--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মীয় গ্ৰন্থত কোৱা হৈছে যে ভগৱান শিৱক সন্তুষ্ট কৰাটো অতি সহজ। ভগৱান শিৱ মাত্ৰ এচলু পানী পালেও সুখী হয়, সেইবাবেই তেওঁক অতি দয়ালু বুলি কোৱা হয়। যদি আপুনি জীৱনত অসুখী আৰু আপোনাৰ বাটত আহি থকা সমস্যাৰ বাবে অশান্তি পাইছে, তেন্তে আপুনি বিশেষকৈ শিৱক পূজা কৰা উচিত। কিন্তু ভগৱান শিৱ যেনেদৰে সহজতে সন্তুষ্ট হয়, ঠিক তেনেদৰে খঙো উঠে সোনকালে। শাস্ত্ৰ মতে ঠগ আৰু প্ৰতাৰণা কৰা লোকৰ ওপৰত বেছি ক্ৰোধিত হয় ভগৱান শিৱ।

শিৱ পুৰাণত কোৱা হৈছে যে জীৱনত কৰা এই ৮টা পাপে ভগৱান শিৱক অতিশয় ক্ৰোধিত কৰে। কেৱল এয়াই নহয়, ভোলেনাথে নিজেই ব্যক্তিজনক এই পাপৰ শাস্তি দিয়ে আৰু কঠোৰ শাস্তি দিয়ে। এই ৮ পাপৰ বিষয়ে জানো আহক।

১) বিবাহ আৰু সংসাৰ ভাঙিবলৈ চেষ্টা কৰাৰ পাপঃ জ্যোতিষৰ মতে ভগৱান শিৱই এনে লোকক একেবাৰেই ভাল নাপায়, যিসকলে সম্পৰ্কত সততা নাৰাখে, তেনে লোকৰ প্ৰতি শিৱ ৰুষ্ট হয়। বিশেষকৈ আনৰ বৈবাহিক সংসাৰ ভাঙি পেলোৱা লোকসকলৰ ওপৰত খুব সোনকালে খং উঠে ভোলানাথৰ। যিসকলে আনৰ স্বামী, পত্নী পাবলৈ ইচ্ছা কৰে বা বেয়া চকু ৰাখে, তেওঁলোকক পাপীৰ শ্ৰেণীত ৰখা হৈছে।

২) টকা-পইচাৰ প্ৰতাৰণাৰ পাপঃ শিৱ পুৰাণত কোৱা হৈছে যে যিসকলে আনৰ ধন-সম্পত্তিৰ ওপৰত বেয়া দৃষ্টি ৰাখে বা ধনৰ অপব্যৱহাৰ, ধন-সম্পত্তি লুণ্ঠন কৰে, তেওঁলোককো পাপীৰ শ্ৰেণীত ৰখা হৈছে। ভগৱান শিৱৰ বাবে ই এক অক্ষমনীয় অপৰাধ বুলি গণ্য কৰা হয়।

৩) কষ্ট দিয়াৰ পাপঃ শিৱ পুৰাণত কোৱা হৈছে যে নিৰীহ মানুহ বা অমাত প্ৰাণীক আঘাত দিয়া ব্যক্তিজনক ভোলেনাথে কেতিয়াও ক্ষমা নকৰে। 

৪) ভুল পথত খোজ দিয়া পাপঃ জ্যোতিষৰ মতে কিছুমান মানুহ বহুবাৰ বিপথে পৰিচালিত হয়, কিন্তু যেতিয়া তেওঁলোকৰ সঠিক পথ প্ৰদৰ্শন হয় তেতিয়া তেওঁলোক পুনৰ সঠিক পথত আহে। কিন্তু কিছুমান মানুহে সঠিক পৰামৰ্শ দিলেও বেয়াৰ পক্ষ এৰি নাহে। ভুল পথত খোজ দিয়া লোকক পাপী বুলি গণ্য কৰা হয়।

৫) বেয়া চিন্তাৰ পাপঃ শিৱ পুৰাণত কোৱা হৈছে যে কাৰোবাৰ বেয়া কামনা কৰিলেও আৰু কাৰোবাৰ বাবে বেয়া চিন্তা কৰিলেও আপুনিও পাপৰ অংশীদাৰ। এনে লোককো কেতিয়াও শিৱই ক্ষমা নকৰে।

৬) গৰ্ভৱতী মহিলাক গালি পৰাঃ জ্যোতিষ শাস্ত্ৰৰ মতে যিকোনো গৰ্ভৱতী মহিলা বা ঋতুস্ৰাৱ হৈ থকা মহিলাক তিক্ত কথা কোৱা বা আঘাত দিয়াটো ভগৱান শিৱৰ দৃষ্টিত পাপ বুলি গণ্য কৰা হয়।

৭) ক্ষতি কৰিবলৈ মিছাৰ আশ্ৰয় লোৱাঃ  শিৱ পুৰাণৰ মতে কাৰোবাৰ সন্মানৰ ক্ষতি কৰিবলৈ মিছা কথা কোৱাটো প্ৰতাৰণাৰ শ্ৰেণীত আহে। গতিকে আপোনাৰ এই ভুলৰ শাস্তিৰ বাবে ভগৱান শিৱৰ কোনো ক্ষমা নাই।

৮) উৰাবাতৰি প্ৰচাৰ কৰাৰ পাপঃ জ্যোতিষৰ মতে সমাজত কাৰোবাৰ সুনাম ক্ষতি কৰা, পিঠিৰ পিছফালে কথা কোৱা, উৰাবাতৰি প্ৰচাৰ কৰা আদি কামকো পাপ বুলি গণ্য কৰা হয়। এনে মানুহকো শিৱই কঠোৰ শাস্তি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন