--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ ৰাজনিৱাস আৰু দিল্লী সচিবালয়ৰ মাজত উৰি গৈছে শব্দৰ চোকা কাঁড়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত উত্থাপিত প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিছে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই।তেওঁ কৈছে যে নিজৰ ডিগ্ৰীক কেতিয়াও সন্দেহ কৰা উচিত নহয়, কাৰণ ডিগ্ৰীবোৰ খৰচৰ ৰচিদ। শিক্ষাই আপোনাৰ জ্ঞান আৰু আপোনাৰ আচৰণক প্ৰতিফলিত কৰে। মুখ্যমন্ত্রীৰ নাম নোলোৱাকৈয়ে তেওঁ কয় যে আই আই টিৰ পৰা ডিগ্ৰী লাভ কৰিও যে একাংশ লোক অশিক্ষিত হৈয়েই আছে সেয়া প্রমাণিত হৈছে৷

দিল্লী চৰকাৰে প্ৰতিদিনে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। কেতিয়াবা কাৰাগাৰত বন্দী মনীষ ছিছ’দিয়াই চিঠি লিখি প্ৰশ্ন উত্থাপন কৰে আৰু কেতিয়াবা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং আৰু ৰাঘৱ চাদ্ধাই। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীক লৈ প্ৰশ্ন উত্থাপন কৰি থাকে। দেওবাৰে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টকৈ কৈছে যে কিছুমানে আই আই টি ডিগ্ৰী লোৱাসকলহে অশিক্ষিত হৈ থাকে।

আনহাতে বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সন্দৰ্ভত এটা ভিডিঅ’ও প্ৰকাশ কৰিছে। য’ত সমাজৰ সকলো শ্ৰেণীৰ লোকে কাৰ্টুন চৰিত্ৰত কোৱা দেখা যায় যে ডিগ্ৰীৰ ওপৰত প্ৰশ্ন কৰাসকল সঁচাকৈয়ে নিৰক্ষৰ। এই ভিডিঅ’টোত মুখ্যমন্ত্ৰীৰ কাৰ্টুন চৰিত্ৰ এটাই এজন নিৰক্ষৰ প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ আঁকি থকা দেখা গৈছে।তেতিয়া আন এজন চৰিত্ৰৰ ডাক্তৰ, অৰ্থনীতিবিদ, মন্দিৰৰ পুৰোহিতকে কোৱা দেখা যায় যে কৰ’না যুগত ভেকচিনৰ ব্যৱস্থা কৰি জীৱন ৰক্ষা কৰা, পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্য নিৰ্ধাৰণ কৰি উন্নত অৰ্থনীতি দিয়া, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰা প্ৰধানমন্ত্ৰীজন নিৰক্ষৰ।

এই ভিডিঅ’টোৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যকৰ্তা সকলক কেজৰিৱাল আৰু আপৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য