--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দল ঘোষণা কৰে। ১৩ জনীয়া এই দলটো দুখন নতুন মুখ লোৱা হৈছে। স্পিনাৰ ৰহকিম কৰ্ণৱাল আৰু জোমেল ৱাৰিকনক ঘূৰাই অনা হৈছে। ১২ জুলাইৰ পৰা আৰম্ভ হ’ব প্ৰথমখন টেষ্ট।

এই টেষ্টখনতে বাওঁহাতৰ বেটছমেন কাৰ্ক মেকেঞ্জী আৰু অল ৰাউণ্ডাৰ এলিক আথানেজে আন্তৰাষ্ট্ৰীয় অভিষেক ঘটাব। আনহাতে আঘাতৰ বাবে ৱেষ্ট ইণ্ডিজৰ কেইবাজনো নিয়মীয়া ক্ৰিকেটাৰে স্থান লাভ কৰা নাই। স্পিনাৰ গুদাকেশ মোটিৰ পিঠিত আঘাত চলি আছে। তেওঁৰ অনুপস্থিতিত কৰ্ণৱাল বা ৱাৰিকনে সুযোগ পাব পাৰে। কাইল মেয়াৰ্ছ আৰু জেডেন চিলছ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। গতিকে তেওঁলোকক দলত ৰখা নহ’ল। ৰিজাৰ্ভ হিচাপে আছে উইকেটকীপাৰ বেটছমেন টেভিন ইমলাচ আৰু ৰাইট আৰ্মৰ পেচাৰ আকিম জৰ্ডান।

ক্ৰেগ ব্ৰেইথৱেইটৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে খেলিব ৱেষ্ট ইণ্ডিজে। ভাইচ অধিনায়ক হৈছে জেৰমেইন ব্লেকউড। দলটোত চাৰিজন পেচাৰ আছে। তেওঁলোক হ’ল শ্বেনন গেব্ৰিয়েল, আলজেৰিয়া জোচেফ, কেমাৰ ৰ’চ আৰু জেছন হোল্ডাৰ। পেচাৰ অল ৰাউণ্ডাৰ ৰেমন ৰেইফাৰো আছে।

ৱেষ্ট ইণ্ডিজৰ টেষ্ট স্কোয়াড: ক্ৰেগ ব্ৰেইথৱেইট (কেপ্তেইন), জেৰমেইন ব্লেকউড (ভাইচ-কেপ্তেইন), এলেক এথানেজ, টেজনাৰিন চন্দ্ৰপল, ৰাহকিম কৰ্ণৱাল, জোছুয়া ডা ছিলভা, শ্বেনন গেব্ৰিয়েল, আলজেৰী জোচেফ, কেমাৰ ৰ’চ, জেছন হোল্ডাৰ, কাৰ্ক মেকেঞ্জী, ৰেমন ৰেইফাৰ আৰু জোমেল ৱাৰিকন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে