--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেমা মালিনীয়ে যেতিয়া বলীউডত ভৰি থৈছিল তেতিয়া নিজ ৰূপ-সৌন্দৰ্যৰে লাখ লাখ দৰ্শকক বলিয়া কৰাই নহয়, সুদৰ্শন অভিনেতা ধৰ্মেন্দ্ৰকো প্ৰেমত উন্মাদ কৰি তুলিছিল। ধৰ্মেন্দ্ৰ ইতিমধ্যে বিবাহিত আছিল আৰু তেওঁৰ চাৰিটা সন্তান আছিল। কিন্তু কোৱা হয় যে প্ৰেমে একো নামানে। ঠিক তেনেকুৱাই হ’ল ধৰ্মেন্দ্ৰৰ লগত। এতিয়া ধৰ্মেন্দ্ৰ-হেমাৰ সংসাৰে ৪৩ বছৰ পাৰ কৰিলে কিন্তু হেমা মালিনীয়ে আজিলৈকে শহুৰেকৰ ঘৰত ভৰি দি পোৱা নাই। 

হেমা মালিনী আৰু ধৰ্মেন্দ্ৰই যেতিয়া প্ৰেম বিবাহৰ সিদ্ধান্ত লৈছিল, তেতিয়া দুয়োৰে পৰিয়াল ইয়াৰ বাবে সাজু নাছিল। হেমা মালিনী অবিবাহিত আছিল যদিও ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ পৰিয়াল আছিল। ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নীৰ নাম প্ৰকাশ কৌৰ। প্ৰকাশ কৌৰৰ সৈতে কম বয়সতে ধৰ্মেন্দ্ৰক বিয়া পাতি দিয়ে পৰিয়ালৰ লোকে। এনে নহয় যে ধৰ্মেন্দ্ৰই প্ৰথম পত্নী প্ৰকাশ আৰু সন্তানক ভাল নাপায় কিন্তু তেওঁ হেমা মালিনীকো নিজৰ কৰি পাব বিচাৰিলে। তেওঁ যিকোনো পৰিস্থিতিত হেমাক নিজৰ পত্নী কৰি ল’ব বিচাৰিছিল।

১৯৭০ চনত হেমা মালিনী আৰু ধৰ্মেন্দ্ৰ প্ৰথমবাৰৰ বাবে ‘তুম হাছিন মে জৱান’ ছবিৰ চেটত লগ হৈছিল। ইয়াৰ পৰাই দুয়ো দুয়োৰে প্ৰতি আকৃষ্ট হৈ পৰিল। ধৰ্মেন্দ্ৰই ১৯৫৭ চনত প্ৰকাশ কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ছানী, ববী, বিজেতা, অজিতা নামৰ চাৰিটা সন্তানৰ পিতৃ হয়। ধৰ্মেন্দ্ৰই হেমাক বিয়া কৰাব বিচাৰিছিল যদিও প্ৰকাশ কৌৰে ধৰ্মেন্দ্ৰক বিবাহ বিচ্ছেদ নিদিয়ে বুলি স্পষ্টকৈ জনাই দিয়ে। এনে অৱস্থাত ধৰ্মেন্দ্ৰই ধৰ্ম সলনি কৰি ১৯৮০ চনত হেমা মালিনীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

হেমা মালিনী ধৰ্মেন্দ্ৰৰ জীৱনসংগী হৈ পৰিল যদিও কেতিয়াও শহুৰেকৰ ঘৰত ভৰি দি পোৱা নাই। হেমাক বিয়া কৰাই ধৰ্মেন্দ্ৰই তেওঁৰ বাবে ঘৰ কিনি প্ৰথম পত্নী আৰু তেওঁৰ পৰিয়ালৰ পৰা আঁতৰাই ৰাখিলে। বিয়াৰ সময়তে ধৰ্মেন্দ্ৰই চৰ্ত ৰাখিছিল যে হেমাই ধৰ্মেন্দ্ৰৰ পৰিয়ালটোৰ পৰা দূৰত থাকিব। যিটো হেমাই গোটেই জীৱন মানি চলিছিল। প্ৰকাশ কৌৰ আৰু সন্তানৰ পৰা ধৰ্মেন্দ্ৰক পৃথক কৰা নাছিল হেমাই, ইজনে সিজনক লগ পোৱাৰ পৰাও বাধা দিয়া নাছিল। ধৰ্মেন্দ্ৰইও দুয়োৰে পৰিয়ালৰ দায়িত্ব খুব ভালদৰে পালন কৰিছিল।

আপুনি জানি আচৰিত হ'ব যে হেমা মালিনীৰ ঘৰ আৰু তেওঁৰ শহুৰেকৰ ঘৰৰ মাজত মাত্ৰ ১০ মিনিটৰ ব্যৱধান কিন্তু হেমা কেতিয়াও তালৈ যোৱা নাই। স্বামীয়ে দিয়া চৰ্ত পূৰণ কৰি হেমাই নিজৰ সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখিছিল। হেমাই নিজৰ জীৱনীত কৈছে যে এবাৰ ধৰ্মেন্দ্ৰৰ মাকে কাকো খবৰ নিদিয়াকৈ হেমাক লগ কৰিবলৈ আহিছিল। শাহুৱেকৰ লগত হেমাৰ সম্পৰ্ক ভাল আছিল। ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী আৰু সন্তান এতিয়াও ইজনে সিজনৰ লগত সংযুক্ত হৈ আছে। ছানী দেওলে প্ৰায়ে দেউতাকৰ লগত ছুটীত ফুৰিবলৈ যায়। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ