--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষটো বলীউডৰ কিং শ্বাহৰূখ খানৰ বাবে অতি সফল হিচাপে বিবেচিত হৈছে। চলিত বছৰৰ আৰম্ভণিতে অভিনেতাগৰাকীৰ ছবি ‘পাঠান’ বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয়। শ্বাহৰূখ খানৰ ছবি জৱানো বছৰৰ মাজভাগত মেগা ব্লকবাষ্টাৰ হিচাপে চিহ্নিত হয় আৰু এতিয়া বছৰৰ শেষত মুক্তি পাবলৈ গৈ আছে কিং খানৰ ছবি ‘ডাংকি’। এনে পৰিস্থিতিত ছবিখন মুক্তিৰ কিছুদিন পূৰ্বে শ্বাহৰূখ খান আকৌ এবাৰ মা বৈষ্ণো দেৱীৰ মন্দিৰত সেৱা আগবঢ়াবলৈ উপস্থিত হয়।

শ্বাহৰূখ খানৰ তৃতীয়খন ছবি ‘ডাংকি’ এইবাৰ মুক্তিৰ বাবে সাজু হৈছে। ছবিখন মুক্তিৰ কিছুদিন পূৰ্বে মা বৈষ্ণো দেৱীৰ মন্দিৰত দৰ্শন কৰিবলৈ উপস্থিত হৈছে কিং খান। মঙলবাৰে অৰ্থাৎ আজি পুৱা মাৰ দৰবাৰত কিং খানক দেখা গ’ল। ছ’চিয়েল মিডিয়াত ওলোৱা ভিডিঅ’টোত শ্বাহৰুখ খানে গাঢ় চশমা আৰু একে ৰঙৰ জেকেট পিন্ধি নিজৰ পৰিচয় লুকুৱাই ৰখা দেখা গৈছে।এই সময়ছোৱাত অভিনেতাজনক তেওঁৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছিল। নিউজ এজেন্সী পিটিআইয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত লিখিছে- “আজি বলীউডৰ অভিনেতা শ্বাহৰূখ খানে মা বৈষ্ণো দেৱী মন্দিৰ পৰিদৰ্শন কৰিছিল।”

 


অহা ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘ডাংকি’। এই ছবিখনৰ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে। শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ পোষ্টাৰ আৰু টিজাৰ মুকলি কৰি অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰিছে। ছবিখনৰ তাৰকা অভিনেতাৰ কথা ক’বলৈ গ’লে শ্বাহৰূখ খানৰ বাহিৰেও তাপসী পান্নু, বিকি কৌশলকে ধৰি বহু অভিনেতাই ‘ডাংকি’ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ছবিখনে বক্স অফিচত প্ৰভাসৰ ‘ছালাৰ’ৰ সৈতে মুুক্তিলাভ কৰিব। বৰ্তমান সময়ত কিং খানৰ অনুৰাগীসকল আশাবাদী যে ‘ডাংকিয়ে’ ছবিগৃহতো উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান