--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ছবিয়ে এতিয়া জোকাৰণি তুলিছে ছ’চিয়েল মিডিয়াত। ছবি খনত ৰাহুল গান্ধীক এগৰাকী যুৱতীৰ হাতত ধৰি খোজকাঢ়ি থকা দেখা গৈছে। কোন এই যুৱতী? দৰাচলতে যুৱতীগৰাকী আন কোনো নহয়, তেওঁ এগৰাকী অভিনেত্ৰী। তেওঁ  অভিনেত্ৰী পুনম কৌৰ।পুনমে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ হাতত ধৰি খোজকাঢ়ি  থকাৰ এই ছবিখন ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ আৰম্ভণি হয়। 

ঘটনাক্ৰমে তেলেংগানাত 'ভাৰত জোড়ো যাত্ৰা'ত ৰাহুলৰ  সৈতে অভিনেত্ৰী পুনম কৌৰৰ সাক্ষাৎ হয়।সেই সময়ত, তেওঁ ৰাহুলৰ হাতত ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰে।  লগে লগে ৰাজনৈতিক মহলৰ লগতে ছ’চিয়েল মিডিয়াত আৰম্ভ  হৈ যায় বিতৰ্ক। পুনমো সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ  বিজেপিয়ে ছবি খনকলৈ কংগ্ৰেছক  আক্ৰমণৰ লক্ষ্য কৰি লৈছে।এইবাৰ অভিনেত্ৰীগৰাকীয়েও সেই  ছবিখনৰ বিষয়ে কৰা 'অশালীন' মন্তব্যৰ উত্তৰ দিবলৈ মুখ খুলিছে।

পুনমে কয় "ছবিখনক লৈ সস্তীয়া ৰাজনীতি কৰা হৈছে। আনকি প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে নাৰী শক্তিৰ বিষয়ে কোৱাৰ পাছতো ছবি খন  সম্পৰ্কে যি ধৰণৰ মন্তব্য কৰা হৈছে সেয়া অত্যন্ত নিন্দনীয়"। পুনমে কিয়  ৰাহুলৰ হাতত ধৰিছিল তাৰ কাৰণো বাখ্যা কৰিছে। পুনমে  দাবী কৰিছে যে ভাৰত জোড়ো যাত্ৰাত ৰাহুলৰ কাষত খোজকাঢ়ি থাকোঁতে তেওঁ ৰাস্তাত পিছলি পৰিছিল। আৰু তাৰ পিছতে কংগ্ৰেছৰ সাংসদজনে তেওঁৰ হাত ধৰিছিল।বিজেপি নেত্ৰী  প্ৰীতি গান্ধীয়ে ছবি খনকলৈ  টুইট কৰি কয়, "ৰাহুলে তেওঁৰ প্ৰপিতামহৰ পদাংক অনুসৰণ কৰি আছে"।  

এই টুইটটোৰ পিছতে বিজেপি-কংগ্ৰেছৰ টুইট যুদ্ধ আৰম্ভ হৈছে। এই মন্তব্যক গৰিহণা দি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰীতিক "ৰুগীয়া মানসিকতা"ৰ ব্যক্তি  বুলি অভিহিত কৰি সমালোচনা কৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে টুইট কৰি কয়, "ৰাহুলে এই দেশক একত্ৰিত কৰিবলৈ তেওঁৰ প্ৰপিতামহক অনুসৰণ কৰি আছে। আপোনাৰ মানসিক অৱস্থা সঠিক নহয়। আপোনাৰ এই মানসিকতা দেশ, পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে অত্যন্ত ক্ষতিকাৰক। "

উল্লেখ্য পুনমৰ জন্ম হায়দৰাবাদত হৈছিল।তেওঁ  নেচনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজীত  ফেশ্বন ডিজাইনিং অধ্যয়ন কৰিছিল। পুনমে বহু  তেলেগু চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তামিল আৰু কানাড়া চলচ্চিত্ৰতো অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু