--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতবোৰ অদ্ভুত খেল প্ৰদৰ্শন কৰিবলৈ গৈ বহুতেই বহু সময়ত বিপদত পৰিছে। সাপৰ খেল দেখুৱাবলৈ গৈ বহু সময়ত বহু লোকৰ সাপৰ দংশনতে মৃত্যু ঘটিছে। এইবাৰ মুখত পেট্ৰ'ল ভৰাই  জুইৰ খেল দেখুৱাবলৈ যাওঁতে বিপদত পৰিল এজন লোক।

মানুহজনে মঞ্চত থিয় হৈ বটলৰ পৰা পেট্ৰ'ল মুখৰ ভিতৰত লোৱা দেখা গৈছিল। মঞ্চৰ চাৰিওফালে তেতিয়া দৰ্শকে খেল চাবলৈ হেতাওপৰা লগাইছিল। সকলোৱে কিবা এটা আচৰিত বস্তু চাবলৈ যেন  অপেক্ষা কৰি আছিল। কিন্তু হঠাতে ঘটি গ’ল অথন্তৰ।

সাধাৰণতে বহু লোকে মুখত পেট্ৰ'ল ভৰাইলৈ জুইৰ খেল দেখুৱাই আহিছে।  প্ৰতিটো পৰিস্থিতিত জীৱনৰ বিপদৰ আশংকা থকা স্বত্বেও কিছুমানে পেটৰ দায়তে তেনে খেল দেখুৱাই আহিছে।কিছুমানে আকৌ কেৱল চখৰ বাবে তেনে  কৰে।শেহতীয়াকৈ, এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। তাত এজন ব্যক্তিয়ে  জুইৰ খেল দেখুৱাবলৈ  মুখত  পেট্ৰ'ল ভৰাই লোৱাৰ পিছতে এক ভয়ংকৰ দুৰ্ঘটনা ঘটা দেখা গৈছে। 



মুখত পেট্ৰ'ল ভৰাই লোৱাৰ পিছতে  মানুহজনে মুখৰ পৰা পেট্ৰ’ল উলিয়াই জুইৰ খেলবিধ দেখুৱাবলৈ  চেষ্টা কৰিছিল।কিন্তু তেতিয়াই  তেওঁৰ ঘন দাড়িত জুই লাগিছিল। তেওঁ লগে লগে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু জুই নুমুৱাই যোৱা নাছিল, ইয়াৰ বিপৰীতে, জুই গোটেই মুখখনতে বিয়পি পৰিছিল। লগে লগে সমবেত একাংশ লোকে তেওঁক বচাবলৈ দৌৰি আহিল। তেওঁক জুই নুমোৱাত সহায় কৰিবলৈ ধৰিলে।

ভিডিঅ'টো 'ৰবিপতিদাৰ৬০৩' নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে । অৱশ্যে ঘটনাটো ক’ৰ সেয়া জানিব পৰা হোৱা নাই। ভিডিঅ'টো পোহৰলৈ অহাৰ লগে লগে এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে কৈছে , "ইমান বিপদ মূৰ পাতি লাগে কিয় ?" আন এজনে কৈছে , "বিপদ আছে বুলি জানিও আপুনি এনে কৰা  উচিত নাছিল। এইটো এটা অতি ভয়াৱহ ষ্টান্ট। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক