--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ দুৰ্ঘটনা। এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিল এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ। সোমবাৰে মধ্যপ্ৰদেশৰ প্ৰখ্যাত ইউটিউবাৰ অভ্যুদয় মিশ্ৰৰ বাইক ৰাইডিঙৰ সময়ত এক পথ দুৰ্ঘটনাত মৃত্যু হয়। অভ্যুদয় মিশ্ৰৰ 'স্কাইলৰ্ড' নামৰ এটা ইউটিউব চেনেল আছিল। তেওঁৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ আছিল ১৪ লাখ। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ মৃত্যুক সাৱটি লয় অভ্যুদয়ে।
Abhyudaya Mishra Death Popular Free Fire Gamer, Youtuber 2022  MAYAKODIARY-The Best Shayari & Lyrics Site
মধ্যপ্ৰদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত পৰ্যটন প্ৰসাৰৰ বাবে ৰাজ্যিক ৰাইডিঙৰ এটা দলৰ সৈতে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে অভ্যুদয় মিশ্ৰক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অভ্যুদয়ক লগে লগে ভূপালৰ বনসাল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে।

ইউটিউবত গেমিং ভিডিঅ’ আপলোড কৰি কম সময়ৰ ভিতৰতে দেশৰ অন্যতম জনপ্ৰিয় ইউটিউবাৰ হৈ পৰা অভ্যুদয়ৰ এই আকস্মিক মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ লাখ লাখ ফল’ৱাৰ্ছক। ইনষ্টাগ্ৰামতো তেওঁৰ জনপ্ৰিয়তা আছিল। তাত তেওঁৰ প্ৰায় ছাৰে তিনি লাখ ফল’ৱাৰ্ছ আছে। তেওঁৰ ভিডিঅ’বোৰে লাখ লাখ ভিউছ লাভ কৰে।
Youtuber Abhyuday Mishra Setting New Heights In Gaming World - यूट्यूबर अभ्युदय  मिश्रा ने मेहनत कर पाया मुकाम, गेमिंग वर्ल्ड में बटोर रहे हैं सुर्खियां -  Amar Ujala Hindi News Live
 মধ্যপ্ৰদেশ পৰ্যটন ব’ৰ্ডৰ এজন বিষয়াই নিশ্চিত কৰিছে যে ইউটিউবাৰজনে সোহাগপুৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক