--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে লোকসভাত ৰাহুল গান্ধীয়ে‌ মোদী চৰকাৰ বিৰোধী আক্ৰমণাত্মক বক্তব্য প্ৰদান কৰিছিল। ৰাহুলৰ আক্ৰমণাত্মক বক্তব্যৰ প্ৰত্যুত্তৰ দিয়াৰ দায়িত্ব লৈছিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। 

স্মৃতি ইৰাণীয়েও সমানে আক্ৰমকভাৱে ৰাহুলৰ বক্তব্যৰ প্ৰত্যুত্তৰ দিছিল। মণিপুৰত বিজেপিৰ ৰাজনীতিয়ে ভাৰত মাতৃক হত্যা কৰিছে বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। এই মন্তব্যটোক লৈয়ে ৰাহুলক উভতি ধৰে স্মৃতি ইৰাণীয়ে। ইৰাণীয়ে কয় প্ৰথমবাৰৰ বাবে সংসদৰ এজন সদস্যই ভাৰত মাতৃৰ মৃত্যুৰ কথা ক'লে। সেই গৰ্হিত মন্তব্যত কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে হাত চাপৰি বজালে।

এইদৰে ৰাহুল গান্ধী আৰু ইণ্ডিয়া মিত্ৰজোঁটক ভৰ্ৎসনা কৰে ইৰাণীয়ে। ইৰাণীয়ে ইণ্ডিয়া মিত্ৰজোঁটক প্ৰকৃতাৰ্থত ইণ্ডিয়া বা ভাৰত নহয় বুলিও তীব্ৰ আক্ৰমণ কৰে। কাৰণ ভাৰত দুৰ্নীতিগ্ৰস্ত নহয়, ভাৰতে বংশগত ৰাজনীতিৰ পৰিৱৰ্তে মেধাত বিশ্বাস কৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে। ভাৰতৰ জনতাই ব্ৰিটিছক কোৱা কথাখিনি কংগ্ৰেছে মনত ৰখাৰ প্ৰয়োজন বুলি তীব্ৰ কটাক্ষ কৰে ইৰাণীয়ে। কুইট ইণ্ডিয়া, দুৰ্নীতিৰ ভাৰত ত্যাগ, বংশবাদী ৰাজনীতিৰ ভাৰত ত্যাগৰ শ্লোগান বিৰোধী ইণ্ডিয়াই মনলৈ অনাৰ দৰকাৰ বুলি বাক্যবাণ নিক্ষেপ কৰে মন্ত্ৰীগৰাকীয়ে। 

প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰক ভাৰতৰ অংশ নহয় বুলি ভাৱে বুলি কৈছিল ৰাহুল গান্ধীয়ে। ইয়াৰ উত্তৰত ইৰাণীয়ে কয় যে, মণিপুৰ সৰ্বদা ভাৰতৰ এটা অংশ। ইৰানীয়ে কয়-বিৰোধী মিত্ৰজোঁটৰ এজন সদস্যই তামিলনাডুত কৈছিল ভাৰত মানে কেৱল উত্তৰ ভাৰত। যদি সাহস আছে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰক। আন এজন কংগ্ৰেছ নেতাই কৈছিল কাশ্মীৰক লৈ গণভোট হ’ব লাগে। কংগ্ৰেছ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ অনুসৰি এনে নেতাই কাশ্মীৰত গণভোটৰ কথা কৈছিল নেকি বুলি উভতি ধৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 

কংগ্ৰেছ শাসনত প্ৰৱৰ্তন কৰা জৰুৰীকালীন অৱস্থাক লৈও স্মৃতি ইৰাণীয়ে কঠোৰ সমালোচনা কৰে দলটোক। জৰুৰীকালীন অৱস্থাৰ আতংক ভাৰতীয়ৰ মনত সজীৱ বুলি কয় ইৰাণীয়ে। ১৯৮৪ চনৰ শিখ বিৰোধী সাম্প্ৰদায়িক সংঘৰ্ষৰ কথাও উল্লেখ কৰে স্মৃতি ইৰাণীয়ে। কংগ্ৰেছ শাসনতে এই সাম্প্ৰাদায়িক সংঘৰ্ষত বহু শিখ লোকৰ প্ৰাণহানিৰ প্ৰসংগ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এনেদৰে মণিপুৰ প্ৰসংগৰ অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। স্মৃতি ইৰাণীৰ বক্তব্যৰ সময়ত বিৰোধী ‘ইণ্ডিয়া’ৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে বিজেপি তথা NDAৰ সদস্যসকলে বিভিন্ন সময়ত মেজত থপৰিয়াই নেত্ৰীগৰাকীক সমৰ্থন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ