--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩)ৰ অধীনত ৰাহুল গান্ধীৰ সাংসদ পদ কালি কাঢ়ি নিয়া হয় বিষয়টোকলৈ দেশজুৰি চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া৷ বিদেশতো বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এনে সময়তে  জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩)ধাৰাৰ সাংবিধানিক বৈধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে এখন আবেদন৷  

এই আবেদন দাখিল কৰিছে সমাজকৰ্মী আভা মুৰলীধৰণে । মন কৰিকৰিব লগীয়া যে জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮ (৩) অনুসৰি, যদি ব্যক্তি এজনক অপৰাধমূলক কাৰ্যৰ  বাবে দুবছৰতকৈ অধিক কাৰাবাস দিয়া হয়, ব্যক্তিজনে শাস্তিৰ দিনৰ পৰা ৰাজহুৱা প্ৰতিনিধি হোৱাৰ অধিকাৰ হেৰুৱায়। মুক্তিৰ পিছত তেওঁ কমেও ছয় বছৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে যে দুবছৰৰ কাৰাদণ্ড বিহা ৰাহুলে পৰৱৰ্তী আঠ বছৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। অৱশ্যে উচ্চতৰ আদালতে নিম্ন আদালতৰ নিৰ্দেশ খাৰিজ কৰিব পাৰে৷ তেতিয়া শাস্তিৰ সন্মুখীন হোৱা লোক এজনে পুনৰ সাংসদ অথবা বিধায়কৰ কৰ্তন হোৱা পদ ঘূৰাই পাব পাৰে৷  

সমাজকৰ্মী আভা মুৰলীধৰণে উচ্চতম ন্যায়ালয়ত সাংসদপদ প্ৰত্যাখ্যানৰ ধাৰা ৮(৩)ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন খন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে নে নাই অথবা গ্ৰহণ কৰিলেও শুনানি কেতিয়া হ’ব সেয়া এতিয়া স্পষ্ট হোৱা নাই৷ উল্লেখ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে কালি   লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন হ'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। 

অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।লোকসভা সচিবালয়ে  জাৰি কৰা এক জাননীত কোৱা হৈছিল "কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য  ৰাহুল গান্ধী  দোষী সাব্যস্ত হোৱাৰ তাৰিখ  অৰ্থাৎ ২৩  মাৰ্চ, ২০২৩ ৰ পৰা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১০২(১)(ই)ৰ ধাৰা  , জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ  ৮ (৩) ধাৰাৰ অধীনত তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছে" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement