--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে আজি টেষ্ট ক্ৰিকেটৰ ৰেংকিঙৰ তালিকা ৰাজহুৱা কৰিছে৷ ভাৰতীয় ক্ৰিকেট জগতৰ বলিং মহাতাৰকা ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট বলাৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে৷

ইয়াৰ উপৰিও ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অল্-ৰাউণ্ডাৰ অক্ষৰ পেটেলেও তালিকাত নিজৰ নাম উন্নীত কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ বিৰাট কোহলীয়ে তিনি বছৰৰ পিছত অষ্ট্ৰেলিয়াৰ বিপক্ষে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ ২৮তম্ শতক প্ৰদৰ্শন কৰিছে৷সেই প্ৰদৰ্শনৰ জৰিয়তে কোহলীয়ে ত্ৰয়োদশ স্থানলৈ নিজৰ স্থান উন্নত কৰিছে৷উল্লেখযোগ্য যে  ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তে নৱম স্থান,অধিনায়ক ৰোহিত শৰ্মাই দশম স্থান উক্ত তালিকাত অক্ষুণ্ণ ৰাখিছে৷

মন কৰিবলগীয়া কথা এইটো যে, ৰবিচন্দ্ৰন অশ্বিনে ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জেমছ্ এণ্ডাৰচনক ১০নম্বৰৰমত পাছ পেলাই শীৰ্ষ স্থান অব্যাহত ৰাখিছে,প্ৰথমে দুয়োজন খ্যাতিসম্পন্ন বলাৰ যুটীয়াভাৱে শীৰ্ষস্থানত আছিল কিন্তু বৰ্তমান জেমছক পিছ পেলাই অশ্বিনে প্ৰথম স্থান অধিকাৰ কৰিছে৷

অলৰাউণ্ডাৰৰ কথা উল্লেখ কৰিবলৈ গ’লে  ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই শীৰ্ষস্থান অধিকাৰ কৰিছে৷শেহতীয়াকৈ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত কৰা প্ৰদৰ্শনৰ জৰিয়তে জাদেজা আৰু অক্ষৰ পেটেল দুয়োজন অল ৰাউণ্ডাৰে নিজৰ স্থানৰ অংকৰ পৰিমাণ বৃদ্ধি কৰিছে৷

আইচিচিৰ বেটিং ৰেংকিংত, অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেৰ্ন প্ৰথম স্থানত আছে,দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰে ষ্টিভ স্মিথ,তৃতীয় স্থানত ইংলেণ্ডৰ জো ৰুট,পাকিস্তানৰ বাবৰ আজম চতুৰ্থ আৰু অষ্ট্ৰেলিয়াৰে ট্ৰেভিছ হেডে পঞ্চম স্থানত আছে। বলাৰসকলৰ ভিতৰত শীৰ্ষত ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন,ইংলেণ্ডৰ জেমছ এণ্ডাৰছন দ্বিতীয়, অষ্ট্ৰেলিয়াৰ পেট কামিন্স তৃতীয়,দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাবাডাই চতুৰ্থ আৰু পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্ৰিদি পঞ্চম স্থানত আছে।

অলৰাউণ্ডাৰৰ তালিকাৰ শীৰ্ষত ভাৰতৰ ৰবীন্দ্ৰ জাদেজা শীৰ্ষ স্থানত থকাৰ বিপৰীতে ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন দ্বিতীয়, বাংলাদেশৰ চাকিব আল হাছান তৃতীয়, ভাৰতৰ অক্ষৰ পেটেল চতুৰ্থ আৰু ইংলেণ্ডৰ বেন ষ্টোকছ পঞ্চম স্থানত আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু