--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে চৰকাৰী ঘৰো খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছতেই তেওঁৰ সমৰ্থকসকলৰ মাজত তীব্ৰ ক্ষোভ-অসন্তুষ্টিৰ সৃষ্টি হৈছে। ৰাহুল গান্ধীৰ চৰকাৰী বাংলো খালী কৰাৰ জাননী লাভ কৰাৰ পাছতেই দিল্লীৰ এগৰাকী মহিলাই নিজৰ চাৰি মহলীয়া এটা ঘৰ ৰাহুল গান্ধীৰ নামত কৰি দিছে।

দিল্লীৰ ৰাজকুমাৰী গুপ্তা নামৰ এগৰাকী মহিলাই দিল্লীৰ মংগলপুৰী অঞ্চলৰ ৪ মহলীয়া ঘৰটো নাম ৰাহুল গান্ধীৰ নামত কৰি দিলে। দিল্লী কংগ্ৰেছ সেৱা দলৰ সৈতে জড়িত ৰাজকুমাৰী গুপ্তা। লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ ভিতৰত চৰকাৰী ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সদস্যপদ হেৰুৱাৰ পিছত কংগ্ৰেছে প্ৰচাৰ চলাইছিল, 'মেৰা ঘৰ ৰাহুল গান্ধী কা ঘৰ'। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে হাউছ কমিটীয়ে কংগ্ৰেছ নেতাগৰাকীক ১২ টুগলক লেনত থকা চৰকাৰী ঘৰ খালী কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে।ৰাজকুমাৰী গুপ্তাই এই সন্দৰ্ভত কয় ''এতিয়া ৰাহুল গান্ধীয়ে আমাৰ ঘৰত আৰামত থাকিব পাৰিব।''

গুজৰাটৰ চুৰাটৰ এখন আদালতে যোৱা ২৩ মাৰ্চত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২০১৯ চনত ‘মোডী উপাধি’ মন্তব্যৰ বাবে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। অৱশ্যে শাস্তি পোৱাৰ লগে লগে আদালতে তেওঁক এমাহৰ বাবে জামিনো মঞ্জুৰ কৰিছিল। পাছদিনা ২৪ মাৰ্চত তেওঁক লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰা হয়। অযোগ্য সাংসদজনে সদস্যপদ সমাপ্ত হোৱাৰ এমাহৰ ভিতৰত চৰকাৰী বাংলো খালী কৰিব লগা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত