--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান অভিনেত্ৰী কংগনা ৰাণাৱট যেন হৈ পৰিছে বিতৰ্কৰ আন এটা নাম৷এটাৰ পিছত আন এটা বিতৰ্কৰ সৃষ্টি কৰি কংগনাই প্ৰায়েই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ শেহতীয়াকৈ  নিজকে "গান্ধীবাদী"ৰ  সলনি "নেতাবাদী" বুলি ঘোষণা  কৰি কংগনাই সৃষ্টি কৰিলে আন এক বিতৰ্কৰ৷ 

বৃহস্পতিবাৰে নতুনকৈ নামাকৰণ কৰা কৰ্তব্য পথৰ  উন্মোচনী অনুষ্ঠানত কংগনা উপস্থিত আছিল৷  সাংবাদিকৰ হোৱা  বাৰ্তালাপত কংগনাই দাবী কৰে যে, ভাৰতৰ  স্বাধীনতা সংগ্ৰামত বীৰ চাভাৰকাৰ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা সংঘটিত আন্দোলনসমূ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হৈছে।  কেৱল "অনশন আৰু দাণ্ডি যাত্ৰা"ৰ জৰিয়তে ভাৰতে এই যুঁজ  জিকিব পৰা নাছিল বুলিও কংগনাই মন্তব্য কৰে৷

কংগনাই কয়, "মই সদায় কৈআহিছো যে মই নেতাবাদী (নেতাজী সুভাষ চন্দ্ৰবাদী, গান্ধীবাদী নহয়।" ইয়াৰ বাবে, মই কোৱাৰ ধৰণে কেইবাজনো লোক অসুবিধাত পৰে। সকলোৰে নিজা চিন্তাধাৰা আছে আৰু মই বিশ্বাস কৰোঁ যে নেতাজী আৰু সাভাৰকাৰ (বীৰ সাভাৰকাৰ)ৰ দৰে আন কেইবাজনো বিপ্লৱীৰ সংগ্ৰাম সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হৈছে। কেৱল এটা ফাল দেখুওৱা হৈছিল য'ত কোৱা হৈছিল 'মোক মোৰ মুখৰ এফালে থাপ্পড় মাৰিব, মই আনটোও ঘূৰাই দিম' (এইটো মহাত্মা গান্ধীয়ে কৈছিল)। কেৱল সেই পক্ষটোক দেখুওৱা হৈছিল যে আমি অনশন আৰু দাণ্ডি পদযাত্ৰা কৰি স্বাধীনতা অৰ্জন কৰিছিলো। সেয়া নহয়।"

ভাৰতৰ স্বাধীনতা সংগ্ৰামত লাখ লাখ লোকে আত্মবলিদান দিছিল। নেতাজীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত  ভাৰতক ভয়ানক পৰিস্থিতিৰ পৰা বচাবলৈ   সমগ্ৰ বিশ্বতে প্ৰচাৰ চলাইছিল। তেওঁ এটা সৈন্যবাহিনীও নিৰ্মাণ কৰিছিল আৰু সক্ৰিয়ৰূপে  অংশগ্ৰহণ কৰিছিল ৷ এনেদৰে ব্ৰিটিছসকলৰ ওপৰত চাপ সৃষ্টি কৰিছিল। তদুপৰি নেতাজী ক্ষমতাৰ বাবে ভোকাতুৰ নহয়,তেওঁ স্বাধীনতাৰ বাবেহে  ভোকাতুৰ আছিল বুলিও কংগনাই মন্তব্য দিয়ে৷ লগতে এই অনুষ্ঠানটোত উপস্থিত থাকি 
কংগনাই “ৰাজপথ”ৰ নাম সলনি কৰি “কৰ্তব্য পথ” ৰখাৰ বাবে  নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ