--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩)ৰ অধীনত ৰাহুল গান্ধীৰ সাংসদ পদ কালি কাঢ়ি নিয়া হয় বিষয়টোকলৈ দেশজুৰি চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া৷ বিদেশতো বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এনে সময়তে  জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩)ধাৰাৰ সাংবিধানিক বৈধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে এখন আবেদন৷  

এই আবেদন দাখিল কৰিছে সমাজকৰ্মী আভা মুৰলীধৰণে । মন কৰিকৰিব লগীয়া যে জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮ (৩) অনুসৰি, যদি ব্যক্তি এজনক অপৰাধমূলক কাৰ্যৰ  বাবে দুবছৰতকৈ অধিক কাৰাবাস দিয়া হয়, ব্যক্তিজনে শাস্তিৰ দিনৰ পৰা ৰাজহুৱা প্ৰতিনিধি হোৱাৰ অধিকাৰ হেৰুৱায়। মুক্তিৰ পিছত তেওঁ কমেও ছয় বছৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে যে দুবছৰৰ কাৰাদণ্ড বিহা ৰাহুলে পৰৱৰ্তী আঠ বছৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। অৱশ্যে উচ্চতৰ আদালতে নিম্ন আদালতৰ নিৰ্দেশ খাৰিজ কৰিব পাৰে৷ তেতিয়া শাস্তিৰ সন্মুখীন হোৱা লোক এজনে পুনৰ সাংসদ অথবা বিধায়কৰ কৰ্তন হোৱা পদ ঘূৰাই পাব পাৰে৷  

সমাজকৰ্মী আভা মুৰলীধৰণে উচ্চতম ন্যায়ালয়ত সাংসদপদ প্ৰত্যাখ্যানৰ ধাৰা ৮(৩)ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন খন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে নে নাই অথবা গ্ৰহণ কৰিলেও শুনানি কেতিয়া হ’ব সেয়া এতিয়া স্পষ্ট হোৱা নাই৷ উল্লেখ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে কালি   লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন হ'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। 

অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।লোকসভা সচিবালয়ে  জাৰি কৰা এক জাননীত কোৱা হৈছিল "কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য  ৰাহুল গান্ধী  দোষী সাব্যস্ত হোৱাৰ তাৰিখ  অৰ্থাৎ ২৩  মাৰ্চ, ২০২৩ ৰ পৰা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১০২(১)(ই)ৰ ধাৰা  , জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ  ৮ (৩) ধাৰাৰ অধীনত তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছে" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু