--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ছবিয়ে এতিয়া জোকাৰণি তুলিছে ছ’চিয়েল মিডিয়াত। ছবি খনত ৰাহুল গান্ধীক এগৰাকী যুৱতীৰ হাতত ধৰি খোজকাঢ়ি থকা দেখা গৈছে। কোন এই যুৱতী? দৰাচলতে যুৱতীগৰাকী আন কোনো নহয়, তেওঁ এগৰাকী অভিনেত্ৰী। তেওঁ  অভিনেত্ৰী পুনম কৌৰ।পুনমে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ হাতত ধৰি খোজকাঢ়ি  থকাৰ এই ছবিখন ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ আৰম্ভণি হয়। 

ঘটনাক্ৰমে তেলেংগানাত 'ভাৰত জোড়ো যাত্ৰা'ত ৰাহুলৰ  সৈতে অভিনেত্ৰী পুনম কৌৰৰ সাক্ষাৎ হয়।সেই সময়ত, তেওঁ ৰাহুলৰ হাতত ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰে।  লগে লগে ৰাজনৈতিক মহলৰ লগতে ছ’চিয়েল মিডিয়াত আৰম্ভ  হৈ যায় বিতৰ্ক। পুনমো সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ  বিজেপিয়ে ছবি খনকলৈ কংগ্ৰেছক  আক্ৰমণৰ লক্ষ্য কৰি লৈছে।এইবাৰ অভিনেত্ৰীগৰাকীয়েও সেই  ছবিখনৰ বিষয়ে কৰা 'অশালীন' মন্তব্যৰ উত্তৰ দিবলৈ মুখ খুলিছে।

পুনমে কয় "ছবিখনক লৈ সস্তীয়া ৰাজনীতি কৰা হৈছে। আনকি প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে নাৰী শক্তিৰ বিষয়ে কোৱাৰ পাছতো ছবি খন  সম্পৰ্কে যি ধৰণৰ মন্তব্য কৰা হৈছে সেয়া অত্যন্ত নিন্দনীয়"। পুনমে কিয়  ৰাহুলৰ হাতত ধৰিছিল তাৰ কাৰণো বাখ্যা কৰিছে। পুনমে  দাবী কৰিছে যে ভাৰত জোড়ো যাত্ৰাত ৰাহুলৰ কাষত খোজকাঢ়ি থাকোঁতে তেওঁ ৰাস্তাত পিছলি পৰিছিল। আৰু তাৰ পিছতে কংগ্ৰেছৰ সাংসদজনে তেওঁৰ হাত ধৰিছিল।বিজেপি নেত্ৰী  প্ৰীতি গান্ধীয়ে ছবি খনকলৈ  টুইট কৰি কয়, "ৰাহুলে তেওঁৰ প্ৰপিতামহৰ পদাংক অনুসৰণ কৰি আছে"।  

এই টুইটটোৰ পিছতে বিজেপি-কংগ্ৰেছৰ টুইট যুদ্ধ আৰম্ভ হৈছে। এই মন্তব্যক গৰিহণা দি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰীতিক "ৰুগীয়া মানসিকতা"ৰ ব্যক্তি  বুলি অভিহিত কৰি সমালোচনা কৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে টুইট কৰি কয়, "ৰাহুলে এই দেশক একত্ৰিত কৰিবলৈ তেওঁৰ প্ৰপিতামহক অনুসৰণ কৰি আছে। আপোনাৰ মানসিক অৱস্থা সঠিক নহয়। আপোনাৰ এই মানসিকতা দেশ, পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে অত্যন্ত ক্ষতিকাৰক। "

উল্লেখ্য পুনমৰ জন্ম হায়দৰাবাদত হৈছিল।তেওঁ  নেচনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজীত  ফেশ্বন ডিজাইনিং অধ্যয়ন কৰিছিল। পুনমে বহু  তেলেগু চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তামিল আৰু কানাড়া চলচ্চিত্ৰতো অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক