--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষটো বলীউডৰ কিং শ্বাহৰূখ খানৰ বাবে অতি সফল হিচাপে বিবেচিত হৈছে। চলিত বছৰৰ আৰম্ভণিতে অভিনেতাগৰাকীৰ ছবি ‘পাঠান’ বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয়। শ্বাহৰূখ খানৰ ছবি জৱানো বছৰৰ মাজভাগত মেগা ব্লকবাষ্টাৰ হিচাপে চিহ্নিত হয় আৰু এতিয়া বছৰৰ শেষত মুক্তি পাবলৈ গৈ আছে কিং খানৰ ছবি ‘ডাংকি’। এনে পৰিস্থিতিত ছবিখন মুক্তিৰ কিছুদিন পূৰ্বে শ্বাহৰূখ খান আকৌ এবাৰ মা বৈষ্ণো দেৱীৰ মন্দিৰত সেৱা আগবঢ়াবলৈ উপস্থিত হয়।

শ্বাহৰূখ খানৰ তৃতীয়খন ছবি ‘ডাংকি’ এইবাৰ মুক্তিৰ বাবে সাজু হৈছে। ছবিখন মুক্তিৰ কিছুদিন পূৰ্বে মা বৈষ্ণো দেৱীৰ মন্দিৰত দৰ্শন কৰিবলৈ উপস্থিত হৈছে কিং খান। মঙলবাৰে অৰ্থাৎ আজি পুৱা মাৰ দৰবাৰত কিং খানক দেখা গ’ল। ছ’চিয়েল মিডিয়াত ওলোৱা ভিডিঅ’টোত শ্বাহৰুখ খানে গাঢ় চশমা আৰু একে ৰঙৰ জেকেট পিন্ধি নিজৰ পৰিচয় লুকুৱাই ৰখা দেখা গৈছে।এই সময়ছোৱাত অভিনেতাজনক তেওঁৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছিল। নিউজ এজেন্সী পিটিআইয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত লিখিছে- “আজি বলীউডৰ অভিনেতা শ্বাহৰূখ খানে মা বৈষ্ণো দেৱী মন্দিৰ পৰিদৰ্শন কৰিছিল।”

 


অহা ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘ডাংকি’। এই ছবিখনৰ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে। শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ পোষ্টাৰ আৰু টিজাৰ মুকলি কৰি অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰিছে। ছবিখনৰ তাৰকা অভিনেতাৰ কথা ক’বলৈ গ’লে শ্বাহৰূখ খানৰ বাহিৰেও তাপসী পান্নু, বিকি কৌশলকে ধৰি বহু অভিনেতাই ‘ডাংকি’ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ছবিখনে বক্স অফিচত প্ৰভাসৰ ‘ছালাৰ’ৰ সৈতে মুুক্তিলাভ কৰিব। বৰ্তমান সময়ত কিং খানৰ অনুৰাগীসকল আশাবাদী যে ‘ডাংকিয়ে’ ছবিগৃহতো উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক