--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন বেটিং এপ ‘মহাদেৱ গেমিং-বেটিং এপ’ গোচৰত পোহৰলৈ আহিছে বলীউডৰ বহু পৰিচিত তাৰকাৰ নাম। এতিয়ালৈকে এই গোচৰত ৰণবীৰ কাপুৰক জেৰা কৰা হৈছে। এতিয়া ইয়াত হুমা কুৰেশী, কপিল শৰ্মা আৰু হিনা খানৰ নামো দেখা গৈছে। মহাদেৱ বেটিং এপ গোচৰৰ এই তিনিগৰাকী চেলিব্ৰিটিকো জেৰা কৰিব বলবৎকাৰী সঞ্চালকালয়ে। 

ইডিয়ে কেতিয়া এই কাম কৰিব সেই সন্দৰ্ভত এতিয়াও কোনো আপডেট হোৱা নাই। বৰ্তমান এই গোচৰত নাম সাঙুৰ খাইছে শ্ৰদ্ধা কাপুৰৰ। ইডিয়ে বহু বিখ্যাত তাৰকালৈ চমন প্ৰেৰণ কৰি সোধা-পোছাৰ বাবে ফোন কৰিছে, ইয়াৰে এগৰাকী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ। এই গোচৰত অভিনেত্ৰীগৰাকীক চমন কৰা হৈছে। কোৱা হৈছে যে আজি তাই ইডি অফিচলৈ যাব পাৰিব। ইডিয়ে তেওঁক ৬ অক্টোবৰত সোধা-পোছা কৰিবৰ বাবে মাতিছে।

অভিনেত্ৰীগৰাকীক আজি অৰ্থাৎ ৬ অক্টোবৰত ৰায়পুৰৰ ইডি কাৰ্যালয়ত জেৰাৰ বাবে মাতি অনা হৈছে। একে সময়তে কপিল শৰ্মাকে ধৰি আন তাৰকাক বিভিন্ন তাৰিখত ইডি কাৰ্যালয়লৈ জেৰাৰ বাবে মাতি অনা হৈছে।

মহাদেৱ এপ কেলেংকাৰীত কিয় আবদ্ধ বলীউড?

তথ্য অনুসৰি মহাদেৱ গেমিং এপ হৈছে এনে এক প্লেটফৰ্ম য’ত অবৈধ বাজি সংঘটিত হয়। এই ধন সৰবৰাহৰ গোচৰত তাৰকাসকল আবদ্ধ হৈ পৰিছে কাৰণ এই এপটোৰ প্ৰচাৰ কৰি ইয়াৰ পৰা বিপুল ধন উপাৰ্জন কৰা বুলি কোৱা হৈছে। এই গোচৰত কপিল শৰ্মা, হুমা কুৰেশী, হিনা খান, ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰক জেৰা কৰা হ’ব।

কেৱল এয়াই নহয়, কোৱা হৈছে যে এই এপৰ মালিকৰ বিয়াত অংশগ্ৰহণ কৰা তাৰকাসকলকো জেৰাৰ বাবে মাতি অনা হ’ব, য’ত আছে টাইগাৰ শ্ৰফ, ছানি লিয়ন, নেহা কক্কৰ, আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, আলী আছগাৰ, বিশাল দাদলানী , ভাৰতী সিং, ভাগ্যশ্ৰী, কৃতি খাৰবান্দা, নুছৰত ভৰুচা আদি তাৰকা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু