--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপদ ক্ৰমাৎ বৃদ্ধি পাইছে। সুৰা নীতি কেলেংকাৰীৰ গোচৰত বৃহস্পতিবাৰে গভীৰ নিশা কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ইডিৰ দলে। ইডিৰ যুটীয়া সঞ্চালকগৰাকীয়ে তেওঁৰ দলৰ সৈতে নিজেই অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হৈ জেৰা কৰে। ইয়াৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। 

দৰাচলতে ২ নৱেম্বৰৰ পৰা ২১ মাৰ্চৰ ভিতৰত ইডিয়ে অৰবিন্দ কেজৰিৱাললৈ সোধা-পোছাৰ বাবে ৯টা চমন প্ৰেৰণ কৰিছিল। কিন্তু কেজৰিৱাল ইডিৰ আগত হাজিৰ হোৱা নাছিল। অৰবিন্দ কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়তো আৱেদন দাখিল কৰি তেওঁ যদি ইডিৰ সন্মুখত সোধা-পোছাৰ বাবে হাজিৰ হয় তেন্তে তেওঁক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিব লাগে বুলি দাবী জনাইছিল। অৱশ্যে উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নাপালে কেজৰিৱালে।

সুৰা নীতি কেলেংকাৰীৰ অভিযোগত ইতিমধ্যে আম আদমী পাৰ্টিৰ দুই নেতা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং কাৰাগাৰত বন্দী হৈ আছে। এতিয়া কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি আম আদমী পাৰ্টিৰ ষ্টাৰ ষ্ট্ৰেটেজিষ্টক গ্ৰেপ্তাৰ কৰা হৈছে, তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু দিল্লী-পঞ্জাৱত দলটোৰ কি হ’ব।

দৰাচলতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া দলৰ ডাঙৰ ডাঙৰ মুখ ভগৱন্ত মান, আতিশী, সৌৰভ ভৰদ্বাজ আৰু ৰাঘৱ চাড্ডাৰ ওপৰত পৰিছে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব। কেজৰিৱালৰ পত্নীয়েও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কেজৰিৱালক দলৰ চাণক্য বুলি কোৱা হয় আৰু এতিয়া গ্ৰেপ্তাৰৰ লগে লগে আপৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। মনীষ ছিছ’দিয়া আৰু সঞ্জয় সিঙৰ গ্ৰেপ্তাৰৰ মূলধন হিচাপে লোৱাৰ দৰেই আগন্তুক লোকসভা নিৰ্বাচনত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিষয়টোৰ মূলধন হিচাপে উক্ত দলৰ নেতাসকলে চেষ্টা কৰিব। ভুক্তভোগী হৈ জনসাধাৰণৰ মাজত সহানুভূতি লাভ কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ ইয়াৰ মূলধন হিচাপে দলটোৱে নিৰ্বাচনী সুবিধা ল’বলৈ চেষ্টা কৰিব। অৱশ্যে লোকসভা নিৰ্বাচনত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাত দলটো কিমান লাভৱান হ’ব সেয়া সময়েহে ক’ব।

গ্ৰেপ্তাৰৰ পৰা ৰক্ষাকৱচ লাভ কৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে?

সংবিধান অনুসৰি দেশৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যৰ ৰাজ্যপালসকলে দেৱানী আৰু অপৰাধমূলক দুয়োটা গোচৰৰ পৰা ৰেহাই লাভ কৰে। কিন্তু মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ কার্যকালত এই ৰেহাইৰ অধীনলৈ নাহে৷ বৰ্তমান এই পদত অধিষ্ঠিত কোনো মুখ্যমন্ত্ৰীক ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা নাই। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে পশুখাদ্য কেলেংকাৰিৰ সৈতে জড়িত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। লালুৰ আত্মসমৰ্পণৰ পূৰ্বে তেওঁৰ পত্নী ৰাবৰি দেৱীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰায় ৫০ দিন পূৰ্বে ঝাৰখণ্ডতো একেই কথা দেখা গৈছিল। ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল হেমন্ত ছ’ৰেনে। চম্পাই ছ’ৰেনে তেওঁৰ ঠাইত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু