--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইআইটি দিল্লীৰ সোণৰ পদক বিজয়ী অভিযন্তাই সন্ন্যাসী হোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তেওঁ এমটেক কৰিছিল। বিশাল ধনৰাশিৰ দৰমহাত কামো কৰিছিল কিন্তু ২৮ বছৰ বয়সত তেওঁ সন্ন্যাসীৰ জীৱন গ্ৰহণ কৰিছিল।

আইআইটি দিল্লীৰ স্বৰ্ণ পদক বিজয়ী ছাত্ৰ সন্দীপ কুমাৰ ভাট অভিযন্তাৰ পৰা সন্ন্যাসীলৈ পৰিণত হৈছে। তেওঁ বিয়াও কৰোৱা নাই।

যেতিয়া তেওঁ সন্ন্যাসী হ’ল তেতিয়া তেওঁ নাম ললে স্বামী সুন্দৰ গোপাল দাস। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ কয় যে ২০০২ চনত তেওঁ IIT দিল্লীৰ পৰা B.Tech কৰিছিল, B.Tech ত সোণৰ পদক অৰ্জন কৰিছিল।

২০০৪ চনত তেওঁ এমটেক সম্পূৰ্ণ কৰে। ২০০৪ চনৰ পৰা ২০০৭ চনলৈকে লাৰ্চেন এণ্ড ট্যুব্ৰ’ত মেনেজাৰ হিচাপে কাম কৰিছিল। ২০০৭ চনতেই তেওঁ সন্ন্যাসী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সন্দীপ ভাটে কয় যে মেচিনৰ মানদণ্ড বাঢ়িছে যদিও মানুহৰ মানদণ্ড হ্ৰাস পাইছে। প্ৰতি বছৰে লাখ লাখ অপৰাধ সংঘটিত হয়, এয়াই প্ৰমাণ যে মানুহৰ গুণগত মান অৱনতি ঘটিছে। ইঞ্জিনিয়াৰিং কৰি থাকোঁতে তেওঁ লক্ষ্য কৰিছিল যে তেওঁৰ চাৰিওফালে বহুতো ইঞ্জিনিয়াৰ, ডাক্তৰ, আই এ এছ, অধিবক্তা, বিজ্ঞানী, নেতা আছে। কিন্তু সমাজক এক বেলেগ পথ দেখুৱাব পৰা কোনো ব্যক্তি নাই, যিয়ে মানুহৰ চৰিত্ৰ ঠিক কৰিব পাৰে। ধৰ্মীয় শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ সন্ন্যাসী হৈ পৰিছিল।

তেওঁ ক’লে- ‘মই বিশ্বাস কৰোঁ যে শিক্ষিত লোকসকল সাধু আৰু সন্ত হ’ব লাগে। যদি সমাজত ভাল কামৰ প্ৰচাৰ কৰিব লাগে তেন্তে এনে লোকো আগবাঢ়ি অহা উচিত।'

তেওঁ কয় যে মানুহে বস্তুগত সুখৰ পিছত দৌৰি থাকে সন্দীপ কুমাৰ ভট্ট ওৰফে গোপাল দাসে আত্মহত্যা, ড্ৰাগছৰ কথাও কয়। তেওঁ কয় যে সকলো ভুল অভ্যাস শুধৰণিৰ বাবে ধৰ্মীয় শিক্ষাৰ প্ৰয়োজন। তেওঁ কয় যে মানুহে মানুহ হ’ব নাজানে। মানুহৰ মাজত আত্মনিয়ন্ত্ৰণ নাই। তেওঁ- নোবেল বঁটা পোৱাটো বৰ ডাঙৰ কথা নহয়, কিন্তু নষ্ট হোৱা মানুহ এজনক যদি উন্নত কৰিব পাৰে তেন্তে সঁচাকৈয়ে ই এটা ডাঙৰ কাম।

আইআইটি দিল্লীত থকাৰ সময়ত তেওঁ শ্ৰীমদ্ভাগৱত গীতাও পঢ়িছিল, যিয়ে তেওঁৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু