--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ মতে  ৰাহুল গান্ধী পাকৈত দবা খেলুৱৈ। শুকুৰবাৰে বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছে এনে মন্তব্যই কৰিছিল। ৰাহুলে দবা খেলি থকা ভিডিঅ’ এটাও ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈছিল। এনে সময়তে ৰাহুল গান্ধীৰ দবাৰ প্ৰসংকলৈ জৰিত হৈ পৰিছে প্ৰাক্তন দবা বিশ্ব চেম্পিয়ন  গেৰী কাস্পাৰোভো । ৰাহুল গান্ধীয়ে এইবাৰ  দুটা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।এনে সময়তে  নেট পৃথিৱীত ৰাহুল আৰু কাস্পাৰোভ দুয়োজনৰে নাম একেলগে উচ্চাৰিত হৈছে। কিন্তু কিয়? দৰাচলতে ইয়াৰ আঁৰত দবা আৰু ৰাজনীতিৰ সংমিশ্ৰণ আছে। ৰাহুলে অলপতে দাবী কৰিছিল যে তেওঁ সকলো ভাৰতীয় ৰাজনীতিকৰ  ভিতৰত শ্ৰেষ্ঠ দবা খেলুৱৈ। ইফালে, এজন নেটিজেনে এই সন্দৰ্ভত এক বিশেষ  মন্তব্য কৰে। সেই মন্তব্যৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবেই  কাস্পাৰোভৰ 'উত্তৰ' ভাইৰেল হৈ পৰিছে।

কিংবদন্তী দবা খেলুৱৈজনে তেওঁৰ একাধিক এক্স হেণ্ডেলত একেটা মন্তব্যই কৰিছে । কাস্পাৰোভে ৰাহুলক উদ্দেশ্যি  কৈছে " শীৰ্ষস্থানত থাকিবলৈ প্ৰত্যাহ্বান জনোৱাৰ আগতে প্ৰথমে ৰায়বৰেলীত জিকিব লাগিব।’’ কিন্তু তেওঁৰ মন্তব্যক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে কাস্পাৰোভে পুনৰ মুখ খুলিছে। তেওঁ লিখিছিল যে তেওঁ আশা কৰিছে যে এই 'সৰু কৌতুক'টোৰ বাবে যাতে  কোনো ভুল বুজাবুজি নহয়। অৱশ্যে, কিংবদন্তী দবা খেলুৱৈগৰাকীয়ে  একে সময়তে 'শ্লেষ' কৰিবলৈ পাহৰা নাই। তেওঁ লিখিছে, এজন ৰাজনীতিকে তেওঁৰ প্ৰিয় খেলকলৈ ধেমালি কৰাটো সহ্য কৰিব পৰা কথা নহয়।কিন্তু কাস্পাৰোভৰ ইমান খং কিয় উঠিল? খবৰ অনুসৰি কংগ্ৰেছে শেহতীয়াকৈ এক্স হেণ্ডেলত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল। ভিডিঅ'টোত, ৰাহুলক তেওঁৰ ম'বাইলত দবা খেলি থকা দেখা গৈছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "কাস্পাৰোভ আৰু বিশ্বনাথন আনন্দে সোনকালে অৱসৰ লৈছে আৰু সেয়ে তেওঁলোকে আমাৰ সময়ৰ সৰ্বশ্ৰেষ্ঠ দবা চেম্পিয়নৰ মুখামুখি হ’বলগীয়া  হোৱা নাই বুলি ভাবি ভাল লাগিছে।"  এই মন্তব্য পঢ়াৰ পিছতে কাস্পাৰোভৰ খং উঠিছিল।

অৱশ্যে, কাস্পাৰোভ ৰাহুলৰ প্ৰিয় দবা খেলুৱৈ। তেওঁ তেওঁক তেওঁৰ "প্ৰিয় দবা খেলুৱৈ" বুলি আগতেও কৈছিল। কাস্পাৰোভে তেওঁৰ প্ৰতিদ্বন্দীৰ ওপৰত যিধৰণে হেঁচা প্ৰয়োগ কৰে সেয়া অতি কাৰ্যকৰী বুলি ৰাহুলে বিশ্বাস কৰে। । কিন্তু এইবাৰ ৰায়বৰেলীৰ পৰা মনোনয়ন দাখিল কৰা কংগ্ৰেছ নেতাজনে সেই 'প্ৰিয় দবা খেলুৱৈ'গৰাকীৰেই  শ্লেষৰ সন্মুখীন হ'ব লগা হ’ল।।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু