--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক তেওঁৰ চৰকাৰী বাসভৱনটো খালী কৰাৰ জাননী জাৰি কৰে।  অহা এমাহৰ ভিতৰত বাংলোটো খালী কৰিবলৈ জাননীত কোৱা হৈছে। ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ পিছতে এই জাননী প্ৰেৰণ কৰা হৈছে৷

ৰাহুল ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ আছিল। সেই অনুসৰি, দিল্লীৰ ১২ তোঘলক ৰোডত ৰাহুলৰ বাবে এটা চৰকাৰী বাংলো আৱণ্টন কৰা হৈছিল। ২৩ মাৰ্চত, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। ইয়াৰ পিছত, ৰাহুল গান্ধীক  বাংলোটো খালী কৰিবলৈ জাননী জাৰি কৰা হৈছিল।ৰাহুল গান্ধীক অহা এমাহৰ ভিতৰত চৰকাৰী বাংলো খালী কৰিবলৈ জাননী জাৰি কৰা হৈছে। অৱশ্যে, ৰাহুলে দাবী কৰিছে যে তেওঁলোকে এনে ধৰণৰ কোনো জাননী লাভ কৰা নাই।ৰাহুল গান্ধীক অলপতে এটা গোচৰৰ ৰায়দানৰ ভিত্তিত  লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ কথাই দেশৰ ৰাজনীতি তোলপাৰ লগাইছে। 

কংগ্ৰেছৰ অন্যতম নেতা  ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাৰ পিছতে বিৰোধী শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই শুকুৰবাৰে ৰাহুল গান্ধীক সংসদৰ পৰা অপসাৰণ কৰা কাৰ্যক  "গণতন্ত্ৰৰ হত্যা" বুলি অভিহিত কৰে। থাকৰেৰ মতে, "চোৰক চোৰ বুলি কোৱা"টোও এতিয়া এই দেশত অপৰাধ হৈ পৰিছে। তেওঁ লগতে ইয়াক  একনায়কত্বৰ সমাপ্তিৰ আৰম্ভণি বুলিও মন্তব্য কৰে।।থাকৰেই কয় "ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ অৱশেষত বাতিল কৰা হৈছে। চোৰক চোৰ বুলি কোৱাটো আমাৰ দেশত অপৰাধ হৈ পৰিছে। দেশ লুণ্ঠন কৰা চোৰবোৰ এতিয়াও মুক্ত হৈ আছে …৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ