--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাইনীৰ সন্দেহত মহাৰাষ্ট্ৰৰ এখন গাঁৱত  গাওঁবাসীয়ে দুগৰাকী লোকক জীৱিত অৱস্থাতে জ্বলাই  হত্যা কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জীৱন্তে জ্বলাই হত্যা কৰাসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাত ডাইনীৰ  সন্দেহত এগৰাকী মহিলাসহ দুজন লোকক  আক্ৰমণ কৰি জীৱিত অৱস্থাতে জ্বলাই দিয়া হৈছে। 

ঘটনাটো সন্দৰ্ভত কমেও ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গাওঁ খনৰ বহুতে  অভিযোগ কৰিছিল যে জ্বলাই হত্যা কৰা লোক দুগৰাকী  ডাইনী বিদ্যাৰ সৈতে  জড়িত আছিল। গাওঁবাসীয়ে লগতে অভিযোগ কৰে যে আৰোহী বান্দু তেলামী নামৰ এটা শিশুৰ  যাদু কৰাৰ ফলত মৃত্যু হৈছিল। শিশুটোৰ মৃত্যুত ক্ষুব্ধ হৈ গাওঁবাসীয়ে লোক দুজনক আবদ্ধ কৰি ৰাখিছিল। 

গাওঁবাসীৰ একাংশই তেওঁলোকক আক্ৰমণ কৰিছিল আৰু তেওঁলোকৰ দেহত  পেট্ৰ'ল ঢালি জ্বলাই দিছিল। এই ঘটনাত প্ৰাণহানি ঘটা লোক দুগৰাকীৰ নাম   জামনি দেৱজী তেলামী (৫২) আৰু দেশু কাটিয়া আটলামী (৫৭) বুলি জানিব পৰা গৈছে। ঘটনাটোৰ গুৰুত্ব আৰু তীব্ৰতাৰ কথা বিবেচনা কৰি  গড়চিৰোলীৰ আৰক্ষী অধীক্ষক নিলোৎপল  আৰু ইটাপলীৰ  আৰক্ষী বিষয়া চৈতন্য কদমে  ইটাপলীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ঘটনাটোৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।আৰক্ষীয়ে তদন্ত চলাই ১৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

গ্ৰেপ্তাৰ কৰা লোকসকল ভিতৰত  অজয় বাপু তেলামী, ভাউজী শত্ৰু তেলামী, অমিত সমা মাদাভি, মিৰ্চা তেলামী, বাপু কান্দ্ৰু তেলামী, সোমজী কান্দ্ৰু তেলামী, দিনেশ কলু তেলামী, শ্ৰীহৰি বিৰজা তেলামী, মধুকাৰ আদি নামৰ লোকসকল আছে। গ্ৰেপ্তাৰ কৰা লোকসকল  বৰচেৱাড়া গাঁৱৰ বাসিন্দা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। । অভিযুক্তসকলক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ