--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক  মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ পিছতে কালি তেওঁৰ সাংসদ পদ কৰ্তন কৰা হয়৷ ফলত  কংগ্ৰেছৰ ছেকেণ্ড-ইন-কমাণ্ড হিচাবে পৰিচিত  ৰাহুল গান্ধীৰ দৰমহা বন্ধ কৰি দিয়া হৈছে৷ কেৱল দৰমহাই নহয়, ৰাহুলে হেৰুৱাব আন বহু সা-সুবিধাও৷ ভাৰতৰ সাংসদসকলে মাহিলী দৰমহা  হিচাবে প্ৰায় ১ লাখ টকা লাভ কৰে। 

তেওঁ সংসদ অঞ্চলৰ বাবে ভাট্টা হিচাপে ৭০,০০০ টকাও লাভ কৰে। কাৰ্যালয় চলোৱাৰ বাবে তেওঁক ৬০,০০০ টকা দিয়া হয়৷ ইয়াৰ ভিতৰত  কৰ্মচাৰীৰ দৰমহাৰ  বাবে ৪০,০০০ টকা দিয়া আৰু কাৰ্যালয়  চলাবলৈ ২০,০০০ টকা দিয়া হয়৷

 সৰ্বোপৰি সাংসদসকলে মাহিলী মুঠ ২.৩  লাখ টকা  লাভ কৰে। কৰোনা সময়ছোৱাতএই দৰমহা আৰু ভাট্টা প্ৰায় ৬০ শতাংশ হ্ৰাস কৰা হৈছিল। কেৰালাৰ ৱায়ানাডৰ এজন সাংসদ হিচাবে  ৰাহুলেও সেই পৰিমাণৰ দৰমহা লাভ কৰি আহিছিল। কিন্তু সাংসদ পদ খাৰিজ হোৱাৰ পিছত ৰাহুল গান্ধীয়ে আৰু দৰমহাৰ ধন হাতেৰে চুব নোৱাৰিব৷ ইয়াৰ পৰিৱৰ্তে  কংগ্ৰেছৰ নেতাগৰাকীয়ে সামান্য পৰিমাণৰ পেঞ্চনহে লাভ কৰিব।

২০১৪ চনত সাংসদ হোৱাৰ পিছত ৰাহুলে দিল্লীত এটা বাংলো পাইছিল। তেওঁ ১২ টা তুঘলক লেনৰ এটা বাংলোত বাস কৰে। সাংসদৰ পদ যোৱাৰ পিছত  তেওঁ সেই চৰকাৰী ঘৰ এৰিব লাগিব৷  অৱশ্যে কেন্দ্ৰই ঘৰ এৰাৰ বাবে এমাহ আগতে জাননী দিব। বাংলোটোত দুটা টেলিফোন সংযোগ আছে, ১.৫ লাখ বিনামূলীয়া ফোন কলৰ সুবিধা, ৫০,০০০ ইউনিট বিদ্যুৎ আৰু ৪,০০০ কিলোলিটাৰ পানীৰ বিনামূলীয়া সুবিধা আছে৷ ৰাহুলে এতিয়া সেই সকলো বোৰ সুবিধা হেৰুৱাব পাৰে। ইয়াৰ উপৰি  তেওঁ সাংসদসকলে লাভ কৰা বিনামূলীয়া ৰে’ল আৰু বিমানৰ টিকটো আৰু লাভ নকৰে বুলি আইনজ্ঞ একাংশই মন্তব্য কৰিছে৷





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক