--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন বেটিং এপ ‘মহাদেৱ গেমিং-বেটিং এপ’ গোচৰত পোহৰলৈ আহিছে বলীউডৰ বহু পৰিচিত তাৰকাৰ নাম। এতিয়ালৈকে এই গোচৰত ৰণবীৰ কাপুৰক জেৰা কৰা হৈছে। এতিয়া ইয়াত হুমা কুৰেশী, কপিল শৰ্মা আৰু হিনা খানৰ নামো দেখা গৈছে। মহাদেৱ বেটিং এপ গোচৰৰ এই তিনিগৰাকী চেলিব্ৰিটিকো জেৰা কৰিব বলবৎকাৰী সঞ্চালকালয়ে। 

ইডিয়ে কেতিয়া এই কাম কৰিব সেই সন্দৰ্ভত এতিয়াও কোনো আপডেট হোৱা নাই। বৰ্তমান এই গোচৰত নাম সাঙুৰ খাইছে শ্ৰদ্ধা কাপুৰৰ। ইডিয়ে বহু বিখ্যাত তাৰকালৈ চমন প্ৰেৰণ কৰি সোধা-পোছাৰ বাবে ফোন কৰিছে, ইয়াৰে এগৰাকী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ। এই গোচৰত অভিনেত্ৰীগৰাকীক চমন কৰা হৈছে। কোৱা হৈছে যে আজি তাই ইডি অফিচলৈ যাব পাৰিব। ইডিয়ে তেওঁক ৬ অক্টোবৰত সোধা-পোছা কৰিবৰ বাবে মাতিছে।

অভিনেত্ৰীগৰাকীক আজি অৰ্থাৎ ৬ অক্টোবৰত ৰায়পুৰৰ ইডি কাৰ্যালয়ত জেৰাৰ বাবে মাতি অনা হৈছে। একে সময়তে কপিল শৰ্মাকে ধৰি আন তাৰকাক বিভিন্ন তাৰিখত ইডি কাৰ্যালয়লৈ জেৰাৰ বাবে মাতি অনা হৈছে।

মহাদেৱ এপ কেলেংকাৰীত কিয় আবদ্ধ বলীউড?

তথ্য অনুসৰি মহাদেৱ গেমিং এপ হৈছে এনে এক প্লেটফৰ্ম য’ত অবৈধ বাজি সংঘটিত হয়। এই ধন সৰবৰাহৰ গোচৰত তাৰকাসকল আবদ্ধ হৈ পৰিছে কাৰণ এই এপটোৰ প্ৰচাৰ কৰি ইয়াৰ পৰা বিপুল ধন উপাৰ্জন কৰা বুলি কোৱা হৈছে। এই গোচৰত কপিল শৰ্মা, হুমা কুৰেশী, হিনা খান, ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰক জেৰা কৰা হ’ব।

কেৱল এয়াই নহয়, কোৱা হৈছে যে এই এপৰ মালিকৰ বিয়াত অংশগ্ৰহণ কৰা তাৰকাসকলকো জেৰাৰ বাবে মাতি অনা হ’ব, য’ত আছে টাইগাৰ শ্ৰফ, ছানি লিয়ন, নেহা কক্কৰ, আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, আলী আছগাৰ, বিশাল দাদলানী , ভাৰতী সিং, ভাগ্যশ্ৰী, কৃতি খাৰবান্দা, নুছৰত ভৰুচা আদি তাৰকা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ