--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ বাজেট অধিৱেশনৰ অন্তিম দিন বৃহস্পতিবাৰে (৬ এপ্ৰিল) উচ্চ আৰু নিম্ন দুয়োখন সদনৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়। আজিও লোকসভা আৰু ৰাজ্যসভাত কোনো কাম কৰিব পৰা নগ’ল আৰু সদনৰ কার্যসূচীত হুলস্থুলৰ সৃষ্টি হ’ল৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ ঘোষণাৰ প্ৰতিবাদত বহু বিৰোধী সদস্যই ক’লা পোছাক পৰিধান কৰি সদনত প্ৰৱেশ কৰে৷আনহাতে বিজেপিৰ অধিকাংশ সাংসদে গেৰুৱা ৰঙৰ বেল্ট পৰিধান কৰা পৰিলক্ষিত হয়। বহু বিৰোধী দলে লোকসভাৰ অধ্যক্ষৰ তৰফৰ পৰা দিয়া চাহ পাৰ্টীৰ পৰাও আঁতৰি থাকিল৷

সংসদৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত কংগ্ৰেছ, ভাৰত ৰাষ্ট্ৰ সমিতি, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি কেইবাটাও বিৰোধী দলে সংসদত একত্ৰিত হৈ কাম কৰাৰ প্ৰতিজ্ঞা কৰে৷ তদুপৰি বিৰোধী দলসমূহে দেশৰ সাম্প্ৰতিক পৰিৱেশৰ বাবে চৰকাৰখনেই একমাত্ৰ দায়ী বুলি অভিযোগ উত্থাপন কৰে৷আনকি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আয়োজন কৰা সন্ধিয়াৰ চাহ পাৰ্টীত কংগ্ৰেছকে ধৰি তেৰটা বিৰোধী দলে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে৷

অধিৱেশনৰ শেষত বিৰোধী সাংসদসকলে সংসদৰ পৰা বিজয় চ’কলৈ ত্ৰিৰংগা সমদল উলিয়াই। এই পদযাত্ৰাত ২০টা বিৰোধী দলে অংশগ্ৰহণ কৰে। ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ো এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। এই সময়ত বিৰোধী দলসমূহে দাবী কৰিছিল যে যদিহে চৰকাৰৰ এই মনোভাৱ অব্যাহত থাকে তেন্তে গণতন্ত্ৰৰ অন্ত পৰিব আৰু দেশ একনায়কত্ববাদৰ দিশে আগবাঢ়িব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু