--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপদ ক্ৰমাৎ বৃদ্ধি পাইছে। সুৰা নীতি কেলেংকাৰীৰ গোচৰত বৃহস্পতিবাৰে গভীৰ নিশা কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ইডিৰ দলে। ইডিৰ যুটীয়া সঞ্চালকগৰাকীয়ে তেওঁৰ দলৰ সৈতে নিজেই অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হৈ জেৰা কৰে। ইয়াৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। 

দৰাচলতে ২ নৱেম্বৰৰ পৰা ২১ মাৰ্চৰ ভিতৰত ইডিয়ে অৰবিন্দ কেজৰিৱাললৈ সোধা-পোছাৰ বাবে ৯টা চমন প্ৰেৰণ কৰিছিল। কিন্তু কেজৰিৱাল ইডিৰ আগত হাজিৰ হোৱা নাছিল। অৰবিন্দ কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়তো আৱেদন দাখিল কৰি তেওঁ যদি ইডিৰ সন্মুখত সোধা-পোছাৰ বাবে হাজিৰ হয় তেন্তে তেওঁক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিব লাগে বুলি দাবী জনাইছিল। অৱশ্যে উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নাপালে কেজৰিৱালে।

সুৰা নীতি কেলেংকাৰীৰ অভিযোগত ইতিমধ্যে আম আদমী পাৰ্টিৰ দুই নেতা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং কাৰাগাৰত বন্দী হৈ আছে। এতিয়া কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি আম আদমী পাৰ্টিৰ ষ্টাৰ ষ্ট্ৰেটেজিষ্টক গ্ৰেপ্তাৰ কৰা হৈছে, তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু দিল্লী-পঞ্জাৱত দলটোৰ কি হ’ব।

দৰাচলতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া দলৰ ডাঙৰ ডাঙৰ মুখ ভগৱন্ত মান, আতিশী, সৌৰভ ভৰদ্বাজ আৰু ৰাঘৱ চাড্ডাৰ ওপৰত পৰিছে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব। কেজৰিৱালৰ পত্নীয়েও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কেজৰিৱালক দলৰ চাণক্য বুলি কোৱা হয় আৰু এতিয়া গ্ৰেপ্তাৰৰ লগে লগে আপৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। মনীষ ছিছ’দিয়া আৰু সঞ্জয় সিঙৰ গ্ৰেপ্তাৰৰ মূলধন হিচাপে লোৱাৰ দৰেই আগন্তুক লোকসভা নিৰ্বাচনত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিষয়টোৰ মূলধন হিচাপে উক্ত দলৰ নেতাসকলে চেষ্টা কৰিব। ভুক্তভোগী হৈ জনসাধাৰণৰ মাজত সহানুভূতি লাভ কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ ইয়াৰ মূলধন হিচাপে দলটোৱে নিৰ্বাচনী সুবিধা ল’বলৈ চেষ্টা কৰিব। অৱশ্যে লোকসভা নিৰ্বাচনত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাত দলটো কিমান লাভৱান হ’ব সেয়া সময়েহে ক’ব।

গ্ৰেপ্তাৰৰ পৰা ৰক্ষাকৱচ লাভ কৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে?

সংবিধান অনুসৰি দেশৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যৰ ৰাজ্যপালসকলে দেৱানী আৰু অপৰাধমূলক দুয়োটা গোচৰৰ পৰা ৰেহাই লাভ কৰে। কিন্তু মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ কার্যকালত এই ৰেহাইৰ অধীনলৈ নাহে৷ বৰ্তমান এই পদত অধিষ্ঠিত কোনো মুখ্যমন্ত্ৰীক ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা নাই। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে পশুখাদ্য কেলেংকাৰিৰ সৈতে জড়িত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। লালুৰ আত্মসমৰ্পণৰ পূৰ্বে তেওঁৰ পত্নী ৰাবৰি দেৱীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰায় ৫০ দিন পূৰ্বে ঝাৰখণ্ডতো একেই কথা দেখা গৈছিল। ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল হেমন্ত ছ’ৰেনে। চম্পাই ছ’ৰেনে তেওঁৰ ঠাইত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ