--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব। এই শৃংখলাৰে দ্বিতীয়খন খেল ২০ জুলাইৰ পৰা অনুষ্ঠিত হ’ব বুলি সময়সূচীৰ দ্বাৰা জানিব পৰা গৈছে। টেষ্টৰ পূৰ্বে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে ৱাৰ্ম আপ মেচ খেলিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৱাৰ্ম আপ মেচখনত ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। আনহাতে বিৰাট কোহলীয়ে কোনো বিশেষ অৱদান নোহোৱাকৈ ওলাই আহিবলগীয়া হয়। 

যশস্বীয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয়জাতীয় দলত স্থান লাভ কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি ৱাৰ্ম আপ মেচখনত ৰোহিতৰ সৈতে যশস্বীয়ে উন্নত প্ৰদৰ্শন আগবঢ়ায়। আনহাতে কোহলীয়ে বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। কোহলীক আউট কৰে জয়দেৱ উনাটকড়ে।উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ বাবেও তেওঁ দলত স্থান লাভ কৰিছে।

কোহলীৰ লগতে শুভমন গিলেও বেটিং কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰবীন্দ্ৰ জাদেজা আৰু উনাটকড়ে বলিং কৰে। ভাৰতীয় দলটোৱে ৱাৰ্ম আপ মেচৰ অন্তত অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ডমিনিকালৈ যাব। ২০ জুলাইৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট। ইয়াৰ পিছত ধাৰাবাহিকভাৱে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব।


ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট দলৰ সদস্যসমহ হ’ল- : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ঋতুৰাজ গাইকোৱাড, বিৰাট কোহলী, যশস্বী জয়ছোৱাল, অজিংক্য ৰাহানে (উপ-অধিনায়ক), কে এছ ভাৰত (wk), ঈশান কিষাণ (wk), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, চাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, জয়দেৱ উনাটকড় আৰু নৱদীপ ছেইনী উল্লেখযোগ্য৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক