--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক তেওঁৰ চৰকাৰী বাসভৱনটো খালী কৰাৰ জাননী জাৰি কৰে।  অহা এমাহৰ ভিতৰত বাংলোটো খালী কৰিবলৈ জাননীত কোৱা হৈছে। ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ পিছতে এই জাননী প্ৰেৰণ কৰা হৈছে৷

ৰাহুল ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ আছিল। সেই অনুসৰি, দিল্লীৰ ১২ তোঘলক ৰোডত ৰাহুলৰ বাবে এটা চৰকাৰী বাংলো আৱণ্টন কৰা হৈছিল। ২৩ মাৰ্চত, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। ইয়াৰ পিছত, ৰাহুল গান্ধীক  বাংলোটো খালী কৰিবলৈ জাননী জাৰি কৰা হৈছিল।ৰাহুল গান্ধীক অহা এমাহৰ ভিতৰত চৰকাৰী বাংলো খালী কৰিবলৈ জাননী জাৰি কৰা হৈছে। অৱশ্যে, ৰাহুলে দাবী কৰিছে যে তেওঁলোকে এনে ধৰণৰ কোনো জাননী লাভ কৰা নাই।ৰাহুল গান্ধীক অলপতে এটা গোচৰৰ ৰায়দানৰ ভিত্তিত  লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ কথাই দেশৰ ৰাজনীতি তোলপাৰ লগাইছে। 

কংগ্ৰেছৰ অন্যতম নেতা  ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাৰ পিছতে বিৰোধী শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই শুকুৰবাৰে ৰাহুল গান্ধীক সংসদৰ পৰা অপসাৰণ কৰা কাৰ্যক  "গণতন্ত্ৰৰ হত্যা" বুলি অভিহিত কৰে। থাকৰেৰ মতে, "চোৰক চোৰ বুলি কোৱা"টোও এতিয়া এই দেশত অপৰাধ হৈ পৰিছে। তেওঁ লগতে ইয়াক  একনায়কত্বৰ সমাপ্তিৰ আৰম্ভণি বুলিও মন্তব্য কৰে।।থাকৰেই কয় "ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ অৱশেষত বাতিল কৰা হৈছে। চোৰক চোৰ বুলি কোৱাটো আমাৰ দেশত অপৰাধ হৈ পৰিছে। দেশ লুণ্ঠন কৰা চোৰবোৰ এতিয়াও মুক্ত হৈ আছে …৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু