--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে এইবাৰ  কৰ্ণাটকত 'অপাৰেচন লোটাছ'  অভিযান চলাব বিচাৰেছে ।  এই গুৰুতৰ  অভিযোগ  উত্থাপন কৰিছে  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই।  মুখ্যমন্ত্ৰীগৰাকীয়ে কয়  যে  তেওঁৰ বিধায়কসকলক দল সলনি কৰিবলৈ ৫০ কোটি টকাআগবঢ়োৱা হৈছে । সিদ্ধাৰামাইয়াই কয় "তেওঁলোকে যোৱা এবছৰ ধৰি আমাৰ চৰকাৰখন ভংগ কৰিবলৈ চেষ্টা কৰি আছে। আমাৰ বিধায়কসকলক ৫০ কোটি টকাৰ টোপ দিয়া হৈছে। তেওঁলোকে চেষ্টা কৰিছে,  কিন্তু বিফল হৈছে। "

সিদ্ধাৰামাইয়াই কয় যে বিজেপিয়ে যিমানেই চেষ্টা নকৰক,  সফল নহ'ব। তেওঁ স্পষ্ট কৰি দিয়ে , "এয়া সম্ভৱ নহয়। আমাৰ বিধায়কসকলে দল এৰি নাযায় । এজনেও  তেনে নকৰে।"  সিদ্ধাৰামাইয়াই এইবুলিও দৃঢ়তাৰে কয়  যে তেওঁৰ চৰকাৰে পাঁচ বছৰ সম্পূৰ্ণ কৰিব। অৱশ্যে, বিজেপিয়ে সকলো দাবী অস্বীকাৰ কৰিছে। সংবাদ মাধ্যমৰ সৈতে ফোনযোগে কথা পাতি বিজেপিৰ সাংসদ এছ প্ৰকাশে কয়, "সিদ্ধাৰামাইয়াই যি কৈ আছে সেয়া দুৰ্ভাগ্যজনক আৰু সম্পূৰ্ণ ভিত্তিহীন। তেওঁ কয় "এয়া  দুৰ্ভাগ্যজনক যে তেওঁ বাৰে বাৰে একেটা অভিযোগ উত্থাপন কৰি আছে। কেৱল সমাজৰ এটা অংশৰ পৰা সহানুভূতি লাভ কৰিবলৈ  তেওঁ তেনে কৰিছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী