--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতবোৰ অদ্ভুত খেল প্ৰদৰ্শন কৰিবলৈ গৈ বহুতেই বহু সময়ত বিপদত পৰিছে। সাপৰ খেল দেখুৱাবলৈ গৈ বহু সময়ত বহু লোকৰ সাপৰ দংশনতে মৃত্যু ঘটিছে। এইবাৰ মুখত পেট্ৰ'ল ভৰাই  জুইৰ খেল দেখুৱাবলৈ যাওঁতে বিপদত পৰিল এজন লোক।

মানুহজনে মঞ্চত থিয় হৈ বটলৰ পৰা পেট্ৰ'ল মুখৰ ভিতৰত লোৱা দেখা গৈছিল। মঞ্চৰ চাৰিওফালে তেতিয়া দৰ্শকে খেল চাবলৈ হেতাওপৰা লগাইছিল। সকলোৱে কিবা এটা আচৰিত বস্তু চাবলৈ যেন  অপেক্ষা কৰি আছিল। কিন্তু হঠাতে ঘটি গ’ল অথন্তৰ।

সাধাৰণতে বহু লোকে মুখত পেট্ৰ'ল ভৰাইলৈ জুইৰ খেল দেখুৱাই আহিছে।  প্ৰতিটো পৰিস্থিতিত জীৱনৰ বিপদৰ আশংকা থকা স্বত্বেও কিছুমানে পেটৰ দায়তে তেনে খেল দেখুৱাই আহিছে।কিছুমানে আকৌ কেৱল চখৰ বাবে তেনে  কৰে।শেহতীয়াকৈ, এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। তাত এজন ব্যক্তিয়ে  জুইৰ খেল দেখুৱাবলৈ  মুখত  পেট্ৰ'ল ভৰাই লোৱাৰ পিছতে এক ভয়ংকৰ দুৰ্ঘটনা ঘটা দেখা গৈছে। 



মুখত পেট্ৰ'ল ভৰাই লোৱাৰ পিছতে  মানুহজনে মুখৰ পৰা পেট্ৰ’ল উলিয়াই জুইৰ খেলবিধ দেখুৱাবলৈ  চেষ্টা কৰিছিল।কিন্তু তেতিয়াই  তেওঁৰ ঘন দাড়িত জুই লাগিছিল। তেওঁ লগে লগে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু জুই নুমুৱাই যোৱা নাছিল, ইয়াৰ বিপৰীতে, জুই গোটেই মুখখনতে বিয়পি পৰিছিল। লগে লগে সমবেত একাংশ লোকে তেওঁক বচাবলৈ দৌৰি আহিল। তেওঁক জুই নুমোৱাত সহায় কৰিবলৈ ধৰিলে।

ভিডিঅ'টো 'ৰবিপতিদাৰ৬০৩' নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে । অৱশ্যে ঘটনাটো ক’ৰ সেয়া জানিব পৰা হোৱা নাই। ভিডিঅ'টো পোহৰলৈ অহাৰ লগে লগে এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে কৈছে , "ইমান বিপদ মূৰ পাতি লাগে কিয় ?" আন এজনে কৈছে , "বিপদ আছে বুলি জানিও আপুনি এনে কৰা  উচিত নাছিল। এইটো এটা অতি ভয়াৱহ ষ্টান্ট। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু