--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সোনকালেই জোয়া আখতাৰৰ নতুন ধাৰাবাহিক ‘দ্য আৰ্চিজ’ৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিব চুহানাই। ছবিখনৰ কাহিনী বিদেশী কমিক্সৰ পৰা অনুপ্ৰাণিত, আৰ্চি-ভেৰ’নিকা আৰু বেটীক ভাৰতলৈ অনা হ’ব ষাঠিৰ দশকত। এই ছবিখনত ভেৰ’নিকা লজৰ চৰিত্ৰত দেখা যাব শ্বাহৰুখৰ কন্যাক।

সৰুৰে পৰা কেমেৰাৰ সন্মুখত ডাঙৰ হৈ আহিছে সুহানাই। বহিঃৰাষ্ট্ৰত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দুখন চুটি ছবিও নিৰ্মাণ কৰিছে। কিন্তু জোয়া আখতাৰৰ চেটত উপস্থিত হোৱাৰ লগে লগে সুহানাই নিজকে নাৰ্ভাছ অনুভৱ কৰিছিল৷

শেহতীয়াকৈ মুম্বাইৰ এক অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল সুহানাক। তাত তেওঁ ক’লে শ্বুটিঙৰ প্ৰথম দিনটোৰ অভিজ্ঞতা।

শ্বাহৰুখৰ কন্যাৰ ভাষাত, "প্ৰথম দিনটোত ইমানবোৰ তাৰকা, ইমানবোৰ ক্ৰু, মই সকলোৰে মাজত হেৰাই যোৱা যেন অনুভৱ কৰিছো। প্ৰথম দিনাই চেট, লাইট, কেমেৰা, সাজ-পোছাক, অভিনয়ক লৈ বৰ নাৰ্ভাছ হৈ পৰিছিলো। তাৰোপৰি দায়িত্ববোধ এটাও ক’ৰবাত কাম কৰি আছিল। সকলোৱে হাত মিলাই জোয়াৰ চিন্তাধাৰা কাৰ্যকৰী কৰিছে। কিন্তু চেটত থকা সকলোৱেই পৰিয়ালৰ দৰে আছিল। ফলত কামটো সহজ হৈ পৰে।’’

সুহানাই সমালোচনাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। মাক আৰু পিতৃয়েই তেওঁৰ জীৱনৰ প্ৰেৰণা আৰু চালিকা শক্তি বুলিও তেওঁ কয়। ‘দ্য আৰ্চিজ’ ছবিখন মুক্তি পোৱাৰ পিছতে সুহানাই ডাঙৰ পৰ্দাত অভিষেক ঘটোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক