--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মণিপুৰৰ বিজেপিৰ ৰাজ্যিক সভাপতি অধিকাৰীমায়ম শৰ্দা দেৱীয়ে ৰাজ্যখন ভ্ৰমণৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশংসা কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ পূৰ্ণ বিশ্বাস আছে আৰু অতি সোনকালে পৰিস্থিতি উন্নত হ’ব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, শাৰদা দেৱীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতি পূৰ্বৰ চৰকাৰৰ কাৰ্যকলাপৰ ফল। লগতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ৰাজনীতিকৰণ নকৰিবলৈও পৰামৰ্শ আগবঢ়ায়।

শাৰদা দেৱীয়ে কয়, "মণিপুৰৰ এই পৰিস্থিতিত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাজ্য ভ্ৰমণ কৰিছে, যিটো সঠিক, মই তেওঁক শলাগ লৈছো।"

তেওঁ লগতে কয় যে পৰিস্থিতি সমাধান আৰু শান্তি ঘূৰাই অনাৰ ওপৰত গুৰুত্ব দিয়া উচিত। বিষয়টোক লৈ ৰাজনীতি কৰা উচিত নহয়।

বৃহস্পতিবাৰে মণিপুৰ ভ্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে কয় যে, ‘মই মণিপুৰৰ সকলো ভাই-ভনীৰ কথা শুনিবলৈ আহিছো। সকলো সম্প্ৰদায়ৰ লোকে অতি আদৰণীয় আৰু মৰমিয়াল। চৰকাৰে মোক বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক। মণিপুৰক নিৰাময়ৰ প্ৰয়োজন। শান্তি আমাৰ একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস