--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিজ্ঞ ভাৰতীয় অপেনাৰ শিখৰ ধাৱানে এইচআইভি পৰীক্ষা কৰোৱাৰ বিষয়ে তেওঁৰ এক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে তেওঁৰ শৰীৰত টাটু আঁকিবলৈ ভালপায়৷ শেহতীয়াকৈ  তেওঁ শৈশৱৰ এটা কাহিনী প্ৰকাশ কৰিছে৷  তেওঁ এবাৰ টাটু কৰিছিল৷ এই কথা  মাক- দেউতাকে জানিব পাৰি  খঙতে  তেওঁক মাৰপিট কৰিছিল।

শিখৰে ধাৱানে কয়  "যেতিয়া মোৰ বয়স ১৪-১৫ বছৰ আছিল, মই মানালীলৈ গৈছিলো আৰু মোৰ পৰিয়ালৰ সদস্যসকলক অৱগত নকৰাকৈ মোৰ পিঠিত এটা টাটু কৰাইছিলো। মই ইয়াক কিছু দিনৰ বাবে লুকুৱাব লগা হৈছিল, প্ৰায় ৩-৪ মাহ পিছত যেতিয়া মোৰ দেউতাই জানিব পাৰিছিল মই টাটু কৰিছো, তেতিয়া  তেওঁ মোক প্ৰহাৰ কৰিছিল। টাটুটো কৰাৰ পিছত মই অলপ ভয় খাইছিলো ৷ কাৰণ টাটু কৰোতে বেজী ব্যৱহাৰ কৰা হয়৷ বেজীটো পৰিশোধিত আছিল নে নাই সেই বিষয়ে মই অৱগত নাছিলো৷ গতিকে ভয়তে মই গৈ এইচ.আই.ভি. পৰীক্ষা  কৰিছিলো আৰু মোৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল৷ "

উল্লেখ্য এই ছিজনত পঞ্জাৱ কিংছৰ নেতৃত্ব দিবলগীয়া শিখৰ ধাৱানে চাৰি মাহৰ পিছত তেওঁৰ প্ৰত্যাৱৰ্তন  কৰিবলৈ সাজু হৈছে৷ বাওঁহতীয়া  অপেনাৰ জনে  ২০২২ চনৰ নৱেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁৰ অন্তিমখন মেচ খেলিছিল।

১ এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে তেওঁ  প্ৰথমখন খেল খেলিব। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষোড়শ সংস্কৰণ ৩১ মাৰ্চৰ পৰা আৰম্ভ হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু