--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান নিউজিলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাৰ বাবে বেটছমেন বিৰাট কোহলী টিম ইণ্ডিয়াৰ অংশ। ইয়াৰ বাবে তেওঁ আৰু দলৰ বহু খেলুৱৈ ৰাহুল আৰু আথিয়াৰ বিয়াত উপস্থিত হ’ব নোৱাৰিলে। যদিও বিৰাটে পঠোৱা মৰমৰ উপহাৰ ৰাহুলে লাভ কৰিছিল।

টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন কে এল ৰাহুল আৰু বলীউডৰ অভিনেত্ৰী আথিয়া শ্বেট্টীয়ে বিবাহপাশত আবদ্ধ হৈছে। দুয়োৰে বিয়া হৈছিল খাণ্ডালাৰ শ্বেট্টী পৰিয়ালৰ বাংলোত। নিৰাপত্তাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা অতি কংক্ৰিট কৰা হৈছিল। অতিথিসকলৰ বাবে ৫ষ্টাৰযুক্ত হোটেল এখনো বুকিং কৰা হৈছিল। ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই হয়তো বিয়াত উপনীত হ’ব নোৱাৰিলে, কিন্তু তেওঁলোকে এই দম্পতীক উপহাৰ দিছে। তেওঁলোকৰ উপৰি চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক তথা তেওঁৰ নেতৃত্বত ভাৰতক ২টা বিশ্বকাপ জয় কৰা মহেন্দ্ৰ সিং ধোনিয়েও ৰাহুল-আথিয়াক উপহাৰ দিছে।

বৰ্তমান নিউজিলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাৰ অংশ বিৰাট কোহলী। ইয়াৰ বাবেই তেওঁ আৰু দলৰ বাকীসকলে ৰাহুলৰ বিয়াত উপস্থিত হ’ব নোৱাৰিলে। যদিও বিৰাটৰ উপহাৰ ৰাহুলে লাভ কৰিছিল। ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও ৰাহুলক বিশেষ উপহাৰ দিয়ে।

বিৰাট কোহলীয়ে ৰাহুল আৰু আথিয়াক উপহাৰ দিছে এখন বিশেষ গাড়ী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উক্ত গাড়ীখন বিএমডব্লিউ কোম্পানীৰ, য’ত ক্ৰিকেট আৰু ছবিৰ সংমিশ্ৰণেৰে নিৰ্মিত গ্ৰাফিক্সো আছে। এই বিশেষ গাড়ীখনৰ মূল্য প্ৰায় ২.১৭ কোটি টকা বুলি কোৱা হৈছে।

২০০৭ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বৰ অধিনায়কত্বত ভাৰতীয় দলৰ খিতাপ দখল কৰা ধোনী ৰাহুল আৰু আথিয়াৰ বিয়াত উপস্থিত হয়। ঘৰৰ এজন জ্যেষ্ঠ সদস্য হিচাপে দায়িত্ব লৈ দম্পতীহালক আশীৰ্বাদ দিলে। ইয়াৰ উপৰিও ৰাহুলক উপহাৰ হিচাপে দিয়া হৈছে কাৱাছাকি নিঞ্জা বাইক। এই বাইকখনৰ বজাৰ মূল্য প্ৰায় ৮০ লাখ টকা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?