--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ মৃত্যুৰ পিছত তেওঁ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। কেৱল সেয়াই নহয়, বাৰে বাৰে নিজকে শেষ কৰাৰ চিন্তাই তেওঁক আগুৰি ধৰিছিল। কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁক সেই ভাৱনাৰ পৰা আঁতৰি আহিবলৈ সহায় কৰিছিল। কানাড়া অভিনেত্ৰী দিব্যা স্পন্দনাই এক সাক্ষাৎকাৰত এনে দাবী কৰে।

সেই কঠিন পৰিস্থিতিৰ পৰা কেনেকৈ ওলাই আহিছিল, সেই সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল লোকসভাৰ প্ৰাক্তন সাংসদ দিব্যাই। কংগ্ৰেছৰ মুখপাত্ৰ স্পন্দনাই কয়, ‘মোৰ পিতৃৰ মৃত্যুৰ দুসপ্তাহৰ পিছতে মই সংসদলৈ গৈছিলো। তেতিয়াও মই শোকৰ মুহূৰ্তটো পাৰ কৰিব পৰা নাছিলো। সংসদত কি চলি আছে মই বুজিব পৰা নাছিলো।"

কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে পিতৃৰ মৃত্যুৰ শোকে তেওঁক এনেদৰে আগুৰি ধৰিলে যে তেওঁ কামত মনোনিৱেশ কৰিব নোৱাৰিছিল। নিৰ্বাচনতো তেওঁ পৰাজিত হয়। পিতৃৰ মৃত্যু তেওঁৰ বাবে এটা ডাঙৰ আঘাত আছিল, তেওঁৰ নিৰ্বাচনী পৰাজয়ে আৰু অধিক আঘাত কৰিছিল। সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আত্মহত্যাই একমাত্ৰ উপায়। সেই মুহূৰ্ততে ৰাহুল তেওঁৰ কাষলৈ আহিল। ৰাহুল গান্ধীয়ে তেওঁক মানসিকভাৱে যথেষ্ট সহায় কৰিলে। আত্মহত্যাৰ চিন্তাৰ পৰা আঁতৰাই নিলে।

স্পন্দনাই কয়, "মোৰ জীৱনত আটাইতকৈ ডাঙৰ প্ৰভাৱ মোৰ মা, তাৰ পিছতে মোৰ দেউতা আৰু তৃতীয়তে ৰাহুল গান্ধী।" কানাড়া অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে সেইদিনা ৰাহুলে তেওঁৰ কাষত থিয় নোহোৱা হ’লে আজি জীয়াই নাথাকিলেহেঁতেন।

২০১২ চনত যুৱ কংগ্ৰেছত যোগদান কৰিছিল স্পন্দনাই। ২০১৩ চনৰ উপ-নিৰ্বাচনত তেওঁ কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা জয়লাভ কৰি সাংসদ হৈছিল। কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া চেলৰ মুৰব্বী আছিল স্পন্দনা। পিছত সেই পদৰ পৰা পদত্যাগ কৰে। কানাড়া অভিনেত্ৰীগৰাকীয়েও যোৱা বছৰ অভিনয়লৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু