--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান অভিনেত্ৰী কংগনা ৰাণাৱট যেন হৈ পৰিছে বিতৰ্কৰ আন এটা নাম৷এটাৰ পিছত আন এটা বিতৰ্কৰ সৃষ্টি কৰি কংগনাই প্ৰায়েই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ শেহতীয়াকৈ  নিজকে "গান্ধীবাদী"ৰ  সলনি "নেতাবাদী" বুলি ঘোষণা  কৰি কংগনাই সৃষ্টি কৰিলে আন এক বিতৰ্কৰ৷ 

বৃহস্পতিবাৰে নতুনকৈ নামাকৰণ কৰা কৰ্তব্য পথৰ  উন্মোচনী অনুষ্ঠানত কংগনা উপস্থিত আছিল৷  সাংবাদিকৰ হোৱা  বাৰ্তালাপত কংগনাই দাবী কৰে যে, ভাৰতৰ  স্বাধীনতা সংগ্ৰামত বীৰ চাভাৰকাৰ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা সংঘটিত আন্দোলনসমূ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হৈছে।  কেৱল "অনশন আৰু দাণ্ডি যাত্ৰা"ৰ জৰিয়তে ভাৰতে এই যুঁজ  জিকিব পৰা নাছিল বুলিও কংগনাই মন্তব্য কৰে৷

কংগনাই কয়, "মই সদায় কৈআহিছো যে মই নেতাবাদী (নেতাজী সুভাষ চন্দ্ৰবাদী, গান্ধীবাদী নহয়।" ইয়াৰ বাবে, মই কোৱাৰ ধৰণে কেইবাজনো লোক অসুবিধাত পৰে। সকলোৰে নিজা চিন্তাধাৰা আছে আৰু মই বিশ্বাস কৰোঁ যে নেতাজী আৰু সাভাৰকাৰ (বীৰ সাভাৰকাৰ)ৰ দৰে আন কেইবাজনো বিপ্লৱীৰ সংগ্ৰাম সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হৈছে। কেৱল এটা ফাল দেখুওৱা হৈছিল য'ত কোৱা হৈছিল 'মোক মোৰ মুখৰ এফালে থাপ্পড় মাৰিব, মই আনটোও ঘূৰাই দিম' (এইটো মহাত্মা গান্ধীয়ে কৈছিল)। কেৱল সেই পক্ষটোক দেখুওৱা হৈছিল যে আমি অনশন আৰু দাণ্ডি পদযাত্ৰা কৰি স্বাধীনতা অৰ্জন কৰিছিলো। সেয়া নহয়।"

ভাৰতৰ স্বাধীনতা সংগ্ৰামত লাখ লাখ লোকে আত্মবলিদান দিছিল। নেতাজীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত  ভাৰতক ভয়ানক পৰিস্থিতিৰ পৰা বচাবলৈ   সমগ্ৰ বিশ্বতে প্ৰচাৰ চলাইছিল। তেওঁ এটা সৈন্যবাহিনীও নিৰ্মাণ কৰিছিল আৰু সক্ৰিয়ৰূপে  অংশগ্ৰহণ কৰিছিল ৷ এনেদৰে ব্ৰিটিছসকলৰ ওপৰত চাপ সৃষ্টি কৰিছিল। তদুপৰি নেতাজী ক্ষমতাৰ বাবে ভোকাতুৰ নহয়,তেওঁ স্বাধীনতাৰ বাবেহে  ভোকাতুৰ আছিল বুলিও কংগনাই মন্তব্য দিয়ে৷ লগতে এই অনুষ্ঠানটোত উপস্থিত থাকি 
কংগনাই “ৰাজপথ”ৰ নাম সলনি কৰি “কৰ্তব্য পথ” ৰখাৰ বাবে  নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য