--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দল ঘোষণা কৰে। ১৩ জনীয়া এই দলটো দুখন নতুন মুখ লোৱা হৈছে। স্পিনাৰ ৰহকিম কৰ্ণৱাল আৰু জোমেল ৱাৰিকনক ঘূৰাই অনা হৈছে। ১২ জুলাইৰ পৰা আৰম্ভ হ’ব প্ৰথমখন টেষ্ট।

এই টেষ্টখনতে বাওঁহাতৰ বেটছমেন কাৰ্ক মেকেঞ্জী আৰু অল ৰাউণ্ডাৰ এলিক আথানেজে আন্তৰাষ্ট্ৰীয় অভিষেক ঘটাব। আনহাতে আঘাতৰ বাবে ৱেষ্ট ইণ্ডিজৰ কেইবাজনো নিয়মীয়া ক্ৰিকেটাৰে স্থান লাভ কৰা নাই। স্পিনাৰ গুদাকেশ মোটিৰ পিঠিত আঘাত চলি আছে। তেওঁৰ অনুপস্থিতিত কৰ্ণৱাল বা ৱাৰিকনে সুযোগ পাব পাৰে। কাইল মেয়াৰ্ছ আৰু জেডেন চিলছ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। গতিকে তেওঁলোকক দলত ৰখা নহ’ল। ৰিজাৰ্ভ হিচাপে আছে উইকেটকীপাৰ বেটছমেন টেভিন ইমলাচ আৰু ৰাইট আৰ্মৰ পেচাৰ আকিম জৰ্ডান।

ক্ৰেগ ব্ৰেইথৱেইটৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে খেলিব ৱেষ্ট ইণ্ডিজে। ভাইচ অধিনায়ক হৈছে জেৰমেইন ব্লেকউড। দলটোত চাৰিজন পেচাৰ আছে। তেওঁলোক হ’ল শ্বেনন গেব্ৰিয়েল, আলজেৰিয়া জোচেফ, কেমাৰ ৰ’চ আৰু জেছন হোল্ডাৰ। পেচাৰ অল ৰাউণ্ডাৰ ৰেমন ৰেইফাৰো আছে।

ৱেষ্ট ইণ্ডিজৰ টেষ্ট স্কোয়াড: ক্ৰেগ ব্ৰেইথৱেইট (কেপ্তেইন), জেৰমেইন ব্লেকউড (ভাইচ-কেপ্তেইন), এলেক এথানেজ, টেজনাৰিন চন্দ্ৰপল, ৰাহকিম কৰ্ণৱাল, জোছুয়া ডা ছিলভা, শ্বেনন গেব্ৰিয়েল, আলজেৰী জোচেফ, কেমাৰ ৰ’চ, জেছন হোল্ডাৰ, কাৰ্ক মেকেঞ্জী, ৰেমন ৰেইফাৰ আৰু জোমেল ৱাৰিকন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে