--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত কাৰাগাৰত বন্দীৰ সংখ্যা কম কৰি ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছিল। সেইমৰ্মে বহু বন্দীক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল।  কোভিড পৰিস্থিতি উন্নত হোৱাৰ পিছত এতিয়া সেইসকল মুক্তি পোৱা বন্দীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

 উচ্চতম ন্যায়ালয়ে কোভিড-১৯ৰ বাবে চৰ্তসাপেক্ষে মুকলি কৰি দিয়া দোষী আৰু বিচাৰাধীন বন্দীসকলক কাৰাগাৰলৈ উভতি যাবলৈ নিৰ্দেশ দিছে। শুক্ৰবাৰে দেশৰ শীৰ্ষ আদালত খনে এই নিৰ্দেশ জাৰি কৰে।
বহুতো দোষী সাব্যস্ত আৰু বিচাৰাধীন বন্দীক কোভিড পৰিস্থিতিত ভাইৰাছৰ বিস্তাৰৰ পৰা সুৰক্ষিত কৰিবলৈ মুক্তি দিয়া হৈছিল। দেশত কোভিডৰ সংক্ৰমণৰ  আঢ়ৈ বছৰৰ পিছত পৰিস্থিতি এতিয়া প্ৰায়  স্বাভাৱিক হৈ পৰিছে। সেয়ে উচ্চতম ন্যায়ালয়ে   মুক্তি প্ৰাপ্ত বন্দীসকলে পুনৰ আত্মসমৰ্পণ কৰিব লাগিব বুলি নিৰ্দেশ দিছে। এই বন্দীসকলক পৰৱৰ্তী ১৫ দিনৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে নিৰ্দেশ দিছে যে কোভিদ মহামাৰীৰ সময়ত জৰুৰীকালীন ভিত্তিত জামিনত মুকলি হোৱা বিচাৰাধীন বন্দীসকলে আত্মসমৰ্পণ কৰিব লাগিব। আত্মসমৰ্পণ কৰাৰ পিছত তেওঁলোকে পুনৰ   আদালতলৈ যাব পাৰিব আৰু জামিনৰ বাবে আবেদন কৰিব পাৰিব।

উল্লেখ্য  কোভিড পৰিৱেশত মুকলি কৰি দিয়া  বেছিভাগ দোষী সাব্যস্ত আৰু বিচাৰাধীন বন্দী গুৰুতৰ অপৰাধত অভিযুক্ত নাছিল।  উচ্চতযম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিভিন্ন  সমিতিৰ পৰামৰ্শৰ ভিত্তিত বন্দীসকলক বিভিন্ন ৰাজ্যৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু