--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মীয় গ্ৰন্থত কোৱা হৈছে যে ভগৱান শিৱক সন্তুষ্ট কৰাটো অতি সহজ। ভগৱান শিৱ মাত্ৰ এচলু পানী পালেও সুখী হয়, সেইবাবেই তেওঁক অতি দয়ালু বুলি কোৱা হয়। যদি আপুনি জীৱনত অসুখী আৰু আপোনাৰ বাটত আহি থকা সমস্যাৰ বাবে অশান্তি পাইছে, তেন্তে আপুনি বিশেষকৈ শিৱক পূজা কৰা উচিত। কিন্তু ভগৱান শিৱ যেনেদৰে সহজতে সন্তুষ্ট হয়, ঠিক তেনেদৰে খঙো উঠে সোনকালে। শাস্ত্ৰ মতে ঠগ আৰু প্ৰতাৰণা কৰা লোকৰ ওপৰত বেছি ক্ৰোধিত হয় ভগৱান শিৱ।

শিৱ পুৰাণত কোৱা হৈছে যে জীৱনত কৰা এই ৮টা পাপে ভগৱান শিৱক অতিশয় ক্ৰোধিত কৰে। কেৱল এয়াই নহয়, ভোলেনাথে নিজেই ব্যক্তিজনক এই পাপৰ শাস্তি দিয়ে আৰু কঠোৰ শাস্তি দিয়ে। এই ৮ পাপৰ বিষয়ে জানো আহক।

১) বিবাহ আৰু সংসাৰ ভাঙিবলৈ চেষ্টা কৰাৰ পাপঃ জ্যোতিষৰ মতে ভগৱান শিৱই এনে লোকক একেবাৰেই ভাল নাপায়, যিসকলে সম্পৰ্কত সততা নাৰাখে, তেনে লোকৰ প্ৰতি শিৱ ৰুষ্ট হয়। বিশেষকৈ আনৰ বৈবাহিক সংসাৰ ভাঙি পেলোৱা লোকসকলৰ ওপৰত খুব সোনকালে খং উঠে ভোলানাথৰ। যিসকলে আনৰ স্বামী, পত্নী পাবলৈ ইচ্ছা কৰে বা বেয়া চকু ৰাখে, তেওঁলোকক পাপীৰ শ্ৰেণীত ৰখা হৈছে।

২) টকা-পইচাৰ প্ৰতাৰণাৰ পাপঃ শিৱ পুৰাণত কোৱা হৈছে যে যিসকলে আনৰ ধন-সম্পত্তিৰ ওপৰত বেয়া দৃষ্টি ৰাখে বা ধনৰ অপব্যৱহাৰ, ধন-সম্পত্তি লুণ্ঠন কৰে, তেওঁলোককো পাপীৰ শ্ৰেণীত ৰখা হৈছে। ভগৱান শিৱৰ বাবে ই এক অক্ষমনীয় অপৰাধ বুলি গণ্য কৰা হয়।

৩) কষ্ট দিয়াৰ পাপঃ শিৱ পুৰাণত কোৱা হৈছে যে নিৰীহ মানুহ বা অমাত প্ৰাণীক আঘাত দিয়া ব্যক্তিজনক ভোলেনাথে কেতিয়াও ক্ষমা নকৰে। 

৪) ভুল পথত খোজ দিয়া পাপঃ জ্যোতিষৰ মতে কিছুমান মানুহ বহুবাৰ বিপথে পৰিচালিত হয়, কিন্তু যেতিয়া তেওঁলোকৰ সঠিক পথ প্ৰদৰ্শন হয় তেতিয়া তেওঁলোক পুনৰ সঠিক পথত আহে। কিন্তু কিছুমান মানুহে সঠিক পৰামৰ্শ দিলেও বেয়াৰ পক্ষ এৰি নাহে। ভুল পথত খোজ দিয়া লোকক পাপী বুলি গণ্য কৰা হয়।

৫) বেয়া চিন্তাৰ পাপঃ শিৱ পুৰাণত কোৱা হৈছে যে কাৰোবাৰ বেয়া কামনা কৰিলেও আৰু কাৰোবাৰ বাবে বেয়া চিন্তা কৰিলেও আপুনিও পাপৰ অংশীদাৰ। এনে লোককো কেতিয়াও শিৱই ক্ষমা নকৰে।

৬) গৰ্ভৱতী মহিলাক গালি পৰাঃ জ্যোতিষ শাস্ত্ৰৰ মতে যিকোনো গৰ্ভৱতী মহিলা বা ঋতুস্ৰাৱ হৈ থকা মহিলাক তিক্ত কথা কোৱা বা আঘাত দিয়াটো ভগৱান শিৱৰ দৃষ্টিত পাপ বুলি গণ্য কৰা হয়।

৭) ক্ষতি কৰিবলৈ মিছাৰ আশ্ৰয় লোৱাঃ  শিৱ পুৰাণৰ মতে কাৰোবাৰ সন্মানৰ ক্ষতি কৰিবলৈ মিছা কথা কোৱাটো প্ৰতাৰণাৰ শ্ৰেণীত আহে। গতিকে আপোনাৰ এই ভুলৰ শাস্তিৰ বাবে ভগৱান শিৱৰ কোনো ক্ষমা নাই।

৮) উৰাবাতৰি প্ৰচাৰ কৰাৰ পাপঃ জ্যোতিষৰ মতে সমাজত কাৰোবাৰ সুনাম ক্ষতি কৰা, পিঠিৰ পিছফালে কথা কোৱা, উৰাবাতৰি প্ৰচাৰ কৰা আদি কামকো পাপ বুলি গণ্য কৰা হয়। এনে মানুহকো শিৱই কঠোৰ শাস্তি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ