--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ল’ৰা-ছোৱালীৰ শাৰীৰিক সম্পৰ্কৰ এক বৈধ বয়স ভাৰতত বান্ধি দিয়া আছে। সেইমৰ্মে ছোৱালীয়ে যৌন সম্ভোগ কৰাৰ বাবে সন্মতি জনাব পৰা নূ্যনতম  বয়স হৈছে ১৮ বছৰ। ভাৰতবৰ্ষত সকলো ছোৱালীকে  ১৮ বছৰ বয়সৰ আগতে নাবালিকা বুলি গণ্য  কৰা হয়। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এই সমীকৰণটো কিছু সলনি কৰিব বিচাৰিছে। আদালতে  ছোৱালীৰ যৌন সন্মতিৰ বয়স ১৮ ৰ পৰা ১৬ লৈ হ্ৰাস কৰিব বিচাৰিছে। 

উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা  এই সন্দৰ্ভত কেন্দ্ৰৰ ওচৰত পৰ্যালোচনাৰ বাবে এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপক কুমাৰ আগৰৱালাই  এটা গোচৰৰ শুনানিৰ সময়ত কয়  যে ছোৱালীৰ যৌন সম্পৰ্ক স্থাপনৰ সন্মতিৰ বয়স ১৬ ৰ পৰা ১৮ লৈ বৃদ্ধি কৰিবলৈ ২০১২ চনত আইন সংশোধন কৰা হৈছিল। আইন খনে বহুক্ষেত্ৰত  সমাজত জটিলতাৰ সৃষ্টি কৰিছে। বিচাৰকজনে লক্ষ্য কৰিছে  যে সামাজিক মাধ্যম আৰু অন্যান্য প্ৰযুক্তিৰ সহায়ত আজিকালি ল'ৰা আৰু ছোৱালী উভয়েই  সোনকালেই যৌৱনৰ বিষয়ে ভালদৰে জানিব পাৰে। 

তেওঁলোকৰ মানসিক বিকাশ আগৰ তুলনাত বহুত দ্ৰুত হৈছে। ছোৱালীবোৰে প্ৰায় ১৪ বছৰ বয়সতে যৌৱনৰ অভিজ্ঞতা লাভ কৰে। সেই সময়ৰে পৰাই তেওঁলোক একে বয়সৰ ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়।  কিন্তু আইনৰ দৃষ্টিত ছোৱালীবোৰ ১৮ বছৰ বয়সৰ আগতে প্ৰাপ্তবয়স্ক নহয়। গতিকে বহুক্ষেত্ৰত, এয়া  ল'ৰাবোৰৰ বাবে অন্যায় কৰাৰ দৰে কথা হৈছে।

 উল্লেখ্য এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত এজন ২০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল। ল’ৰাজনে  ছোৱালীজনীৰ সৈতে ছয় মাহ ধৰি যৌন সম্ভোগ কৰিছিল বুলি অভিযোগ কৰা হৈছে। ছোৱালীজনী ২০২০ চনৰ এপ্ৰিলত গৰ্ভৱতী হৈছিল। যুৱকজনক সেই বছৰৰ জুলাই মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে  পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। ল’ৰাজন  তিনি বছৰ ধৰি কাৰাগাৰত আছে আৰু তেওঁক জামিন দিয়া হোৱা নাই।

বিচাৰকগৰাকীয়ে  লক্ষ্য কৰে  যে ঘটনাটোত  যুৱকজনৰ কোনো ভুল নাছিল। ছোৱালীজনীৰ সৈতে তেওঁৰ সম্পৰ্ক পাৰস্পৰিক সন্মতিৰভিত্তিত  হৈছিল। বিচাৰকগৰাকীয়ে  এই কথাতো নিশ্চিত হয়  যে যুৱকজনৰ কোনো অসৎ উদ্দেশ্য নাছিল। তেওঁ অভিযুক্ত যুৱকজনকঅভিযোগমুক্ত কৰি কেন্দ্ৰক ছোৱালীৰ যৌন সন্মতিৰ বয়স ১৬ লৈ হ্ৰাস কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে এনে কৰিলেহে   ডেকা ল'ৰাবোৰৰ প্ৰতি কৰা 'অন্যায়' বন্ধ কৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস