--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ মতে  ৰাহুল গান্ধী পাকৈত দবা খেলুৱৈ। শুকুৰবাৰে বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছে এনে মন্তব্যই কৰিছিল। ৰাহুলে দবা খেলি থকা ভিডিঅ’ এটাও ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈছিল। এনে সময়তে ৰাহুল গান্ধীৰ দবাৰ প্ৰসংকলৈ জৰিত হৈ পৰিছে প্ৰাক্তন দবা বিশ্ব চেম্পিয়ন  গেৰী কাস্পাৰোভো । ৰাহুল গান্ধীয়ে এইবাৰ  দুটা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।এনে সময়তে  নেট পৃথিৱীত ৰাহুল আৰু কাস্পাৰোভ দুয়োজনৰে নাম একেলগে উচ্চাৰিত হৈছে। কিন্তু কিয়? দৰাচলতে ইয়াৰ আঁৰত দবা আৰু ৰাজনীতিৰ সংমিশ্ৰণ আছে। ৰাহুলে অলপতে দাবী কৰিছিল যে তেওঁ সকলো ভাৰতীয় ৰাজনীতিকৰ  ভিতৰত শ্ৰেষ্ঠ দবা খেলুৱৈ। ইফালে, এজন নেটিজেনে এই সন্দৰ্ভত এক বিশেষ  মন্তব্য কৰে। সেই মন্তব্যৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবেই  কাস্পাৰোভৰ 'উত্তৰ' ভাইৰেল হৈ পৰিছে।

কিংবদন্তী দবা খেলুৱৈজনে তেওঁৰ একাধিক এক্স হেণ্ডেলত একেটা মন্তব্যই কৰিছে । কাস্পাৰোভে ৰাহুলক উদ্দেশ্যি  কৈছে " শীৰ্ষস্থানত থাকিবলৈ প্ৰত্যাহ্বান জনোৱাৰ আগতে প্ৰথমে ৰায়বৰেলীত জিকিব লাগিব।’’ কিন্তু তেওঁৰ মন্তব্যক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে কাস্পাৰোভে পুনৰ মুখ খুলিছে। তেওঁ লিখিছিল যে তেওঁ আশা কৰিছে যে এই 'সৰু কৌতুক'টোৰ বাবে যাতে  কোনো ভুল বুজাবুজি নহয়। অৱশ্যে, কিংবদন্তী দবা খেলুৱৈগৰাকীয়ে  একে সময়তে 'শ্লেষ' কৰিবলৈ পাহৰা নাই। তেওঁ লিখিছে, এজন ৰাজনীতিকে তেওঁৰ প্ৰিয় খেলকলৈ ধেমালি কৰাটো সহ্য কৰিব পৰা কথা নহয়।কিন্তু কাস্পাৰোভৰ ইমান খং কিয় উঠিল? খবৰ অনুসৰি কংগ্ৰেছে শেহতীয়াকৈ এক্স হেণ্ডেলত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল। ভিডিঅ'টোত, ৰাহুলক তেওঁৰ ম'বাইলত দবা খেলি থকা দেখা গৈছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "কাস্পাৰোভ আৰু বিশ্বনাথন আনন্দে সোনকালে অৱসৰ লৈছে আৰু সেয়ে তেওঁলোকে আমাৰ সময়ৰ সৰ্বশ্ৰেষ্ঠ দবা চেম্পিয়নৰ মুখামুখি হ’বলগীয়া  হোৱা নাই বুলি ভাবি ভাল লাগিছে।"  এই মন্তব্য পঢ়াৰ পিছতে কাস্পাৰোভৰ খং উঠিছিল।

অৱশ্যে, কাস্পাৰোভ ৰাহুলৰ প্ৰিয় দবা খেলুৱৈ। তেওঁ তেওঁক তেওঁৰ "প্ৰিয় দবা খেলুৱৈ" বুলি আগতেও কৈছিল। কাস্পাৰোভে তেওঁৰ প্ৰতিদ্বন্দীৰ ওপৰত যিধৰণে হেঁচা প্ৰয়োগ কৰে সেয়া অতি কাৰ্যকৰী বুলি ৰাহুলে বিশ্বাস কৰে। । কিন্তু এইবাৰ ৰায়বৰেলীৰ পৰা মনোনয়ন দাখিল কৰা কংগ্ৰেছ নেতাজনে সেই 'প্ৰিয় দবা খেলুৱৈ'গৰাকীৰেই  শ্লেষৰ সন্মুখীন হ'ব লগা হ’ল।।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ