--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ ৰছিদ লতিফে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক সমালোচনা কৰিছে। তেওঁৰ ইমানেই খং উঠিছে যে দেশৰ ক্ৰিকেট ব’ৰ্ডক ‘মৃত’ বুলি ঘোষণা কৰিছে। দেশৰ প্ৰাক্তন উইকেটকীপাৰগৰাকীয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ আত্মাৰ শান্তি কামনা কৰে।

কিন্তু লতিফে কিয় তেনেকৈ ক’লে? পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এক সিদ্ধান্তত তেওঁ বিচলিত হৈ পৰিছে। আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দলৰ অধিনায়ক বাবৰ আজম আৰু পেচাৰ শ্বাহীন শ্বাহ আফ্ৰিদিক জিৰণি দিয়া হৈছে। বাবৰৰ সলনি দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ছাদাব খানক। লতিফে এই সিদ্ধান্ত মানি ল’ব নোৱাৰিলে।

পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু ব’ৰ্ডৰ অধ্যক্ষ নাজাম শ্বেট্টীক লক্ষ্য কৰি লতিফে কয় যে, ''বাবৰ আৰু শ্বাহিনে কিছুদিন পূৰ্বে আইচিচিৰ বঁটা লাভ কৰিছিল। সেয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সহ্য হোৱা হোৱা নাই। গতিকে এই সকলোবোৰ কৰি আছে। ৭০-৮০ বছৰীয়া সেই লোকসকলকহে (ব’ৰ্ডৰ বিষয়া) জিৰণিৰ প্ৰয়োজন। বাবৰৰ নহয়। তেওঁলোকে পাকিস্তানৰ ক্ৰিকেট নষ্ট কৰি আছে। পাকিস্তানৰ ক্ৰিকেটৰ মৃত্যু হৈছে। আমাৰ দলৰ আত্মাই চিৰশান্তি লাভ কৰক।”

লতিফে অভিযোগ কৰে যে তেওঁলোকে দলত ইমান পৰিৱৰ্তন কৰি ছন্দত থকা ক্ৰিকেটাৰসকলৰ ছন্দ নষ্ট কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে অধিক নতুন ক্ৰিকেটাৰ লোৱা মানে দলৰ ভাৰসাম্য সলনি কৰা। এতিয়া বেছিকৈ ছন্দত থকা ক্ৰিকেটাৰে জিৰণি ল’লে তেওঁলোকৰ ছন্দ নষ্ট হ’ব। তেতিয়া ক্ৰিকেটাৰ বেয়া খেলিলে দোষাৰোপ কৰা হ’ব। এইটোৱেই হৈছে ধ্বংসৰ দিশত প্ৰথম পদক্ষেপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক