--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এফালে কংগ্ৰেছ আনফালে তৃণমূল কংগ্ৰেছ৷ এতিয়া বিৰোধী ব্যস্ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত৷ শেহতীয়াকৈ তৃণমূল কংগ্ৰেছে (টিএমচি) কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে “ টি-চাৰ্ট অভিযান” আৰম্ভ কৰিছে। দলটোৱে  অমিত শ্বাহৰ ছবি কেইবাটাও টি-চাৰ্টত কাৰ্টুন হিচাপে মুদ্ৰণ কৰি  তেওঁক উপহাস কৰাৰ চেষ্টা কৰিছে । আনকি  কাৰ্টুনৰ সৈতে টি-চাৰ্টত 'ইণ্ডিয়াজ বিগেষ্ট পাপ্পু' বুলি লিখিও গৃহমন্ত্ৰীজনক আক্ৰমণ কৰিছে টি এম চিয়ে ।

পূৰ্বতে কেৱল  অনলাইনত উপলব্ধ টি-ছাৰ্টসমূহ  এতিয়া নতুনকৈ  বজাৰত উপলব্ধ হৈছে।দলীয় নেতা অভিষেক বেনাৰ্জীয়ে নিজেই টি-চাৰ্টৰ  ডিজাইনৰ ওপৰত কাম কৰিছে৷ আনকি  শ্ৰমিকসকলকো যোগান ধৰা হৈছে এই টি-ছাৰ্টসমূহ ।  টি এম চিয়ে ক'লা, হালধীয়া আৰু বগা ৰঙৰে শ্ৰমিকসকলৰ বাবে টি-চাৰ্ট প্ৰিণ্ট কৰিছে ।

নাগৰিকক আকৃষ্ট কৰিবলৈ নাইবা জনসংযোগ গঢ়ি তোলাৰ  বাবে আটাইতকৈ কাৰ্যকৰী উপায় হৈছে কৌতুক। অমিত শ্বাহক “ ইণ্ডিয়াজ বিগেষ্ট পাপ্পু” বুলি 
 প্ৰথমে মন্তব্য কৰিছিল ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে৷  লাহে-লাহে এই মন্তব্য   সামাজিক মাধ্যমত  বিয়পি পৰিছিল। জানিব পৰা মতে, এই টি-চাৰ্টৰ তিনি-চাৰিটা ডিজাইন আছে আৰু দুৰ্গা পূজাৰ সময়ত  অধিক ডিজাইন বজাৰলৈ আহিব।

টি এম চিৰ সূত্ৰ অনুসৰি অভিষেক বেনাৰ্জীয়ে দলটোৰ যুৱ কৰ্মীসকলক অমিত শ্বাহৰ কাৰ্টুনযুক্ত  টি-চাৰ্টসমূহ প্ৰস্তুত কৰাৰ দ্বায়িত্ব দিছে৷  দলটোৱে   প্ৰায় ৩০০ টকাত এটা টি-চাৰ্ট বিক্ৰী কৰিব বুলিও জানিব পৰা গৈছে৷  ডেৰেক অ'ব্ৰায়েনে নিজেই বগা টি-চাৰ্ট পিন্ধি ছচিয়েল মিডিয়াত ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁ কলকাতাৰ পৰা দিল্লীলৈ যোৱা বিমানত এই টি-চাৰ্টটো পিন্ধিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু