--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি, তেওঁ বিভিন্ন লোক আৰু সংগঠনক প্ৰতাৰণা কৰি কেইবা কোটি টকা আত্মসাৎ কৰি আহিছে। বিভিন্ন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে অন্ধ্ৰ প্ৰদেশৰ ক্ৰিকেটাৰগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।

ধৃত ক্ৰিকেটাৰজনৰ নাম নাগাৰাজু বুডুমুৰু। যোৱা বছৰৰ ডিচেম্বৰ মাহত তেওঁ অন্ধ্ৰ প্ৰদেশৰ এখন সুপৰিচিত ইলেক্ট্ৰনিকছ ইকুইপমেণ্ট ষ্ট’ৰৰ এজন কৰ্মচাৰীক ফোন কৰিছিল। তেওঁ কয় যে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰ ব্যক্তিগত সহায়ক। তেওঁ কয় যে দোকানখনক টকাৰে সহায় কৰি এজন উদীয়মান ক্ৰিকেটাৰক পৃষ্ঠপোষকতা কৰিব লাগে। সেই ক্ৰিকেটাৰজনৰ নাম ৰিকি ভুই। সেই ক্ৰিকেটাৰজনক ১২ লাখ টকা পৃষ্ঠপোষকতা হিচাপে দিব লাগে বুলি  নাগাৰাজুৱে  নিৰ্দেশ দিয়ে। সেই অনুসৰি দোকানখনে টকাখিনি দিয়ে। কিন্তু ব’ৰ্ডৰ পৰা কোনো উত্তৰ নোপোৱাত দোকানখনে সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পিছতে থানাত এজাহাৰৰ খবৰ দিয়া হয়।

মুম্বাইৰ ডিচিপি (চাইবাৰ-ক্ৰাইম) বলসিং ৰাজপুতে কয়- ''দোকানৰ পৰা অভিযোগ পোৱাৰ পিছত আমি নাগাৰাজুৰ সন্ধান উলিয়ালোঁ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ য়াৱৰীপেটাত থকা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।”

আৰক্ষীৰ মতে, নাগাৰাজু বিলাসী জীৱনশৈলীত অভ্যস্ত হৈ পৰিছিল। ক্ৰিকেট কেৰিয়াৰ শেষ হোৱাৰ পিছতো তেওঁ সেই জীৱনশৈলীৰ পৰা ওলাই আহিব নোৱাৰিলে। ইয়াৰ পিছত তেওঁ ঠগবাজ কৰিবলৈ ধৰিলে।

আৰক্ষীৰ মতে, ২০১৮ চনৰ পিছত তেওঁ ক্ৰিকেট দলত সুযোগ নাপালে। বিলাসী জীৱনশৈলী বজাই ৰাখিবলৈ তেওঁ বিভিন্ন আঁচনি ব্যৱহাৰ কৰি মানুহক প্ৰতাৰণা কৰিবলৈ আৰম্ভ কৰিলে। বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ ওচৰত বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ নেচনেল ক্ৰিকেট একাডেমীৰ সৈতে জড়িত বুলি দাবী কৰিছিল।

নাগাৰাজুৰ এমবিএ ডিগ্ৰীধাৰী। ২০১৪-২০১৬ চনলৈ ৰঞ্জি ট্ৰফীত অন্ধ্ৰৰ হৈ খেলিছিল। আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ সদস্যও আছিল। ইয়াৰ পূৰ্বেও ২০২১ চনত এবাৰ গ্ৰেপ্তাৰ হৈছিল। সেইবাৰ তেওঁ অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰী কে টি ৰামা ৰাওৰ ব্যক্তিগত সম্পাদক হৈ ৯টা কৰ্পৰেটক ৪০ লাখ টকাৰ প্ৰতাৰণা কৰিছিল। এই পৰ্যন্ত নাগাৰাজুৰ বিৰুদ্ধে ৬০টা কোম্পানীক প্ৰতাৰণা কৰি ৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ বিৰুদ্ধে কমেও ৩০টা এফআইআৰ।

এই অপৰাধ স্বীকাৰ কৰিছে নাগাৰাজুৱে। দাবী কৰিছে যে তেওঁ প্ৰতিশোধ ল’বলৈকে এই কাম আৰম্ভ কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ এজন ৰাজনৈতিক নেতাক ১৫ লাখ টকা তেওঁ দিছিল কিন্তু ঘূৰাই নাপালে। ইয়াৰ পিছতে ক্ৰিকেট কেৰিয়াৰৰ অন্ত পৰিছিল তেওঁৰ। ফলত তেওঁ প্ৰতাৰণাৰ খেলত লিপ্ত হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু