--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রযুক্তিবিদসকলে অনুষ্ঠানত কয় যে এ আইৰ ওপৰত এতিয়াই নিয়ন্ত্রণ নানিলে ভৱিষ্যতে ইয়াক নিয়ন্ত্রণ কৰাটো কঠিন হৈ পৰিব।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ সুৰক্ষা বিধি প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰসংঘক আহ্বান জনাইছে এ আই কোম্পানীসমূহে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত ভাগ লোৱা অ'পেন এ আই, এনথ্র'পিক আদি শীর্ষ প্রযুক্তি প্রতিষ্ঠানৰ নেতৃত্বই বিশ্বৰ অভিভাৱক সংস্থাটোক আহ্বান জনাই কয় যে এ আয়ে বৰ্তমান আমাৰ দৈনন্দিন জীৱনযাত্রা সহজ কৰি তুলিছে। শিক্ষাৰ পৰা যুদ্ধ-বিগ্রহলৈ, চিকিৎসাৰ পৰা বাণিজ্য খণ্ডলৈ সকলোতে এ আইৰ ব্যৱহাৰ হৈছে। 


কিন্তু শীঘ্রেই এ আই প্ৰযুক্তিৰ ওপৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা নহ'লে ই মানৱ জাতিৰ প্ৰতি বিপদ মাতি আনিব। গতিকে এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম প্ৰৱৰ্তন কৰাটো অতি প্রয়োজন হৈ পৰিছে বুলি প্রযুক্তি প্রতিষ্ঠানসমূহৰ শীর্ষ নেতৃত্বই মত প্রকাশ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত অ'পেন এ আইৰ মুখ্য কার্যবাহী বিষয়া ছেম অল্টমেন, এনথ্র'পিকৰ মুখ্য কাৰ্যবাহী বিষয়া ডাৰিঅ' অমোডেইকে ধৰি কেইবাটাও প্রযুক্তি কোম্পানীৰ শীর্ষ নেতৃত্ব উপস্থিত থাকে। 


প্রযুক্তিবিদসকলে অনুষ্ঠানত কয় যে এ আইৰ ওপৰত এতিয়াই নিয়ন্ত্রণ নানিলে ভৱিষ্যতে ইয়াক নিয়ন্ত্রণ কৰাটো কঠিন হৈ পৰিব। গতিকে এই বিষয়ত ব্যৱস্থা ল'বলৈ ৰাষ্ট্ৰসংঘক প্রযুক্তিবিদসকলে আহবান জনায়।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ