--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিজ্ঞ ভাৰতীয় অপেনাৰ শিখৰ ধাৱানে এইচআইভি পৰীক্ষা কৰোৱাৰ বিষয়ে তেওঁৰ এক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে তেওঁৰ শৰীৰত টাটু আঁকিবলৈ ভালপায়৷ শেহতীয়াকৈ  তেওঁ শৈশৱৰ এটা কাহিনী প্ৰকাশ কৰিছে৷  তেওঁ এবাৰ টাটু কৰিছিল৷ এই কথা  মাক- দেউতাকে জানিব পাৰি  খঙতে  তেওঁক মাৰপিট কৰিছিল।

শিখৰে ধাৱানে কয়  "যেতিয়া মোৰ বয়স ১৪-১৫ বছৰ আছিল, মই মানালীলৈ গৈছিলো আৰু মোৰ পৰিয়ালৰ সদস্যসকলক অৱগত নকৰাকৈ মোৰ পিঠিত এটা টাটু কৰাইছিলো। মই ইয়াক কিছু দিনৰ বাবে লুকুৱাব লগা হৈছিল, প্ৰায় ৩-৪ মাহ পিছত যেতিয়া মোৰ দেউতাই জানিব পাৰিছিল মই টাটু কৰিছো, তেতিয়া  তেওঁ মোক প্ৰহাৰ কৰিছিল। টাটুটো কৰাৰ পিছত মই অলপ ভয় খাইছিলো ৷ কাৰণ টাটু কৰোতে বেজী ব্যৱহাৰ কৰা হয়৷ বেজীটো পৰিশোধিত আছিল নে নাই সেই বিষয়ে মই অৱগত নাছিলো৷ গতিকে ভয়তে মই গৈ এইচ.আই.ভি. পৰীক্ষা  কৰিছিলো আৰু মোৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল৷ "

উল্লেখ্য এই ছিজনত পঞ্জাৱ কিংছৰ নেতৃত্ব দিবলগীয়া শিখৰ ধাৱানে চাৰি মাহৰ পিছত তেওঁৰ প্ৰত্যাৱৰ্তন  কৰিবলৈ সাজু হৈছে৷ বাওঁহতীয়া  অপেনাৰ জনে  ২০২২ চনৰ নৱেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁৰ অন্তিমখন মেচ খেলিছিল।

১ এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে তেওঁ  প্ৰথমখন খেল খেলিব। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষোড়শ সংস্কৰণ ৩১ মাৰ্চৰ পৰা আৰম্ভ হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে