--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’লে বহু ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়, যেনে-হাৰ্ট এটেক, ডায়েবেটিছ আৰু ৰক্তচাপো বৃদ্ধি পাব পাৰে। সেয়েহে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ। সঠিক খাদ্য আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ লগতে আমাৰ পাকঘৰতে থকা কিছুমান সামগ্ৰীৰ দ্বাৰা কেনেদৰে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।

 কলেষ্টেৰল কি?

শৰীৰৰ কোষৰ আৱৰণ, কিছুমান হৰম’ন আৰু ভিটামিন-ডি তৈয়াৰ কৰাৰ বাবে ই এক চৰ্বি বা মোমসদৃশ পদাৰ্থ।কলেষ্টেৰল দুই প্ৰকাৰৰ। এল ডি এল কলেষ্টেৰল আৰু এইচ ডি এল কলেষ্টেৰল এল ডি এল কলেষ্টেৰল লেতেৰা বুলি গণ্য কৰা হয়, কাৰণ ই শৰীৰত প্ৰকৃত সমস্যাৰ কাৰণ সৃষ্টি কৰে। আনহাতে HDL কলেষ্টেৰল শৰীৰৰ বাবে উপযোগী। যেতিয়া বেয়া কলেষ্টেৰেল বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া ই সিৰাত জমা হ’ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ ক্ষতি হৈ হাৰ্ট এটেক বা ষ্ট্ৰোকৰ আশংকাত ভুগিব পাৰে। গৰম পানী কলেষ্টেৰল হ্ৰাস কৰাৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

 ১. নহৰু আৰু গৰম পানী-নহৰু আৰু গৰম পানী খালে কলেষ্টেৰল হ্ৰাস হয়। উচ্চ কলেষ্টৰেলৰ সমস্যা দূৰ কৰাৰ সমান্তৰালকৈ ই হৃদৰোগৰ পৰাও সুৰক্ষিত কৰি ৰাখিব পাৰে। আপুনি এগিলাচ পানীত কেইফুটমান নহৰুৰ কলি দি ভালদৰে উতলাই লওক, তাৰ পাছত ঠাণ্ড হ’লে চেকি সেৱন কৰক। ই আপোনাৰ স্বাস্থ্যত বহু পৰিমাণে সহায় কৰিব।

২. ডালচেনি, মৌ আৰু গৰম পানীঃ-ডালচেনি আৰু মৌ গৰম পানীত মিহলাই খাব পাৰে। ইয়াৰ দ্বাৰা কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায়ক হয়। আধা লিটাৰ কুহুমীয়া পানী লৈ তাত ডালচেনিৰ গুড়ি আৰু মৌ মিহলাই খালে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা সম্ভৱ।

৩. হালধি আৰু গৰম পানীঃ-হালধি এন্টিচেপ্টিক আৰু এন্টিবেক্টেৰিয়েল গুণৰ বাবে জনাজাত।ইয়াৰ দ্বাৰা স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। কলেষ্টেৰল হ্ৰাস কৰিবলৈ হালধি এগিলাচ কুহুমীয়া পানীত মিহলাই খাব লাগে। ইয়াৰ দ্বাৰা কলেষ্টেৰল নিয়ন্ত্ৰিত হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি পাচনতন্ত্ৰ শক্তিশালী আৰু উন্নত কৰে।

৪. মৌ, নেমু আৰু গৰম পানীঃ-মৌ, নেমুৰ সৈতে গৰম পানী সেৱন কৰিলেও কলেষ্টেৰল হ্ৰাস পোৱাত সহায়ক হয়।আচলতে মৌত এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যাৰ ফলত বহু ৰোগ আঁতৰত থাকিব পাৰে। নেমুত ভিটামিন-চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

যদি আপোনাৰ কলেষ্টেৰল বহুত বৃদ্ধি পাইছে, তেন্তে কেৱল গৰম পানীৰ ওপৰত নিৰ্ভৰ নকৰি আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, নহ’লে সমস্যাটো জটিল হৈ পৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী