--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে চৰকাৰী ঘৰো খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছতেই তেওঁৰ সমৰ্থকসকলৰ মাজত তীব্ৰ ক্ষোভ-অসন্তুষ্টিৰ সৃষ্টি হৈছে। ৰাহুল গান্ধীৰ চৰকাৰী বাংলো খালী কৰাৰ জাননী লাভ কৰাৰ পাছতেই দিল্লীৰ এগৰাকী মহিলাই নিজৰ চাৰি মহলীয়া এটা ঘৰ ৰাহুল গান্ধীৰ নামত কৰি দিছে।

দিল্লীৰ ৰাজকুমাৰী গুপ্তা নামৰ এগৰাকী মহিলাই দিল্লীৰ মংগলপুৰী অঞ্চলৰ ৪ মহলীয়া ঘৰটো নাম ৰাহুল গান্ধীৰ নামত কৰি দিলে। দিল্লী কংগ্ৰেছ সেৱা দলৰ সৈতে জড়িত ৰাজকুমাৰী গুপ্তা। লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ ভিতৰত চৰকাৰী ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সদস্যপদ হেৰুৱাৰ পিছত কংগ্ৰেছে প্ৰচাৰ চলাইছিল, 'মেৰা ঘৰ ৰাহুল গান্ধী কা ঘৰ'। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে হাউছ কমিটীয়ে কংগ্ৰেছ নেতাগৰাকীক ১২ টুগলক লেনত থকা চৰকাৰী ঘৰ খালী কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে।ৰাজকুমাৰী গুপ্তাই এই সন্দৰ্ভত কয় ''এতিয়া ৰাহুল গান্ধীয়ে আমাৰ ঘৰত আৰামত থাকিব পাৰিব।''

গুজৰাটৰ চুৰাটৰ এখন আদালতে যোৱা ২৩ মাৰ্চত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২০১৯ চনত ‘মোডী উপাধি’ মন্তব্যৰ বাবে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। অৱশ্যে শাস্তি পোৱাৰ লগে লগে আদালতে তেওঁক এমাহৰ বাবে জামিনো মঞ্জুৰ কৰিছিল। পাছদিনা ২৪ মাৰ্চত তেওঁক লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰা হয়। অযোগ্য সাংসদজনে সদস্যপদ সমাপ্ত হোৱাৰ এমাহৰ ভিতৰত চৰকাৰী বাংলো খালী কৰিব লগা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ