--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক  মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ পিছতে কালি তেওঁৰ সাংসদ পদ কৰ্তন কৰা হয়৷ ফলত  কংগ্ৰেছৰ ছেকেণ্ড-ইন-কমাণ্ড হিচাবে পৰিচিত  ৰাহুল গান্ধীৰ দৰমহা বন্ধ কৰি দিয়া হৈছে৷ কেৱল দৰমহাই নহয়, ৰাহুলে হেৰুৱাব আন বহু সা-সুবিধাও৷ ভাৰতৰ সাংসদসকলে মাহিলী দৰমহা  হিচাবে প্ৰায় ১ লাখ টকা লাভ কৰে। 

তেওঁ সংসদ অঞ্চলৰ বাবে ভাট্টা হিচাপে ৭০,০০০ টকাও লাভ কৰে। কাৰ্যালয় চলোৱাৰ বাবে তেওঁক ৬০,০০০ টকা দিয়া হয়৷ ইয়াৰ ভিতৰত  কৰ্মচাৰীৰ দৰমহাৰ  বাবে ৪০,০০০ টকা দিয়া আৰু কাৰ্যালয়  চলাবলৈ ২০,০০০ টকা দিয়া হয়৷

 সৰ্বোপৰি সাংসদসকলে মাহিলী মুঠ ২.৩  লাখ টকা  লাভ কৰে। কৰোনা সময়ছোৱাতএই দৰমহা আৰু ভাট্টা প্ৰায় ৬০ শতাংশ হ্ৰাস কৰা হৈছিল। কেৰালাৰ ৱায়ানাডৰ এজন সাংসদ হিচাবে  ৰাহুলেও সেই পৰিমাণৰ দৰমহা লাভ কৰি আহিছিল। কিন্তু সাংসদ পদ খাৰিজ হোৱাৰ পিছত ৰাহুল গান্ধীয়ে আৰু দৰমহাৰ ধন হাতেৰে চুব নোৱাৰিব৷ ইয়াৰ পৰিৱৰ্তে  কংগ্ৰেছৰ নেতাগৰাকীয়ে সামান্য পৰিমাণৰ পেঞ্চনহে লাভ কৰিব।

২০১৪ চনত সাংসদ হোৱাৰ পিছত ৰাহুলে দিল্লীত এটা বাংলো পাইছিল। তেওঁ ১২ টা তুঘলক লেনৰ এটা বাংলোত বাস কৰে। সাংসদৰ পদ যোৱাৰ পিছত  তেওঁ সেই চৰকাৰী ঘৰ এৰিব লাগিব৷  অৱশ্যে কেন্দ্ৰই ঘৰ এৰাৰ বাবে এমাহ আগতে জাননী দিব। বাংলোটোত দুটা টেলিফোন সংযোগ আছে, ১.৫ লাখ বিনামূলীয়া ফোন কলৰ সুবিধা, ৫০,০০০ ইউনিট বিদ্যুৎ আৰু ৪,০০০ কিলোলিটাৰ পানীৰ বিনামূলীয়া সুবিধা আছে৷ ৰাহুলে এতিয়া সেই সকলো বোৰ সুবিধা হেৰুৱাব পাৰে। ইয়াৰ উপৰি  তেওঁ সাংসদসকলে লাভ কৰা বিনামূলীয়া ৰে’ল আৰু বিমানৰ টিকটো আৰু লাভ নকৰে বুলি আইনজ্ঞ একাংশই মন্তব্য কৰিছে৷





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু