--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইআইটি দিল্লীৰ সোণৰ পদক বিজয়ী অভিযন্তাই সন্ন্যাসী হোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তেওঁ এমটেক কৰিছিল। বিশাল ধনৰাশিৰ দৰমহাত কামো কৰিছিল কিন্তু ২৮ বছৰ বয়সত তেওঁ সন্ন্যাসীৰ জীৱন গ্ৰহণ কৰিছিল।

আইআইটি দিল্লীৰ স্বৰ্ণ পদক বিজয়ী ছাত্ৰ সন্দীপ কুমাৰ ভাট অভিযন্তাৰ পৰা সন্ন্যাসীলৈ পৰিণত হৈছে। তেওঁ বিয়াও কৰোৱা নাই।

যেতিয়া তেওঁ সন্ন্যাসী হ’ল তেতিয়া তেওঁ নাম ললে স্বামী সুন্দৰ গোপাল দাস। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ কয় যে ২০০২ চনত তেওঁ IIT দিল্লীৰ পৰা B.Tech কৰিছিল, B.Tech ত সোণৰ পদক অৰ্জন কৰিছিল।

২০০৪ চনত তেওঁ এমটেক সম্পূৰ্ণ কৰে। ২০০৪ চনৰ পৰা ২০০৭ চনলৈকে লাৰ্চেন এণ্ড ট্যুব্ৰ’ত মেনেজাৰ হিচাপে কাম কৰিছিল। ২০০৭ চনতেই তেওঁ সন্ন্যাসী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সন্দীপ ভাটে কয় যে মেচিনৰ মানদণ্ড বাঢ়িছে যদিও মানুহৰ মানদণ্ড হ্ৰাস পাইছে। প্ৰতি বছৰে লাখ লাখ অপৰাধ সংঘটিত হয়, এয়াই প্ৰমাণ যে মানুহৰ গুণগত মান অৱনতি ঘটিছে। ইঞ্জিনিয়াৰিং কৰি থাকোঁতে তেওঁ লক্ষ্য কৰিছিল যে তেওঁৰ চাৰিওফালে বহুতো ইঞ্জিনিয়াৰ, ডাক্তৰ, আই এ এছ, অধিবক্তা, বিজ্ঞানী, নেতা আছে। কিন্তু সমাজক এক বেলেগ পথ দেখুৱাব পৰা কোনো ব্যক্তি নাই, যিয়ে মানুহৰ চৰিত্ৰ ঠিক কৰিব পাৰে। ধৰ্মীয় শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ সন্ন্যাসী হৈ পৰিছিল।

তেওঁ ক’লে- ‘মই বিশ্বাস কৰোঁ যে শিক্ষিত লোকসকল সাধু আৰু সন্ত হ’ব লাগে। যদি সমাজত ভাল কামৰ প্ৰচাৰ কৰিব লাগে তেন্তে এনে লোকো আগবাঢ়ি অহা উচিত।'

তেওঁ কয় যে মানুহে বস্তুগত সুখৰ পিছত দৌৰি থাকে সন্দীপ কুমাৰ ভট্ট ওৰফে গোপাল দাসে আত্মহত্যা, ড্ৰাগছৰ কথাও কয়। তেওঁ কয় যে সকলো ভুল অভ্যাস শুধৰণিৰ বাবে ধৰ্মীয় শিক্ষাৰ প্ৰয়োজন। তেওঁ কয় যে মানুহে মানুহ হ’ব নাজানে। মানুহৰ মাজত আত্মনিয়ন্ত্ৰণ নাই। তেওঁ- নোবেল বঁটা পোৱাটো বৰ ডাঙৰ কথা নহয়, কিন্তু নষ্ট হোৱা মানুহ এজনক যদি উন্নত কৰিব পাৰে তেন্তে সঁচাকৈয়ে ই এটা ডাঙৰ কাম।

আইআইটি দিল্লীত থকাৰ সময়ত তেওঁ শ্ৰীমদ্ভাগৱত গীতাও পঢ়িছিল, যিয়ে তেওঁৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক