--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাইনীৰ সন্দেহত মহাৰাষ্ট্ৰৰ এখন গাঁৱত  গাওঁবাসীয়ে দুগৰাকী লোকক জীৱিত অৱস্থাতে জ্বলাই  হত্যা কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জীৱন্তে জ্বলাই হত্যা কৰাসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাত ডাইনীৰ  সন্দেহত এগৰাকী মহিলাসহ দুজন লোকক  আক্ৰমণ কৰি জীৱিত অৱস্থাতে জ্বলাই দিয়া হৈছে। 

ঘটনাটো সন্দৰ্ভত কমেও ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গাওঁ খনৰ বহুতে  অভিযোগ কৰিছিল যে জ্বলাই হত্যা কৰা লোক দুগৰাকী  ডাইনী বিদ্যাৰ সৈতে  জড়িত আছিল। গাওঁবাসীয়ে লগতে অভিযোগ কৰে যে আৰোহী বান্দু তেলামী নামৰ এটা শিশুৰ  যাদু কৰাৰ ফলত মৃত্যু হৈছিল। শিশুটোৰ মৃত্যুত ক্ষুব্ধ হৈ গাওঁবাসীয়ে লোক দুজনক আবদ্ধ কৰি ৰাখিছিল। 

গাওঁবাসীৰ একাংশই তেওঁলোকক আক্ৰমণ কৰিছিল আৰু তেওঁলোকৰ দেহত  পেট্ৰ'ল ঢালি জ্বলাই দিছিল। এই ঘটনাত প্ৰাণহানি ঘটা লোক দুগৰাকীৰ নাম   জামনি দেৱজী তেলামী (৫২) আৰু দেশু কাটিয়া আটলামী (৫৭) বুলি জানিব পৰা গৈছে। ঘটনাটোৰ গুৰুত্ব আৰু তীব্ৰতাৰ কথা বিবেচনা কৰি  গড়চিৰোলীৰ আৰক্ষী অধীক্ষক নিলোৎপল  আৰু ইটাপলীৰ  আৰক্ষী বিষয়া চৈতন্য কদমে  ইটাপলীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ঘটনাটোৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।আৰক্ষীয়ে তদন্ত চলাই ১৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

গ্ৰেপ্তাৰ কৰা লোকসকল ভিতৰত  অজয় বাপু তেলামী, ভাউজী শত্ৰু তেলামী, অমিত সমা মাদাভি, মিৰ্চা তেলামী, বাপু কান্দ্ৰু তেলামী, সোমজী কান্দ্ৰু তেলামী, দিনেশ কলু তেলামী, শ্ৰীহৰি বিৰজা তেলামী, মধুকাৰ আদি নামৰ লোকসকল আছে। গ্ৰেপ্তাৰ কৰা লোকসকল  বৰচেৱাড়া গাঁৱৰ বাসিন্দা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। । অভিযুক্তসকলক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু