--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ ৰছিদ লতিফে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক সমালোচনা কৰিছে। তেওঁৰ ইমানেই খং উঠিছে যে দেশৰ ক্ৰিকেট ব’ৰ্ডক ‘মৃত’ বুলি ঘোষণা কৰিছে। দেশৰ প্ৰাক্তন উইকেটকীপাৰগৰাকীয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ আত্মাৰ শান্তি কামনা কৰে।

কিন্তু লতিফে কিয় তেনেকৈ ক’লে? পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এক সিদ্ধান্তত তেওঁ বিচলিত হৈ পৰিছে। আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দলৰ অধিনায়ক বাবৰ আজম আৰু পেচাৰ শ্বাহীন শ্বাহ আফ্ৰিদিক জিৰণি দিয়া হৈছে। বাবৰৰ সলনি দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ছাদাব খানক। লতিফে এই সিদ্ধান্ত মানি ল’ব নোৱাৰিলে।

পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু ব’ৰ্ডৰ অধ্যক্ষ নাজাম শ্বেট্টীক লক্ষ্য কৰি লতিফে কয় যে, ''বাবৰ আৰু শ্বাহিনে কিছুদিন পূৰ্বে আইচিচিৰ বঁটা লাভ কৰিছিল। সেয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সহ্য হোৱা হোৱা নাই। গতিকে এই সকলোবোৰ কৰি আছে। ৭০-৮০ বছৰীয়া সেই লোকসকলকহে (ব’ৰ্ডৰ বিষয়া) জিৰণিৰ প্ৰয়োজন। বাবৰৰ নহয়। তেওঁলোকে পাকিস্তানৰ ক্ৰিকেট নষ্ট কৰি আছে। পাকিস্তানৰ ক্ৰিকেটৰ মৃত্যু হৈছে। আমাৰ দলৰ আত্মাই চিৰশান্তি লাভ কৰক।”

লতিফে অভিযোগ কৰে যে তেওঁলোকে দলত ইমান পৰিৱৰ্তন কৰি ছন্দত থকা ক্ৰিকেটাৰসকলৰ ছন্দ নষ্ট কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে অধিক নতুন ক্ৰিকেটাৰ লোৱা মানে দলৰ ভাৰসাম্য সলনি কৰা। এতিয়া বেছিকৈ ছন্দত থকা ক্ৰিকেটাৰে জিৰণি ল’লে তেওঁলোকৰ ছন্দ নষ্ট হ’ব। তেতিয়া ক্ৰিকেটাৰ বেয়া খেলিলে দোষাৰোপ কৰা হ’ব। এইটোৱেই হৈছে ধ্বংসৰ দিশত প্ৰথম পদক্ষেপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব