--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ তেলেংগানাৰ চাইবাৰাবাদ আৰক্ষীয়ে এটা ডাটা চুৰিৰ নেটৱৰ্ক ফাদিল কৰিবলৈ সক্ষম হৈছে। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। চাইবাৰাবাদ আৰক্ষীয়ে তেওঁৰ পৰা ৬৬.৯ কোটি লোক আৰু ফাৰ্মৰ তথ্য লাভ কৰিছে। এই তথ্য দেশৰ ২৪খন ৰাজ্য আৰু ৮খন মহানগৰৰ ১০৪টা শিতানত বুলি আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে।

 ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি এই ব্যক্তিজনে এটা ব্যক্তিগত আৰু গোপনীয় তথ্য অবৈধভাৱে উলিয়াইছিল, তাৰ পাছত তেওঁ বিক্ৰী কৰিছিল। এই ব্যক্তিজনৰ হাতত বাইজুছ আৰু বেদান্তুৰ ছাত্ৰ-ছাত্ৰীৰ তথ্যও আছিল। ইয়াৰ উপৰি ৮খন মেট্ৰ চহৰত কেব ব্যৱহাৰ কৰা ১.৮৪ লাখ লোকৰ তথ্যও ব্যক্তিজনৰ সৈতে উপলব্ধ আছিল। কেৱল এয়াই নহয়, ৬খন চহৰ আৰু গুজৰাটৰ ৪.৫ লাখ নিয়োজিত লোকৰ তথ্যও ব্যক্তিজনে লাভ কৰিছিল।

 কোৱা হৈছে যে অভিযুক্তৰ পৰা বহু বৃহৎ ফাৰ্মৰ তথ্য উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত জি এছ টি, আৰ টি অ, এমাজন, নেটফ্লিক্স, ইউটিউব, পেটিএম, ফোনপে, বিগ বাস্কেট, বুক মাই শ্ব, ইনষ্টাগ্ৰাম, জমেটো, পলিচি বাজাৰ, আপষ্টক আদি বহু বৃহৎ কোম্পানীৰ নাম।

 চাইবাৰাবাদ আৰক্ষীয়ে জনোৱা মতে প্ৰতিৰক্ষা লোক, চৰকাৰী কৰ্মচাৰী, পেন কাৰ্ডধাৰী, ৯-১০-১১-১২ৰ ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক, দিল্লীৰ বিদ্যুৎ গ্ৰাহক, ডি-মেট একাউণ্ট চলোৱা লোককে ধৰি বহু লোক অভিযুক্তৰ সংস্পৰ্শত আছিল। ক্ৰেডিট আৰু ডেবিট কাৰ্ডধাৰীসকলৰ মোবাইল নম্বৰৰ তথ্যও ধৃত লোকজনৰ পৰা লাভ কৰা হৈছে।

 আৰক্ষীৰ তথ্য অনুসৰি ধৃত অভিযুক্তৰ নাম বিনয় ভৰদ্বাজ। অভিযুক্তই হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা ইনস্পাইৰৱেবজ নামৰ ৱেবছাইটৰ জৰিয়তে নিজৰ নেটৱৰ্ক চলাইছিল। আৰক্ষীয়ে জনোৱা মতে অভিযুক্তই ক্লাউড ড্ৰাইভ লিংকৰ জৰিয়তে নিজৰ গ্ৰাহকসমূহক ডাটা বিক্ৰী কৰিছিল। এই তথ্য তেওঁ আমিৰ ছোহেইল আৰু মদন গোপালৰ পৰা পাইছিল বুলি জানিব পৰা গৈছে৷

 গ্ৰেপ্তাৰৰ তথ্য দি আৰক্ষীয়ে কয় যে অভিযুক্তৰ পৰা NEETৰ ছাত্ৰ-ছাত্ৰীৰ তথ্যও উদ্ধাৰ কৰা হৈছে। তদুপৰি অভিযুক্তৰ পৰা দুটা মোবাইল আৰু দুটা লেপটপ জব্দ কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement