--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে আজি টেষ্ট ক্ৰিকেটৰ ৰেংকিঙৰ তালিকা ৰাজহুৱা কৰিছে৷ ভাৰতীয় ক্ৰিকেট জগতৰ বলিং মহাতাৰকা ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট বলাৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে৷

ইয়াৰ উপৰিও ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অল্-ৰাউণ্ডাৰ অক্ষৰ পেটেলেও তালিকাত নিজৰ নাম উন্নীত কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ বিৰাট কোহলীয়ে তিনি বছৰৰ পিছত অষ্ট্ৰেলিয়াৰ বিপক্ষে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ ২৮তম্ শতক প্ৰদৰ্শন কৰিছে৷সেই প্ৰদৰ্শনৰ জৰিয়তে কোহলীয়ে ত্ৰয়োদশ স্থানলৈ নিজৰ স্থান উন্নত কৰিছে৷উল্লেখযোগ্য যে  ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তে নৱম স্থান,অধিনায়ক ৰোহিত শৰ্মাই দশম স্থান উক্ত তালিকাত অক্ষুণ্ণ ৰাখিছে৷

মন কৰিবলগীয়া কথা এইটো যে, ৰবিচন্দ্ৰন অশ্বিনে ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জেমছ্ এণ্ডাৰচনক ১০নম্বৰৰমত পাছ পেলাই শীৰ্ষ স্থান অব্যাহত ৰাখিছে,প্ৰথমে দুয়োজন খ্যাতিসম্পন্ন বলাৰ যুটীয়াভাৱে শীৰ্ষস্থানত আছিল কিন্তু বৰ্তমান জেমছক পিছ পেলাই অশ্বিনে প্ৰথম স্থান অধিকাৰ কৰিছে৷

অলৰাউণ্ডাৰৰ কথা উল্লেখ কৰিবলৈ গ’লে  ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই শীৰ্ষস্থান অধিকাৰ কৰিছে৷শেহতীয়াকৈ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত কৰা প্ৰদৰ্শনৰ জৰিয়তে জাদেজা আৰু অক্ষৰ পেটেল দুয়োজন অল ৰাউণ্ডাৰে নিজৰ স্থানৰ অংকৰ পৰিমাণ বৃদ্ধি কৰিছে৷

আইচিচিৰ বেটিং ৰেংকিংত, অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেৰ্ন প্ৰথম স্থানত আছে,দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰে ষ্টিভ স্মিথ,তৃতীয় স্থানত ইংলেণ্ডৰ জো ৰুট,পাকিস্তানৰ বাবৰ আজম চতুৰ্থ আৰু অষ্ট্ৰেলিয়াৰে ট্ৰেভিছ হেডে পঞ্চম স্থানত আছে। বলাৰসকলৰ ভিতৰত শীৰ্ষত ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন,ইংলেণ্ডৰ জেমছ এণ্ডাৰছন দ্বিতীয়, অষ্ট্ৰেলিয়াৰ পেট কামিন্স তৃতীয়,দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাবাডাই চতুৰ্থ আৰু পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্ৰিদি পঞ্চম স্থানত আছে।

অলৰাউণ্ডাৰৰ তালিকাৰ শীৰ্ষত ভাৰতৰ ৰবীন্দ্ৰ জাদেজা শীৰ্ষ স্থানত থকাৰ বিপৰীতে ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন দ্বিতীয়, বাংলাদেশৰ চাকিব আল হাছান তৃতীয়, ভাৰতৰ অক্ষৰ পেটেল চতুৰ্থ আৰু ইংলেণ্ডৰ বেন ষ্টোকছ পঞ্চম স্থানত আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক