--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে লোকসভাত ৰাহুল গান্ধীয়ে‌ মোদী চৰকাৰ বিৰোধী আক্ৰমণাত্মক বক্তব্য প্ৰদান কৰিছিল। ৰাহুলৰ আক্ৰমণাত্মক বক্তব্যৰ প্ৰত্যুত্তৰ দিয়াৰ দায়িত্ব লৈছিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। 

স্মৃতি ইৰাণীয়েও সমানে আক্ৰমকভাৱে ৰাহুলৰ বক্তব্যৰ প্ৰত্যুত্তৰ দিছিল। মণিপুৰত বিজেপিৰ ৰাজনীতিয়ে ভাৰত মাতৃক হত্যা কৰিছে বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। এই মন্তব্যটোক লৈয়ে ৰাহুলক উভতি ধৰে স্মৃতি ইৰাণীয়ে। ইৰাণীয়ে কয় প্ৰথমবাৰৰ বাবে সংসদৰ এজন সদস্যই ভাৰত মাতৃৰ মৃত্যুৰ কথা ক'লে। সেই গৰ্হিত মন্তব্যত কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে হাত চাপৰি বজালে।

এইদৰে ৰাহুল গান্ধী আৰু ইণ্ডিয়া মিত্ৰজোঁটক ভৰ্ৎসনা কৰে ইৰাণীয়ে। ইৰাণীয়ে ইণ্ডিয়া মিত্ৰজোঁটক প্ৰকৃতাৰ্থত ইণ্ডিয়া বা ভাৰত নহয় বুলিও তীব্ৰ আক্ৰমণ কৰে। কাৰণ ভাৰত দুৰ্নীতিগ্ৰস্ত নহয়, ভাৰতে বংশগত ৰাজনীতিৰ পৰিৱৰ্তে মেধাত বিশ্বাস কৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে। ভাৰতৰ জনতাই ব্ৰিটিছক কোৱা কথাখিনি কংগ্ৰেছে মনত ৰখাৰ প্ৰয়োজন বুলি তীব্ৰ কটাক্ষ কৰে ইৰাণীয়ে। কুইট ইণ্ডিয়া, দুৰ্নীতিৰ ভাৰত ত্যাগ, বংশবাদী ৰাজনীতিৰ ভাৰত ত্যাগৰ শ্লোগান বিৰোধী ইণ্ডিয়াই মনলৈ অনাৰ দৰকাৰ বুলি বাক্যবাণ নিক্ষেপ কৰে মন্ত্ৰীগৰাকীয়ে। 

প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰক ভাৰতৰ অংশ নহয় বুলি ভাৱে বুলি কৈছিল ৰাহুল গান্ধীয়ে। ইয়াৰ উত্তৰত ইৰাণীয়ে কয় যে, মণিপুৰ সৰ্বদা ভাৰতৰ এটা অংশ। ইৰানীয়ে কয়-বিৰোধী মিত্ৰজোঁটৰ এজন সদস্যই তামিলনাডুত কৈছিল ভাৰত মানে কেৱল উত্তৰ ভাৰত। যদি সাহস আছে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰক। আন এজন কংগ্ৰেছ নেতাই কৈছিল কাশ্মীৰক লৈ গণভোট হ’ব লাগে। কংগ্ৰেছ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ অনুসৰি এনে নেতাই কাশ্মীৰত গণভোটৰ কথা কৈছিল নেকি বুলি উভতি ধৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 

কংগ্ৰেছ শাসনত প্ৰৱৰ্তন কৰা জৰুৰীকালীন অৱস্থাক লৈও স্মৃতি ইৰাণীয়ে কঠোৰ সমালোচনা কৰে দলটোক। জৰুৰীকালীন অৱস্থাৰ আতংক ভাৰতীয়ৰ মনত সজীৱ বুলি কয় ইৰাণীয়ে। ১৯৮৪ চনৰ শিখ বিৰোধী সাম্প্ৰদায়িক সংঘৰ্ষৰ কথাও উল্লেখ কৰে স্মৃতি ইৰাণীয়ে। কংগ্ৰেছ শাসনতে এই সাম্প্ৰাদায়িক সংঘৰ্ষত বহু শিখ লোকৰ প্ৰাণহানিৰ প্ৰসংগ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এনেদৰে মণিপুৰ প্ৰসংগৰ অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। স্মৃতি ইৰাণীৰ বক্তব্যৰ সময়ত বিৰোধী ‘ইণ্ডিয়া’ৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে বিজেপি তথা NDAৰ সদস্যসকলে বিভিন্ন সময়ত মেজত থপৰিয়াই নেত্ৰীগৰাকীক সমৰ্থন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু