--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ বিষয়ক লৈ বিৰোধী সদস্যৰ ৱাকআউটৰ পাছতে বুধবাৰে (৯ আগষ্ট) ৰাজ্যসভাই ‘ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকচন বিল ২০২৩’ গৃহীত কৰে। সোমবাৰে (৭ আগষ্ট) লোকসভাতো বিধেয়কখন গৃহীত হয়। উচ্চতম ন্যায়ালয়ে ‘গোপনীয়তাৰ অধিকাৰ’ক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰাৰ ছবছৰৰ পাছত এই বিধেয়কখন আহে।

উল্লেখ্য যে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক ২০২৩ত অনলাইন প্লেটফৰ্মৰ দ্বাৰা ব্যক্তিৰ তথ্যৰ অপব্যৱহাৰ ৰোধ কৰাৰ ব্যৱস্থা আছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই বিধেয়কখনে ডিজিটেল সেৱা ব্যৱহাৰ কৰা লোকসকলক নতুন অধিকাৰ প্ৰদান কৰে আৰু নাগৰিকৰ তথ্য সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত ব্যক্তিগত আৰু চৰকাৰী সত্তাসমূহৰ ওপৰত কেইবাটাও বাধ্যবাধকতা আৰোপ কৰে।

এই বিধেয়কখনত ভাৰতীয় নাগৰিকৰ গোপনীয়তা ৰক্ষাৰ ব্যৱস্থাও আছে, লগতে জৰিমনা বিহাৰ প্ৰস্তাৱো আছে। কোনো ব্যক্তিৰ ডিজিটেল তথ্যৰ অপব্যৱহাৰ বা সুৰক্ষা নিদিয়াৰ বাবে সত্তাসমূহৰ ওপৰত ২৫০ কোটি টকাৰ জৰিমনা বিহা হ’ব। সংসদৰ উচ্চ সদনত বিধেয়কখন বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰি বৈষ্ণৱে কয় যে বিৰোধীয়ে সংসদত বিধেয়কখনৰ বিষয়ে আলোচনা কৰা হ’লে ভাল হ’লহেঁতেন, কিন্তু কোনো বিৰোধী নেতা বা সদস্যই নাগৰিকৰ অধিকাৰক লৈ চিন্তিত নহয়।

অশ্বিনী বৈষ্ণৱে কয় যে এই বিধেয়কখন ব্যাপক জনমতৰ অন্তত অনা হৈছে। ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰি তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীয়ে কয় যে যিকোনো সত্তাৰ হৈ সংগ্ৰহ কৰা তথ্যসমূহ বৈধতাৰ নীতি, উদ্দেশ্য সীমাবদ্ধতাৰ নীতি অনুসৰি ব্যৱহাৰ কৰিব লাগিব। নীতিসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে নাগৰিকৰ হৈ সংগ্ৰহ কৰা তথ্যসমূহ কেৱল সেই উদ্দেশ্যৰ বাবেহে ব্যৱহাৰ কৰিব লাগে, আইন অনুসৰি।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই বিধেয়কৰ জৰিয়তে তথ্যৰ অধিকাৰ আইনত থকা বৈপৰীত্য আঁতৰোৱা হৈছে। তেওঁ কয় যে ইউৰোপৰ ডাটা প্ৰটেকচন বিলত ১৬টা ৰেহাই দিয়া হৈছে, আনহাতে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকচন (ডিপিডিপি) বিল ২০২৩ত মাত্ৰ চাৰিটা ৰেহাই দিয়া হৈছে। ৰাজ্যসভাৰ সদস্য জন ব্রিটাছ ​​আৰু ভি শিৱদাসনে এই বিধেয়কখন সংসদৰ নির্বাচিত সমিতিলৈ প্রেৰণ কৰাৰ প্রস্তাৱ আগবঢ়ায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু