--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ল’ৰা-ছোৱালীৰ শাৰীৰিক সম্পৰ্কৰ এক বৈধ বয়স ভাৰতত বান্ধি দিয়া আছে। সেইমৰ্মে ছোৱালীয়ে যৌন সম্ভোগ কৰাৰ বাবে সন্মতি জনাব পৰা নূ্যনতম  বয়স হৈছে ১৮ বছৰ। ভাৰতবৰ্ষত সকলো ছোৱালীকে  ১৮ বছৰ বয়সৰ আগতে নাবালিকা বুলি গণ্য  কৰা হয়। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এই সমীকৰণটো কিছু সলনি কৰিব বিচাৰিছে। আদালতে  ছোৱালীৰ যৌন সন্মতিৰ বয়স ১৮ ৰ পৰা ১৬ লৈ হ্ৰাস কৰিব বিচাৰিছে। 

উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা  এই সন্দৰ্ভত কেন্দ্ৰৰ ওচৰত পৰ্যালোচনাৰ বাবে এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপক কুমাৰ আগৰৱালাই  এটা গোচৰৰ শুনানিৰ সময়ত কয়  যে ছোৱালীৰ যৌন সম্পৰ্ক স্থাপনৰ সন্মতিৰ বয়স ১৬ ৰ পৰা ১৮ লৈ বৃদ্ধি কৰিবলৈ ২০১২ চনত আইন সংশোধন কৰা হৈছিল। আইন খনে বহুক্ষেত্ৰত  সমাজত জটিলতাৰ সৃষ্টি কৰিছে। বিচাৰকজনে লক্ষ্য কৰিছে  যে সামাজিক মাধ্যম আৰু অন্যান্য প্ৰযুক্তিৰ সহায়ত আজিকালি ল'ৰা আৰু ছোৱালী উভয়েই  সোনকালেই যৌৱনৰ বিষয়ে ভালদৰে জানিব পাৰে। 

তেওঁলোকৰ মানসিক বিকাশ আগৰ তুলনাত বহুত দ্ৰুত হৈছে। ছোৱালীবোৰে প্ৰায় ১৪ বছৰ বয়সতে যৌৱনৰ অভিজ্ঞতা লাভ কৰে। সেই সময়ৰে পৰাই তেওঁলোক একে বয়সৰ ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়।  কিন্তু আইনৰ দৃষ্টিত ছোৱালীবোৰ ১৮ বছৰ বয়সৰ আগতে প্ৰাপ্তবয়স্ক নহয়। গতিকে বহুক্ষেত্ৰত, এয়া  ল'ৰাবোৰৰ বাবে অন্যায় কৰাৰ দৰে কথা হৈছে।

 উল্লেখ্য এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত এজন ২০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল। ল’ৰাজনে  ছোৱালীজনীৰ সৈতে ছয় মাহ ধৰি যৌন সম্ভোগ কৰিছিল বুলি অভিযোগ কৰা হৈছে। ছোৱালীজনী ২০২০ চনৰ এপ্ৰিলত গৰ্ভৱতী হৈছিল। যুৱকজনক সেই বছৰৰ জুলাই মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে  পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। ল’ৰাজন  তিনি বছৰ ধৰি কাৰাগাৰত আছে আৰু তেওঁক জামিন দিয়া হোৱা নাই।

বিচাৰকগৰাকীয়ে  লক্ষ্য কৰে  যে ঘটনাটোত  যুৱকজনৰ কোনো ভুল নাছিল। ছোৱালীজনীৰ সৈতে তেওঁৰ সম্পৰ্ক পাৰস্পৰিক সন্মতিৰভিত্তিত  হৈছিল। বিচাৰকগৰাকীয়ে  এই কথাতো নিশ্চিত হয়  যে যুৱকজনৰ কোনো অসৎ উদ্দেশ্য নাছিল। তেওঁ অভিযুক্ত যুৱকজনকঅভিযোগমুক্ত কৰি কেন্দ্ৰক ছোৱালীৰ যৌন সন্মতিৰ বয়স ১৬ লৈ হ্ৰাস কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে এনে কৰিলেহে   ডেকা ল'ৰাবোৰৰ প্ৰতি কৰা 'অন্যায়' বন্ধ কৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান