--°C
Loading...
Listen to Article
2 min read
80%
ডিডিটেল ডেস্ক: পঞ্চ ন্যায়ৰ অধীনত কংগ্ৰেছে দিলে ২৫টা গেৰাণ্টী। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক ২৫টা প্ৰতিশ্ৰুতি প্ৰদানেৰে সাজু হৈছে কংগ্ৰেছ। আজি কংগ্ৰেছে প্ৰকাশ কৰিলে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ ‘ন্যায় পত্ৰ’। নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৪৮ পৃষ্ঠাৰ ঘোষণা পত্ৰ প্ৰকাশ কৰাৰ সময়ত উপস্থিত আছিল কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেৰ লগতে ঘোষণা পত্ৰ প্ৰস্তুত কৰা পি চিদাম্বৰণৰ দৰে নেতাসকল। 

যুৱ ন্যায়, নাৰী ন্যায়, শ্ৰমিক ন্যায়, কৃষক ন্যায় আৰু অংশীদাৰিত্ব ন্যায়ৰ অধীনত ২৫টা প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৃষ্ট কৰাৰ প্ৰচেষ্টা চলাব কংগ্ৰেছে। শ্ৰমিকৰ বাবে দৈনিক ৪০০ টকাৰ মজুৰি, দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ বাবে প্ৰতিবছৰে ১ লাখ টকাৰ সাহায্য, MSPক আইনী মৰ্যাদা প্ৰদান তথা জাতিপিয়লৰ প্ৰতিশ্ৰুতিৰে আজি কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ঘোষণা পত্ৰ।

য’ত দেশৰ মূল বিৰোধী দলটোৱে গুৰুত্ব প্ৰদান কৰিলে দেশৰ যুৱ প্ৰজন্ম, নাৰী শক্তি, শ্ৰমিক আৰু কৃষকৰ ওপৰত। যুৱ প্ৰজন্মৰ বাবে এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ আইনৰ নিশ্চয়তা প্ৰদান কংগ্ৰেছৰ। যাৰ জৰিয়তে ২৫ বছৰৰ তলৰ প্ৰতিজন ডিপ্ল’মাধাৰীৰ বাবে এবছৰীয়া এপ্ৰেণ্টিছশ্বিপ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ। এই সময়ছোৱাত নিৰ্বাচিত ডিপ্ল’মাধাৰীসকলক বছৰি ১ লাখ টকা প্ৰদানৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিলে নিজৰ ঘোষণা পত্ৰত। 

আনহাতে সমগ্ৰ দেশতে ‘মহালক্ষ্মী আঁচনি’ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। যাৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ ভাৰতীয় পৰিয়ালক বছৰি প্ৰদান কৰা হ’ব ১ লাখকৈ টকা। পৰিয়ালৰ বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ একাউণ্টত দিয়া হ’ব এই ধন। আনহাতে দেশত কৃষক বিদ্ৰোহ অব্যাহত ৰখা কৃষকসকলৰ বাবে বিশেষ প্ৰতিশ্ৰুতি নিজৰ ঘোষণা পত্ৰত। MSPক আইনী মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কংগ্ৰেছে। স্বামীনাথন আয়োগৰ পৰামৰ্শ অনুসৰি MSPক আইনী মৰ্যাদা প্ৰদানৰ কথা উল্লেখ কৰা হৈছে কংগ্ৰেছৰ ঘোষণা পত্ৰত। 

আনহাতে নিৰ্বাচনত বিজয়ী হ’লে এম জি এনৰেগাৰ অধীনত দৈনিক মজুৰি ৫০ টকাকৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ঘোষণা পত্ৰত। যাৰ ফলত শ্ৰমিকসকলে প্ৰতিদিনে লাভ কৰিব ৪০০ টকাৰ মজুৰি। নিজৰ ঘোষণা পত্ৰত নগৰীয়া দৰিদ্ৰসকলৰ বাবেও কামৰ নিশ্চয়তা কৰিলে কংগ্ৰেছে। কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে আৰম্ভ কৰিব নগৰীয়া নিয়োগ কাৰ্যসূচী। এনেদৰে প্ৰতিশ্ৰুতিৰ জোৱাৰ দেখা গ’ল আজি দেশৰ মূল বিৰোধী দলটোৱে প্ৰকাশ কৰা নিজৰ ঘোষণা পত্ৰত। 

আনহাতে আজি আন ৪টা বিশেষ ঘোষণা কৰিলে কংগ্ৰেছে। যাৰ জৰিয়তে এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা দলটোৰ। আনহাতে EVMৰ জৰিয়তে হোৱা ভোটদান VVPATৰ শ্লিপেৰে মিলাই চোৱাৰ দাবী তুলিলে কংগ্ৰেছে। আনহাতে সংবিধানৰ দশম অনুসূচীৰ সংশোধনেৰে দল সলনি কৰা সাংসদ–বিধায়কৰ পদ খাৰিজৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কংগ্ৰেছে। একেদৰে আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহক আইনৰ অধীনত কাম কৰোৱাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কংগ্ৰেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক