--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে আজি টেষ্ট ক্ৰিকেটৰ ৰেংকিঙৰ তালিকা ৰাজহুৱা কৰিছে৷ ভাৰতীয় ক্ৰিকেট জগতৰ বলিং মহাতাৰকা ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট বলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে৷

ইয়াৰ উপৰি ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অল্-ৰাউণ্ডাৰ অক্ষৰ পেটেলেও তালিকাত নিজৰ নাম উন্নীত কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ বিৰাট কোহলীয়ে তিনি বছৰৰ পাছত অষ্ট্ৰেলিয়াৰ বিপক্ষে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ ২৮সংখ্যক শতক প্ৰদৰ্শন কৰিছে৷ সেই প্ৰদৰ্শনৰ জৰিয়তে কোহলীয়ে ত্ৰয়োদশ স্থানলৈ নিজৰ স্থান উন্নত কৰিছে৷ উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তে নৱম স্থান, অধিনায়ক ৰোহিত শৰ্মাই দশম স্থান উক্ত তালিকাত অক্ষুণ্ণ ৰাখিছে৷

মন কৰিবলগীয়া কথা এয়ে যে ৰবিচন্দ্ৰন অশ্বিনে ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জেমছ্ এণ্ডাৰচনক ১০ পইণ্টত পাছ পেলাই শীৰ্ষ স্থান অব্যাহত ৰাখিছে৷ প্ৰথমে দুয়োজন খ্যাতিসম্পন্ন বলাৰ যুটীয়াভাৱে শীৰ্ষস্থানত আছিল কিন্তু বৰ্তমান জেমছক পিছ পেলাই অশ্বিনে প্ৰথম স্থান অধিকাৰ কৰিছে৷

অলৰাউণ্ডাৰৰ কথা উল্লেখ কৰিবলৈ গ’লে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই শীৰ্ষস্থান অধিকাৰ কৰিছে৷ শেহতীয়াকৈ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত কৰা প্ৰদৰ্শনৰ জৰিয়তে জাদেজা আৰু অক্ষৰ পেটেল দুয়োজন অল ৰাউণ্ডাৰে নিজৰ স্থানৰ অংকৰ পৰিমাণ বৃদ্ধি কৰিছে৷

আইচিচিৰ বেটিং ৰেংকিঙত অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেৰ্ন প্ৰথম স্থানত আছে, দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰে ষ্টিভ স্মিথ, তৃতীয় স্থানত ইংলেণ্ডৰ জো ৰুট, পাকিস্তানৰ বাবৰ আজম চতুৰ্থ আৰু অষ্ট্ৰেলিয়াৰে ট্ৰেভিছ হেডে পঞ্চম স্থানত আছে। বলাৰসকলৰ ভিতৰত শীৰ্ষত ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন, ইংলেণ্ডৰ জেমছ এণ্ডাৰছন দ্বিতীয়, অষ্ট্ৰেলিয়াৰ পেট কামিন্স তৃতীয়, দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাবাডাই চতুৰ্থ আৰু পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্ৰিদি পঞ্চম স্থানত আছে।

অলৰাউণ্ডাৰৰ তালিকাৰ শীৰ্ষত ভাৰতৰ ৰবীন্দ্ৰ জাদেজা শীৰ্ষ স্থানত থকাৰ বিপৰীতে ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন দ্বিতীয়, বাংলাদেশৰ চাকিব আল হাছান তৃতীয়, ভাৰতৰ অক্ষৰ পেটেল চতুৰ্থ আৰু ইংলেণ্ডৰ বেন ষ্টোকছ পঞ্চম স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement