--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এফালে কংগ্ৰেছ আনফালে তৃণমূল কংগ্ৰেছ৷ এতিয়া বিৰোধী ব্যস্ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত৷ শেহতীয়াকৈ তৃণমূল কংগ্ৰেছে (টিএমচি) কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে “ টি-চাৰ্ট অভিযান” আৰম্ভ কৰিছে। দলটোৱে  অমিত শ্বাহৰ ছবি কেইবাটাও টি-চাৰ্টত কাৰ্টুন হিচাপে মুদ্ৰণ কৰি  তেওঁক উপহাস কৰাৰ চেষ্টা কৰিছে । আনকি  কাৰ্টুনৰ সৈতে টি-চাৰ্টত 'ইণ্ডিয়াজ বিগেষ্ট পাপ্পু' বুলি লিখিও গৃহমন্ত্ৰীজনক আক্ৰমণ কৰিছে টি এম চিয়ে ।

পূৰ্বতে কেৱল  অনলাইনত উপলব্ধ টি-ছাৰ্টসমূহ  এতিয়া নতুনকৈ  বজাৰত উপলব্ধ হৈছে।দলীয় নেতা অভিষেক বেনাৰ্জীয়ে নিজেই টি-চাৰ্টৰ  ডিজাইনৰ ওপৰত কাম কৰিছে৷ আনকি  শ্ৰমিকসকলকো যোগান ধৰা হৈছে এই টি-ছাৰ্টসমূহ ।  টি এম চিয়ে ক'লা, হালধীয়া আৰু বগা ৰঙৰে শ্ৰমিকসকলৰ বাবে টি-চাৰ্ট প্ৰিণ্ট কৰিছে ।

নাগৰিকক আকৃষ্ট কৰিবলৈ নাইবা জনসংযোগ গঢ়ি তোলাৰ  বাবে আটাইতকৈ কাৰ্যকৰী উপায় হৈছে কৌতুক। অমিত শ্বাহক “ ইণ্ডিয়াজ বিগেষ্ট পাপ্পু” বুলি 
 প্ৰথমে মন্তব্য কৰিছিল ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে৷  লাহে-লাহে এই মন্তব্য   সামাজিক মাধ্যমত  বিয়পি পৰিছিল। জানিব পৰা মতে, এই টি-চাৰ্টৰ তিনি-চাৰিটা ডিজাইন আছে আৰু দুৰ্গা পূজাৰ সময়ত  অধিক ডিজাইন বজাৰলৈ আহিব।

টি এম চিৰ সূত্ৰ অনুসৰি অভিষেক বেনাৰ্জীয়ে দলটোৰ যুৱ কৰ্মীসকলক অমিত শ্বাহৰ কাৰ্টুনযুক্ত  টি-চাৰ্টসমূহ প্ৰস্তুত কৰাৰ দ্বায়িত্ব দিছে৷  দলটোৱে   প্ৰায় ৩০০ টকাত এটা টি-চাৰ্ট বিক্ৰী কৰিব বুলিও জানিব পৰা গৈছে৷  ডেৰেক অ'ব্ৰায়েনে নিজেই বগা টি-চাৰ্ট পিন্ধি ছচিয়েল মিডিয়াত ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁ কলকাতাৰ পৰা দিল্লীলৈ যোৱা বিমানত এই টি-চাৰ্টটো পিন্ধিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ