--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেমা মালিনীয়ে যেতিয়া বলীউডত ভৰি থৈছিল তেতিয়া নিজ ৰূপ-সৌন্দৰ্যৰে লাখ লাখ দৰ্শকক বলিয়া কৰাই নহয়, সুদৰ্শন অভিনেতা ধৰ্মেন্দ্ৰকো প্ৰেমত উন্মাদ কৰি তুলিছিল। ধৰ্মেন্দ্ৰ ইতিমধ্যে বিবাহিত আছিল আৰু তেওঁৰ চাৰিটা সন্তান আছিল। কিন্তু কোৱা হয় যে প্ৰেমে একো নামানে। ঠিক তেনেকুৱাই হ’ল ধৰ্মেন্দ্ৰৰ লগত। এতিয়া ধৰ্মেন্দ্ৰ-হেমাৰ সংসাৰে ৪৩ বছৰ পাৰ কৰিলে কিন্তু হেমা মালিনীয়ে আজিলৈকে শহুৰেকৰ ঘৰত ভৰি দি পোৱা নাই। 

হেমা মালিনী আৰু ধৰ্মেন্দ্ৰই যেতিয়া প্ৰেম বিবাহৰ সিদ্ধান্ত লৈছিল, তেতিয়া দুয়োৰে পৰিয়াল ইয়াৰ বাবে সাজু নাছিল। হেমা মালিনী অবিবাহিত আছিল যদিও ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ পৰিয়াল আছিল। ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নীৰ নাম প্ৰকাশ কৌৰ। প্ৰকাশ কৌৰৰ সৈতে কম বয়সতে ধৰ্মেন্দ্ৰক বিয়া পাতি দিয়ে পৰিয়ালৰ লোকে। এনে নহয় যে ধৰ্মেন্দ্ৰই প্ৰথম পত্নী প্ৰকাশ আৰু সন্তানক ভাল নাপায় কিন্তু তেওঁ হেমা মালিনীকো নিজৰ কৰি পাব বিচাৰিলে। তেওঁ যিকোনো পৰিস্থিতিত হেমাক নিজৰ পত্নী কৰি ল’ব বিচাৰিছিল।

১৯৭০ চনত হেমা মালিনী আৰু ধৰ্মেন্দ্ৰ প্ৰথমবাৰৰ বাবে ‘তুম হাছিন মে জৱান’ ছবিৰ চেটত লগ হৈছিল। ইয়াৰ পৰাই দুয়ো দুয়োৰে প্ৰতি আকৃষ্ট হৈ পৰিল। ধৰ্মেন্দ্ৰই ১৯৫৭ চনত প্ৰকাশ কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ছানী, ববী, বিজেতা, অজিতা নামৰ চাৰিটা সন্তানৰ পিতৃ হয়। ধৰ্মেন্দ্ৰই হেমাক বিয়া কৰাব বিচাৰিছিল যদিও প্ৰকাশ কৌৰে ধৰ্মেন্দ্ৰক বিবাহ বিচ্ছেদ নিদিয়ে বুলি স্পষ্টকৈ জনাই দিয়ে। এনে অৱস্থাত ধৰ্মেন্দ্ৰই ধৰ্ম সলনি কৰি ১৯৮০ চনত হেমা মালিনীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

হেমা মালিনী ধৰ্মেন্দ্ৰৰ জীৱনসংগী হৈ পৰিল যদিও কেতিয়াও শহুৰেকৰ ঘৰত ভৰি দি পোৱা নাই। হেমাক বিয়া কৰাই ধৰ্মেন্দ্ৰই তেওঁৰ বাবে ঘৰ কিনি প্ৰথম পত্নী আৰু তেওঁৰ পৰিয়ালৰ পৰা আঁতৰাই ৰাখিলে। বিয়াৰ সময়তে ধৰ্মেন্দ্ৰই চৰ্ত ৰাখিছিল যে হেমাই ধৰ্মেন্দ্ৰৰ পৰিয়ালটোৰ পৰা দূৰত থাকিব। যিটো হেমাই গোটেই জীৱন মানি চলিছিল। প্ৰকাশ কৌৰ আৰু সন্তানৰ পৰা ধৰ্মেন্দ্ৰক পৃথক কৰা নাছিল হেমাই, ইজনে সিজনক লগ পোৱাৰ পৰাও বাধা দিয়া নাছিল। ধৰ্মেন্দ্ৰইও দুয়োৰে পৰিয়ালৰ দায়িত্ব খুব ভালদৰে পালন কৰিছিল।

আপুনি জানি আচৰিত হ'ব যে হেমা মালিনীৰ ঘৰ আৰু তেওঁৰ শহুৰেকৰ ঘৰৰ মাজত মাত্ৰ ১০ মিনিটৰ ব্যৱধান কিন্তু হেমা কেতিয়াও তালৈ যোৱা নাই। স্বামীয়ে দিয়া চৰ্ত পূৰণ কৰি হেমাই নিজৰ সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখিছিল। হেমাই নিজৰ জীৱনীত কৈছে যে এবাৰ ধৰ্মেন্দ্ৰৰ মাকে কাকো খবৰ নিদিয়াকৈ হেমাক লগ কৰিবলৈ আহিছিল। শাহুৱেকৰ লগত হেমাৰ সম্পৰ্ক ভাল আছিল। ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী আৰু সন্তান এতিয়াও ইজনে সিজনৰ লগত সংযুক্ত হৈ আছে। ছানী দেওলে প্ৰায়ে দেউতাকৰ লগত ছুটীত ফুৰিবলৈ যায়। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু