনত ২৬ জানুৱাৰীত বসন্ত পঞ্চমী উৎসৱ পালন কৰা হব। এই দিনটোত মা সৰস্বতীৰ পূজা কৰোতে কি কি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে আৰু ভুলতো কি কি কাম কৰিব নালাগে জানো আহক।

সৰস্বতী পূজাৰ সময়ত এই ভুলবোৰ নকৰিব

১) বসন্ত পঞ্চমীৰ দিনা মাতৃ সৰস্বতীক পূজা কৰা হয় আৰু দেৱী সৰস্বতীৰ প্ৰিয় ৰং বগা আৰু হালধীয়া। সেইবাবেই বসন্ত পঞ্চমীৰ দিনা ক'লা কাপোৰ বা আন কোনো গাঢ় ৰঙৰ কাপোৰ পিন্ধিব নালাগে। বসন্ত পঞ্চমীৰ দিনা হালধীয়া, বগা বা গোলাপী ৰঙৰ কাপোৰ পিন্ধিব লাগে।

২) আন দিনত ৰাতিপুৱা সাৰ পাই ব্ৰেকফাষ্ট কৰি গা ধুলেও বসন্ত পঞ্চমীৰ দিনা এই কাম একেবাৰেই নকৰিব। এই দিনটোত ৰাতিপুৱা সাৰ পাই প্ৰথমে গা ধুব। সম্ভৱ হ’লে ওচৰৰ কোনো নদী বা বিললৈ গৈ গা ধুই তাৰ পিছত দেৱী সৰস্বতীক পূজা কৰি তাৰ পিছতহে কিবা এটা খাব।

৩) বসন্ত পঞ্চমী প্ৰকৃতিৰ উৎসৱ, গতিকে এই দিনটোত গছ নাকাটিব। যদি আপুনি তাৰ ঠাইত গছ ৰোপণ কৰে, তেন্তে তেনে কৰাটো শুভ বুলি গণ্য কৰা হয়।

৪) বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীক পূজা কৰা হয়, গতিকে এই দিনটোত ক্ৰোধ নিয়ন্ত্ৰণ কৰক আৰু নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক। কাকো গালি-গালাজ নাপাৰিব। সকলোৰে প্ৰতি দয়ালু হওক।

৫) ভুলতো এই দিনটোত মাংস-মদ আদি সেৱন নকৰিব। বসন্ত পঞ্চমীৰ দিনা সৰস্বতী দেৱীক পূজা কৰি কেৱল সাত্বিক খাদ্য গ্ৰহণ কৰিব লাগে।

এইদৰে দেৱী সৰস্বতীৰ পূজা কৰক 

ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুই হালধীয়া কাপোৰ পিন্ধি মা সৰস্বতীৰ মূৰ্তি বা ছবি সন্মুখত ৰাখি পূজা কৰক। চন্দন, অক্ষত, কেশৰ, কুমকুম, অন্যান্য পূজা সামগ্ৰীৰে দেৱীক পূজা কৰক। তেওঁক বগা ফুল আৰু বগা কাপোৰ আগবঢ়াওক। খীৰ বা গাখীৰেৰে তৈয়াৰী যিকোনো বগা মিঠাই আগবঢ়াওক আৰু দেৱী সৰস্বতীৰ আৰতি কৰক। ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা কৰিলে মাতৃ সৰস্বতীৰ চৰণত নিজৰ কিতাপ ৰাখিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী