--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ বাতিলৰ পিছত বিপদত পৰা কংগ্ৰেছে গত দুদিনত দুটাকৈ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিয়ে বিজেপিত যোগদান কৰাৰ পিছত শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ ৰেড্ডীয়েও শাসকীয় বিজেপি দলত যোগদান কৰে।

বিজেপিত যোগদান কৰাৰ পাছত কিৰণ ৰেড্ডীয়ে কংগ্ৰেছ হাইকমাণ্ডৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰেড্ডীয়ে কয় যে হাই কমাণ্ডে ভুল সিদ্ধান্ত লৈছে, যাৰ বাবে সকলো ৰাজ্যতে অবিৰতভাৱে দলৰ খহনীয়া ঘটিছে। মৰ্মান্তিক পৰাজয়ৰ পিছতো কংগ্ৰেছ হাইকামাণ্ডে কোনো শিক্ষা লাভ কৰা নাই। এইয়াই কোনো নেতাই দলৰ হাইকামাণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰা প্ৰথম ঘটনা নহয়।

শেহতীয়াকৈ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ বাবে ৰাহুল গান্ধীক দোষাৰোপ কৰিছিল। আজাদক গান্ধী পৰিয়ালৰ ঘনিষ্ঠসকলৰ ভিতৰত গণ্য কৰা হৈছিল। যোৱা ৯ বছৰত কংগ্ৰেছৰ পৰা প্ৰায় ২৩ জন ডাঙৰ নেতাই দলৰ পৰা ত্যাগ কৰিছে। আমোদজনক কথাটো হ’ল এই আটাইকেইজন নেতাই কংগ্ৰেছ এৰি যোৱাৰ বাবে হাইকমাণ্ডক জগৰীয়া কৰিছে।

এই ২৩ জন নেতাৰ বাহিৰেও বহু ডাঙৰ ডাঙৰ নেতাই কংগ্ৰেছ এৰি গৈছে। ইয়াৰ ভিতৰত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,প্ৰিয়ংকা চতুৰ্বেদী, হাৰ্দিক পেটেল, ৰিপুন বৰা, সুস্মিতা দেৱ, বিশ্বজিৎ ৰানে, কীৰ্তি আজাদ আৰু ললিতেশ পাতি ত্ৰিপাঠীৰ নাম উল্লেখযোগ্য। ইমান বৃহৎ পৰিমাণৰ দলত্যাগৰ বাবে অসম, ইউ পিৰ দৰে ৰাজ্যত বিগত কেইবাবছৰত কংগ্ৰেছ অতি দুৰ্বল হৈ পৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক