--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’লে বহু ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়, যেনে-হাৰ্ট এটেক, ডায়েবেটিছ আৰু ৰক্তচাপো বৃদ্ধি পাব পাৰে। সেয়েহে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ। সঠিক খাদ্য আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ লগতে আমাৰ পাকঘৰতে থকা কিছুমান সামগ্ৰীৰ দ্বাৰা কেনেদৰে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।

 কলেষ্টেৰল কি?

শৰীৰৰ কোষৰ আৱৰণ, কিছুমান হৰম’ন আৰু ভিটামিন-ডি তৈয়াৰ কৰাৰ বাবে ই এক চৰ্বি বা মোমসদৃশ পদাৰ্থ।কলেষ্টেৰল দুই প্ৰকাৰৰ। এল ডি এল কলেষ্টেৰল আৰু এইচ ডি এল কলেষ্টেৰল এল ডি এল কলেষ্টেৰল লেতেৰা বুলি গণ্য কৰা হয়, কাৰণ ই শৰীৰত প্ৰকৃত সমস্যাৰ কাৰণ সৃষ্টি কৰে। আনহাতে HDL কলেষ্টেৰল শৰীৰৰ বাবে উপযোগী। যেতিয়া বেয়া কলেষ্টেৰেল বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া ই সিৰাত জমা হ’ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ ক্ষতি হৈ হাৰ্ট এটেক বা ষ্ট্ৰোকৰ আশংকাত ভুগিব পাৰে। গৰম পানী কলেষ্টেৰল হ্ৰাস কৰাৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

 ১. নহৰু আৰু গৰম পানী-নহৰু আৰু গৰম পানী খালে কলেষ্টেৰল হ্ৰাস হয়। উচ্চ কলেষ্টৰেলৰ সমস্যা দূৰ কৰাৰ সমান্তৰালকৈ ই হৃদৰোগৰ পৰাও সুৰক্ষিত কৰি ৰাখিব পাৰে। আপুনি এগিলাচ পানীত কেইফুটমান নহৰুৰ কলি দি ভালদৰে উতলাই লওক, তাৰ পাছত ঠাণ্ড হ’লে চেকি সেৱন কৰক। ই আপোনাৰ স্বাস্থ্যত বহু পৰিমাণে সহায় কৰিব।

২. ডালচেনি, মৌ আৰু গৰম পানীঃ-ডালচেনি আৰু মৌ গৰম পানীত মিহলাই খাব পাৰে। ইয়াৰ দ্বাৰা কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায়ক হয়। আধা লিটাৰ কুহুমীয়া পানী লৈ তাত ডালচেনিৰ গুড়ি আৰু মৌ মিহলাই খালে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা সম্ভৱ।

৩. হালধি আৰু গৰম পানীঃ-হালধি এন্টিচেপ্টিক আৰু এন্টিবেক্টেৰিয়েল গুণৰ বাবে জনাজাত।ইয়াৰ দ্বাৰা স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। কলেষ্টেৰল হ্ৰাস কৰিবলৈ হালধি এগিলাচ কুহুমীয়া পানীত মিহলাই খাব লাগে। ইয়াৰ দ্বাৰা কলেষ্টেৰল নিয়ন্ত্ৰিত হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি পাচনতন্ত্ৰ শক্তিশালী আৰু উন্নত কৰে।

৪. মৌ, নেমু আৰু গৰম পানীঃ-মৌ, নেমুৰ সৈতে গৰম পানী সেৱন কৰিলেও কলেষ্টেৰল হ্ৰাস পোৱাত সহায়ক হয়।আচলতে মৌত এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যাৰ ফলত বহু ৰোগ আঁতৰত থাকিব পাৰে। নেমুত ভিটামিন-চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

যদি আপোনাৰ কলেষ্টেৰল বহুত বৃদ্ধি পাইছে, তেন্তে কেৱল গৰম পানীৰ ওপৰত নিৰ্ভৰ নকৰি আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, নহ’লে সমস্যাটো জটিল হৈ পৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ