--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ ফ্লায়িং কিছ প্ৰসংগক লৈ বুধবাৰে ব্যস্ত হৈ পৰিল বিজেপি৷ বিশেষকৈ স্মৃতি ইৰাণীয়ে প্ৰসংগটো তুলি ধৰাৰ পাছত ইজনৰ পাছত সিজন নেতাই সমালোচনাৰ লক্ষ্য কৰি ল’লে ৰাহুল গান্ধীক৷ 

ৰাহুল গান্ধীয়ে উত্থাপন কৰা মণিপুৰৰ প্ৰসংগৰ পৰা জনদৃষ্টি আঁতৰাই ৰাখিবলৈ বিজেপিয়ে ফ্লায়িং কিছ প্ৰসংগ অৱতাৰণা কৰাৰ অভিযোগ উঠিছে৷ 

অৱশ্যে, বিজেপি সাংসদ হেমা মালিনীয়ে ফালৰি কাটিছে বিষয়টোৰ পৰা৷ মালিনীয়ে ৰাহুল গান্ধীক সংসদত ফ্লায়িং কিছ কৰা দেখা নাই বুলি মন্তব্য কৰিছে৷  

হেমা মালিনীৰ মন্তব্যই খুব কম সময়ৰ ভিতৰতে টুইটাৰৰ ভাইৰেল ভিডিঅ’ অফ-দ্য-ডে’ত প্ৰৱেশ কৰিছিল৷ আনকি এই বিষয়টোক কেন্দ্ৰ কৰি বিজেপিয়ে ৰাহুল গান্ধীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছিল৷ 

ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ কৰিছিল নেকি বুলি সোধাত হেমা মালিনীয়ে কয়, মই সেইটো দেখা নাছিলোঁ৷ কিন্তু তেওঁ কিছুমান শব্দ কৈছিল, যিবোৰ খুব শুদ্ধ নাছিল৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে সংসদত তেওঁৰ প্ৰথম ভাষণৰ পাছত সংসদৰ পৰা বিদায় লোৱাৰ সময়ত বিজেপি সাংসদক উদ্দেশ্যি ফ্লায়িং কিছ দিয়াৰ অভিযোগ উঠিছিল। অভিযোগ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভাষণ দি থকা অৱস্থাত সংসদ ভৱনৰ পৰা ওলাই অহাৰ সময়তে ৰাহুলে দিছিল ফ্লায়িং কিছ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ