--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ শেষবাৰৰ বাবে মাৰ্চ মাহত টেষ্ট খেলিছিল। আই পি এলত তেওঁৰ আঘাতৰ বাবে বিশ্বকাপ অনিশ্চিত হৈ পৰিছে। তথাপি হঠাৎ বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন হৈ পৰিল উইলিয়ামছন। জো ৰুট আঁতৰিছে সেই স্থানৰ পৰা। ৰুট পাঁচ নম্বৰলৈ নামি আহিল। বলাৰ আৰু অল ৰাউণ্ডাৰৰ তালিকাত শীৰ্ষত আছে দুগৰাকী ভাৰতীয়।

ইয়াৰ লগে লগে উইলিয়ামছন ছবাৰ বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন হিচাপে পৰিগণিত হৈছে। প্ৰথমবাৰৰ বাবে ২০১৫ চনৰ নৱেম্বৰ মাহত হৈছিল। শেষবাৰৰ বাবে ২০২১ চনৰ আগষ্ট মাহত। উইলিয়ামছনৰ পইণ্ট হৈছে ৮৮৩। স্টিভ স্মিথ এটা পইণ্ট পিছ পৰি আছে। তৃতীয় স্থানত আছে মাৰ্নাছ লাবুশ্বাগনে (৮৭৩)। ট্ৰেভিছ হেডে (৮৭২) চাৰি আৰু জো ৰুটে (৮৬৬) পাঁচ নম্বৰত আছে।

শীৰ্ষ দহৰ ভিতৰত একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ত। তেওঁ ১০ নম্বৰত আছে আৰু যোৱা ডিচেম্বৰৰ পৰা কোনো টেষ্ট মেচ খেলা নাই। বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ক্ৰমে ১২ আৰু ১৪ নম্বৰত আছে।

বলাৰ শাখাত ৮৬০ পইণ্টেৰে এক নম্বৰ স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন। শীৰ্ষ দহৰ ভিতৰত থকা আন দুজন বলাৰ হৈছে যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজা। বুমৰাহেও বহু দিন টেষ্টত আঘাতৰ বাবে কোনো ক্ৰিকেট মেচ খেলা নাছিল।

অলৰাউণ্ডাৰৰ তালিকাৰ ভিতৰত জাডেজা এক নম্বৰত আছে। দুই নম্বৰ স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন। অল ৰাউণ্ডাৰৰ শীৰ্ষ ১০ গৰাকীৰ তালিকাত তেওঁলোকৰ বাদে আন কোনো ভাৰতীয় নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু