--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ তেলেংগানাৰ চাইবাৰাবাদ আৰক্ষীয়ে এটা ডাটা চুৰিৰ নেটৱৰ্ক ফাদিল কৰিবলৈ সক্ষম হৈছে। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। চাইবাৰাবাদ আৰক্ষীয়ে তেওঁৰ পৰা ৬৬.৯ কোটি লোক আৰু ফাৰ্মৰ তথ্য লাভ কৰিছে। এই তথ্য দেশৰ ২৪খন ৰাজ্য আৰু ৮খন মহানগৰৰ ১০৪টা শিতানত বুলি আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে।

 ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি এই ব্যক্তিজনে এটা ব্যক্তিগত আৰু গোপনীয় তথ্য অবৈধভাৱে উলিয়াইছিল, তাৰ পাছত তেওঁ বিক্ৰী কৰিছিল। এই ব্যক্তিজনৰ হাতত বাইজুছ আৰু বেদান্তুৰ ছাত্ৰ-ছাত্ৰীৰ তথ্যও আছিল। ইয়াৰ উপৰি ৮খন মেট্ৰ চহৰত কেব ব্যৱহাৰ কৰা ১.৮৪ লাখ লোকৰ তথ্যও ব্যক্তিজনৰ সৈতে উপলব্ধ আছিল। কেৱল এয়াই নহয়, ৬খন চহৰ আৰু গুজৰাটৰ ৪.৫ লাখ নিয়োজিত লোকৰ তথ্যও ব্যক্তিজনে লাভ কৰিছিল।

 কোৱা হৈছে যে অভিযুক্তৰ পৰা বহু বৃহৎ ফাৰ্মৰ তথ্য উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত জি এছ টি, আৰ টি অ, এমাজন, নেটফ্লিক্স, ইউটিউব, পেটিএম, ফোনপে, বিগ বাস্কেট, বুক মাই শ্ব, ইনষ্টাগ্ৰাম, জমেটো, পলিচি বাজাৰ, আপষ্টক আদি বহু বৃহৎ কোম্পানীৰ নাম।

 চাইবাৰাবাদ আৰক্ষীয়ে জনোৱা মতে প্ৰতিৰক্ষা লোক, চৰকাৰী কৰ্মচাৰী, পেন কাৰ্ডধাৰী, ৯-১০-১১-১২ৰ ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক, দিল্লীৰ বিদ্যুৎ গ্ৰাহক, ডি-মেট একাউণ্ট চলোৱা লোককে ধৰি বহু লোক অভিযুক্তৰ সংস্পৰ্শত আছিল। ক্ৰেডিট আৰু ডেবিট কাৰ্ডধাৰীসকলৰ মোবাইল নম্বৰৰ তথ্যও ধৃত লোকজনৰ পৰা লাভ কৰা হৈছে।

 আৰক্ষীৰ তথ্য অনুসৰি ধৃত অভিযুক্তৰ নাম বিনয় ভৰদ্বাজ। অভিযুক্তই হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা ইনস্পাইৰৱেবজ নামৰ ৱেবছাইটৰ জৰিয়তে নিজৰ নেটৱৰ্ক চলাইছিল। আৰক্ষীয়ে জনোৱা মতে অভিযুক্তই ক্লাউড ড্ৰাইভ লিংকৰ জৰিয়তে নিজৰ গ্ৰাহকসমূহক ডাটা বিক্ৰী কৰিছিল। এই তথ্য তেওঁ আমিৰ ছোহেইল আৰু মদন গোপালৰ পৰা পাইছিল বুলি জানিব পৰা গৈছে৷

 গ্ৰেপ্তাৰৰ তথ্য দি আৰক্ষীয়ে কয় যে অভিযুক্তৰ পৰা NEETৰ ছাত্ৰ-ছাত্ৰীৰ তথ্যও উদ্ধাৰ কৰা হৈছে। তদুপৰি অভিযুক্তৰ পৰা দুটা মোবাইল আৰু দুটা লেপটপ জব্দ কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত