--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত কাৰাগাৰত বন্দীৰ সংখ্যা কম কৰি ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছিল। সেইমৰ্মে বহু বন্দীক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল।  কোভিড পৰিস্থিতি উন্নত হোৱাৰ পিছত এতিয়া সেইসকল মুক্তি পোৱা বন্দীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

 উচ্চতম ন্যায়ালয়ে কোভিড-১৯ৰ বাবে চৰ্তসাপেক্ষে মুকলি কৰি দিয়া দোষী আৰু বিচাৰাধীন বন্দীসকলক কাৰাগাৰলৈ উভতি যাবলৈ নিৰ্দেশ দিছে। শুক্ৰবাৰে দেশৰ শীৰ্ষ আদালত খনে এই নিৰ্দেশ জাৰি কৰে।
বহুতো দোষী সাব্যস্ত আৰু বিচাৰাধীন বন্দীক কোভিড পৰিস্থিতিত ভাইৰাছৰ বিস্তাৰৰ পৰা সুৰক্ষিত কৰিবলৈ মুক্তি দিয়া হৈছিল। দেশত কোভিডৰ সংক্ৰমণৰ  আঢ়ৈ বছৰৰ পিছত পৰিস্থিতি এতিয়া প্ৰায়  স্বাভাৱিক হৈ পৰিছে। সেয়ে উচ্চতম ন্যায়ালয়ে   মুক্তি প্ৰাপ্ত বন্দীসকলে পুনৰ আত্মসমৰ্পণ কৰিব লাগিব বুলি নিৰ্দেশ দিছে। এই বন্দীসকলক পৰৱৰ্তী ১৫ দিনৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে নিৰ্দেশ দিছে যে কোভিদ মহামাৰীৰ সময়ত জৰুৰীকালীন ভিত্তিত জামিনত মুকলি হোৱা বিচাৰাধীন বন্দীসকলে আত্মসমৰ্পণ কৰিব লাগিব। আত্মসমৰ্পণ কৰাৰ পিছত তেওঁলোকে পুনৰ   আদালতলৈ যাব পাৰিব আৰু জামিনৰ বাবে আবেদন কৰিব পাৰিব।

উল্লেখ্য  কোভিড পৰিৱেশত মুকলি কৰি দিয়া  বেছিভাগ দোষী সাব্যস্ত আৰু বিচাৰাধীন বন্দী গুৰুতৰ অপৰাধত অভিযুক্ত নাছিল।  উচ্চতযম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিভিন্ন  সমিতিৰ পৰামৰ্শৰ ভিত্তিত বন্দীসকলক বিভিন্ন ৰাজ্যৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক