--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ শেষবাৰৰ বাবে মাৰ্চ মাহত টেষ্ট খেলিছিল। আই পি এলত তেওঁৰ আঘাতৰ বাবে বিশ্বকাপ অনিশ্চিত হৈ পৰিছে। তথাপি হঠাৎ বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন হৈ পৰিল উইলিয়ামছন। জো ৰুট আঁতৰিছে সেই স্থানৰ পৰা। ৰুট পাঁচ নম্বৰলৈ নামি আহিল। বলাৰ আৰু অল ৰাউণ্ডাৰৰ তালিকাত শীৰ্ষত আছে দুগৰাকী ভাৰতীয়।

ইয়াৰ লগে লগে উইলিয়ামছন ছবাৰ বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন হিচাপে পৰিগণিত হৈছে। প্ৰথমবাৰৰ বাবে ২০১৫ চনৰ নৱেম্বৰ মাহত হৈছিল। শেষবাৰৰ বাবে ২০২১ চনৰ আগষ্ট মাহত। উইলিয়ামছনৰ পইণ্ট হৈছে ৮৮৩। স্টিভ স্মিথ এটা পইণ্ট পিছ পৰি আছে। তৃতীয় স্থানত আছে মাৰ্নাছ লাবুশ্বাগনে (৮৭৩)। ট্ৰেভিছ হেডে (৮৭২) চাৰি আৰু জো ৰুটে (৮৬৬) পাঁচ নম্বৰত আছে।

শীৰ্ষ দহৰ ভিতৰত একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ত। তেওঁ ১০ নম্বৰত আছে আৰু যোৱা ডিচেম্বৰৰ পৰা কোনো টেষ্ট মেচ খেলা নাই। বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ক্ৰমে ১২ আৰু ১৪ নম্বৰত আছে।

বলাৰ শাখাত ৮৬০ পইণ্টেৰে এক নম্বৰ স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন। শীৰ্ষ দহৰ ভিতৰত থকা আন দুজন বলাৰ হৈছে যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজা। বুমৰাহেও বহু দিন টেষ্টত আঘাতৰ বাবে কোনো ক্ৰিকেট মেচ খেলা নাছিল।

অলৰাউণ্ডাৰৰ তালিকাৰ ভিতৰত জাডেজা এক নম্বৰত আছে। দুই নম্বৰ স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন। অল ৰাউণ্ডাৰৰ শীৰ্ষ ১০ গৰাকীৰ তালিকাত তেওঁলোকৰ বাদে আন কোনো ভাৰতীয় নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে