--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ বাজেট অধিৱেশনৰ অন্তিম দিন বৃহস্পতিবাৰে (৬ এপ্ৰিল) উচ্চ আৰু নিম্ন দুয়োখন সদনৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়। আজিও লোকসভা আৰু ৰাজ্যসভাত কোনো কাম কৰিব পৰা নগ’ল আৰু সদনৰ কার্যসূচীত হুলস্থুলৰ সৃষ্টি হ’ল৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ ঘোষণাৰ প্ৰতিবাদত বহু বিৰোধী সদস্যই ক’লা পোছাক পৰিধান কৰি সদনত প্ৰৱেশ কৰে৷আনহাতে বিজেপিৰ অধিকাংশ সাংসদে গেৰুৱা ৰঙৰ বেল্ট পৰিধান কৰা পৰিলক্ষিত হয়। বহু বিৰোধী দলে লোকসভাৰ অধ্যক্ষৰ তৰফৰ পৰা দিয়া চাহ পাৰ্টীৰ পৰাও আঁতৰি থাকিল৷

সংসদৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত কংগ্ৰেছ, ভাৰত ৰাষ্ট্ৰ সমিতি, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি কেইবাটাও বিৰোধী দলে সংসদত একত্ৰিত হৈ কাম কৰাৰ প্ৰতিজ্ঞা কৰে৷ তদুপৰি বিৰোধী দলসমূহে দেশৰ সাম্প্ৰতিক পৰিৱেশৰ বাবে চৰকাৰখনেই একমাত্ৰ দায়ী বুলি অভিযোগ উত্থাপন কৰে৷আনকি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আয়োজন কৰা সন্ধিয়াৰ চাহ পাৰ্টীত কংগ্ৰেছকে ধৰি তেৰটা বিৰোধী দলে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে৷

অধিৱেশনৰ শেষত বিৰোধী সাংসদসকলে সংসদৰ পৰা বিজয় চ’কলৈ ত্ৰিৰংগা সমদল উলিয়াই। এই পদযাত্ৰাত ২০টা বিৰোধী দলে অংশগ্ৰহণ কৰে। ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ো এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। এই সময়ত বিৰোধী দলসমূহে দাবী কৰিছিল যে যদিহে চৰকাৰৰ এই মনোভাৱ অব্যাহত থাকে তেন্তে গণতন্ত্ৰৰ অন্ত পৰিব আৰু দেশ একনায়কত্ববাদৰ দিশে আগবাঢ়িব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক