--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মণিপুৰৰ বিজেপিৰ ৰাজ্যিক সভাপতি অধিকাৰীমায়ম শৰ্দা দেৱীয়ে ৰাজ্যখন ভ্ৰমণৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশংসা কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ পূৰ্ণ বিশ্বাস আছে আৰু অতি সোনকালে পৰিস্থিতি উন্নত হ’ব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, শাৰদা দেৱীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতি পূৰ্বৰ চৰকাৰৰ কাৰ্যকলাপৰ ফল। লগতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ৰাজনীতিকৰণ নকৰিবলৈও পৰামৰ্শ আগবঢ়ায়।

শাৰদা দেৱীয়ে কয়, "মণিপুৰৰ এই পৰিস্থিতিত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাজ্য ভ্ৰমণ কৰিছে, যিটো সঠিক, মই তেওঁক শলাগ লৈছো।"

তেওঁ লগতে কয় যে পৰিস্থিতি সমাধান আৰু শান্তি ঘূৰাই অনাৰ ওপৰত গুৰুত্ব দিয়া উচিত। বিষয়টোক লৈ ৰাজনীতি কৰা উচিত নহয়।

বৃহস্পতিবাৰে মণিপুৰ ভ্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে কয় যে, ‘মই মণিপুৰৰ সকলো ভাই-ভনীৰ কথা শুনিবলৈ আহিছো। সকলো সম্প্ৰদায়ৰ লোকে অতি আদৰণীয় আৰু মৰমিয়াল। চৰকাৰে মোক বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক। মণিপুৰক নিৰাময়ৰ প্ৰয়োজন। শান্তি আমাৰ একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান