--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিয়ে দেওবাৰে প্ৰকাশ কৰিলে দলটোৰ ৯২জনীয়া পঞ্চমখন প্ৰাৰ্থী-তালিকা ঘোষণা৷ তালিকাত দেখা গৈছে কেইবাগৰাকীও ৰথী-মহাৰথীৰ নাম৷ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে৷ 

হিমাচল প্ৰদেশৰ মন্দী সমষ্টিত কংগনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে৷ একেদৰে, হাৰিয়ানাৰ কুৰুক্ষেত্ৰত নবীন জিণ্ডালক, কৰ্ণাটকৰ বেলগামত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জগদীশ শ্বেট্টাৰক৷ বেগুচৰাইত গিৰিৰাজ সিঙক, ৰবি শংকৰ প্ৰসাদক পাটনাৰ ছাহিবত, ডমকা সমষ্টিত সীতা ছোৰেনক আৰু মীৰাটত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে অৰুণ গোভিলক৷

প্ৰাৰ্থিত্ব বঞ্চিত হ’ল পিলভিতৰ সাংসদ বৰুণ গান্ধী৷ বৰুণ গান্ধীৰ স্থানত জিতিন প্ৰসাদক প্ৰাৰ্থিত্ব পিলভিতত৷ একেদৰে, চুলতানপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে মানেকা গান্ধীক৷

কিন্তু, দেশবাসীৰ দৃষ্টি নিবদ্ধ থাকিব কেৰালাৰ ৱায়ানাড সমষ্টিত৷ সমষ্টিটোত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ মুখামুখি হ’ব কে সুৰেন্দ্ৰনক৷ কে সুৰেন্দ্ৰনক ৱায়ানাডত বিজেপিয়ে দিলে নিৰ্বাচনী টিকট৷

দলটোৱে উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা, ৰাজস্থান, হাৰিয়ানা, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, কেৰালা, কৰ্ণাটক, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মিজোৰাম, ছিকিম, তেলেংগানা, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশৰ লোকসভা আসনৰ প্ৰাৰ্থীৰ নাম মুকলি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু