--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ ৰাজনিৱাস আৰু দিল্লী সচিবালয়ৰ মাজত উৰি গৈছে শব্দৰ চোকা কাঁড়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত উত্থাপিত প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিছে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই।তেওঁ কৈছে যে নিজৰ ডিগ্ৰীক কেতিয়াও সন্দেহ কৰা উচিত নহয়, কাৰণ ডিগ্ৰীবোৰ খৰচৰ ৰচিদ। শিক্ষাই আপোনাৰ জ্ঞান আৰু আপোনাৰ আচৰণক প্ৰতিফলিত কৰে। মুখ্যমন্ত্রীৰ নাম নোলোৱাকৈয়ে তেওঁ কয় যে আই আই টিৰ পৰা ডিগ্ৰী লাভ কৰিও যে একাংশ লোক অশিক্ষিত হৈয়েই আছে সেয়া প্রমাণিত হৈছে৷

দিল্লী চৰকাৰে প্ৰতিদিনে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। কেতিয়াবা কাৰাগাৰত বন্দী মনীষ ছিছ’দিয়াই চিঠি লিখি প্ৰশ্ন উত্থাপন কৰে আৰু কেতিয়াবা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং আৰু ৰাঘৱ চাদ্ধাই। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীক লৈ প্ৰশ্ন উত্থাপন কৰি থাকে। দেওবাৰে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টকৈ কৈছে যে কিছুমানে আই আই টি ডিগ্ৰী লোৱাসকলহে অশিক্ষিত হৈ থাকে।

আনহাতে বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সন্দৰ্ভত এটা ভিডিঅ’ও প্ৰকাশ কৰিছে। য’ত সমাজৰ সকলো শ্ৰেণীৰ লোকে কাৰ্টুন চৰিত্ৰত কোৱা দেখা যায় যে ডিগ্ৰীৰ ওপৰত প্ৰশ্ন কৰাসকল সঁচাকৈয়ে নিৰক্ষৰ। এই ভিডিঅ’টোত মুখ্যমন্ত্ৰীৰ কাৰ্টুন চৰিত্ৰ এটাই এজন নিৰক্ষৰ প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ আঁকি থকা দেখা গৈছে।তেতিয়া আন এজন চৰিত্ৰৰ ডাক্তৰ, অৰ্থনীতিবিদ, মন্দিৰৰ পুৰোহিতকে কোৱা দেখা যায় যে কৰ’না যুগত ভেকচিনৰ ব্যৱস্থা কৰি জীৱন ৰক্ষা কৰা, পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্য নিৰ্ধাৰণ কৰি উন্নত অৰ্থনীতি দিয়া, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰা প্ৰধানমন্ত্ৰীজন নিৰক্ষৰ।

এই ভিডিঅ’টোৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যকৰ্তা সকলক কেজৰিৱাল আৰু আপৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক