--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ ফ্লায়িং কিছ প্ৰসংগক লৈ বুধবাৰে ব্যস্ত হৈ পৰিল বিজেপি৷ বিশেষকৈ স্মৃতি ইৰাণীয়ে প্ৰসংগটো তুলি ধৰাৰ পাছত ইজনৰ পাছত সিজন নেতাই সমালোচনাৰ লক্ষ্য কৰি ল’লে ৰাহুল গান্ধীক৷ 

ৰাহুল গান্ধীয়ে উত্থাপন কৰা মণিপুৰৰ প্ৰসংগৰ পৰা জনদৃষ্টি আঁতৰাই ৰাখিবলৈ বিজেপিয়ে ফ্লায়িং কিছ প্ৰসংগ অৱতাৰণা কৰাৰ অভিযোগ উঠিছে৷ 

অৱশ্যে, বিজেপি সাংসদ হেমা মালিনীয়ে ফালৰি কাটিছে বিষয়টোৰ পৰা৷ মালিনীয়ে ৰাহুল গান্ধীক সংসদত ফ্লায়িং কিছ কৰা দেখা নাই বুলি মন্তব্য কৰিছে৷  

হেমা মালিনীৰ মন্তব্যই খুব কম সময়ৰ ভিতৰতে টুইটাৰৰ ভাইৰেল ভিডিঅ’ অফ-দ্য-ডে’ত প্ৰৱেশ কৰিছিল৷ আনকি এই বিষয়টোক কেন্দ্ৰ কৰি বিজেপিয়ে ৰাহুল গান্ধীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছিল৷ 

ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ কৰিছিল নেকি বুলি সোধাত হেমা মালিনীয়ে কয়, মই সেইটো দেখা নাছিলোঁ৷ কিন্তু তেওঁ কিছুমান শব্দ কৈছিল, যিবোৰ খুব শুদ্ধ নাছিল৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে সংসদত তেওঁৰ প্ৰথম ভাষণৰ পাছত সংসদৰ পৰা বিদায় লোৱাৰ সময়ত বিজেপি সাংসদক উদ্দেশ্যি ফ্লায়িং কিছ দিয়াৰ অভিযোগ উঠিছিল। অভিযোগ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভাষণ দি থকা অৱস্থাত সংসদ ভৱনৰ পৰা ওলাই অহাৰ সময়তে ৰাহুলে দিছিল ফ্লায়িং কিছ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ