--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ মৃত্যুৰ পিছত তেওঁ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। কেৱল সেয়াই নহয়, বাৰে বাৰে নিজকে শেষ কৰাৰ চিন্তাই তেওঁক আগুৰি ধৰিছিল। কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁক সেই ভাৱনাৰ পৰা আঁতৰি আহিবলৈ সহায় কৰিছিল। কানাড়া অভিনেত্ৰী দিব্যা স্পন্দনাই এক সাক্ষাৎকাৰত এনে দাবী কৰে।

সেই কঠিন পৰিস্থিতিৰ পৰা কেনেকৈ ওলাই আহিছিল, সেই সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল লোকসভাৰ প্ৰাক্তন সাংসদ দিব্যাই। কংগ্ৰেছৰ মুখপাত্ৰ স্পন্দনাই কয়, ‘মোৰ পিতৃৰ মৃত্যুৰ দুসপ্তাহৰ পিছতে মই সংসদলৈ গৈছিলো। তেতিয়াও মই শোকৰ মুহূৰ্তটো পাৰ কৰিব পৰা নাছিলো। সংসদত কি চলি আছে মই বুজিব পৰা নাছিলো।"

কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে পিতৃৰ মৃত্যুৰ শোকে তেওঁক এনেদৰে আগুৰি ধৰিলে যে তেওঁ কামত মনোনিৱেশ কৰিব নোৱাৰিছিল। নিৰ্বাচনতো তেওঁ পৰাজিত হয়। পিতৃৰ মৃত্যু তেওঁৰ বাবে এটা ডাঙৰ আঘাত আছিল, তেওঁৰ নিৰ্বাচনী পৰাজয়ে আৰু অধিক আঘাত কৰিছিল। সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আত্মহত্যাই একমাত্ৰ উপায়। সেই মুহূৰ্ততে ৰাহুল তেওঁৰ কাষলৈ আহিল। ৰাহুল গান্ধীয়ে তেওঁক মানসিকভাৱে যথেষ্ট সহায় কৰিলে। আত্মহত্যাৰ চিন্তাৰ পৰা আঁতৰাই নিলে।

স্পন্দনাই কয়, "মোৰ জীৱনত আটাইতকৈ ডাঙৰ প্ৰভাৱ মোৰ মা, তাৰ পিছতে মোৰ দেউতা আৰু তৃতীয়তে ৰাহুল গান্ধী।" কানাড়া অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে সেইদিনা ৰাহুলে তেওঁৰ কাষত থিয় নোহোৱা হ’লে আজি জীয়াই নাথাকিলেহেঁতেন।

২০১২ চনত যুৱ কংগ্ৰেছত যোগদান কৰিছিল স্পন্দনাই। ২০১৩ চনৰ উপ-নিৰ্বাচনত তেওঁ কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা জয়লাভ কৰি সাংসদ হৈছিল। কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া চেলৰ মুৰব্বী আছিল স্পন্দনা। পিছত সেই পদৰ পৰা পদত্যাগ কৰে। কানাড়া অভিনেত্ৰীগৰাকীয়েও যোৱা বছৰ অভিনয়লৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ