--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ বাতিলৰ পিছত বিপদত পৰা কংগ্ৰেছে গত দুদিনত দুটাকৈ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিয়ে বিজেপিত যোগদান কৰাৰ পিছত শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ ৰেড্ডীয়েও শাসকীয় বিজেপি দলত যোগদান কৰে।

বিজেপিত যোগদান কৰাৰ পাছত কিৰণ ৰেড্ডীয়ে কংগ্ৰেছ হাইকমাণ্ডৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰেড্ডীয়ে কয় যে হাই কমাণ্ডে ভুল সিদ্ধান্ত লৈছে, যাৰ বাবে সকলো ৰাজ্যতে অবিৰতভাৱে দলৰ খহনীয়া ঘটিছে। মৰ্মান্তিক পৰাজয়ৰ পিছতো কংগ্ৰেছ হাইকামাণ্ডে কোনো শিক্ষা লাভ কৰা নাই। এইয়াই কোনো নেতাই দলৰ হাইকামাণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰা প্ৰথম ঘটনা নহয়।

শেহতীয়াকৈ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ বাবে ৰাহুল গান্ধীক দোষাৰোপ কৰিছিল। আজাদক গান্ধী পৰিয়ালৰ ঘনিষ্ঠসকলৰ ভিতৰত গণ্য কৰা হৈছিল। যোৱা ৯ বছৰত কংগ্ৰেছৰ পৰা প্ৰায় ২৩ জন ডাঙৰ নেতাই দলৰ পৰা ত্যাগ কৰিছে। আমোদজনক কথাটো হ’ল এই আটাইকেইজন নেতাই কংগ্ৰেছ এৰি যোৱাৰ বাবে হাইকমাণ্ডক জগৰীয়া কৰিছে।

এই ২৩ জন নেতাৰ বাহিৰেও বহু ডাঙৰ ডাঙৰ নেতাই কংগ্ৰেছ এৰি গৈছে। ইয়াৰ ভিতৰত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,প্ৰিয়ংকা চতুৰ্বেদী, হাৰ্দিক পেটেল, ৰিপুন বৰা, সুস্মিতা দেৱ, বিশ্বজিৎ ৰানে, কীৰ্তি আজাদ আৰু ললিতেশ পাতি ত্ৰিপাঠীৰ নাম উল্লেখযোগ্য। ইমান বৃহৎ পৰিমাণৰ দলত্যাগৰ বাবে অসম, ইউ পিৰ দৰে ৰাজ্যত বিগত কেইবাবছৰত কংগ্ৰেছ অতি দুৰ্বল হৈ পৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু