--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব। এই শৃংখলাৰে দ্বিতীয়খন খেল ২০ জুলাইৰ পৰা অনুষ্ঠিত হ’ব বুলি সময়সূচীৰ দ্বাৰা জানিব পৰা গৈছে। টেষ্টৰ পূৰ্বে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে ৱাৰ্ম আপ মেচ খেলিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৱাৰ্ম আপ মেচখনত ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। আনহাতে বিৰাট কোহলীয়ে কোনো বিশেষ অৱদান নোহোৱাকৈ ওলাই আহিবলগীয়া হয়। 

যশস্বীয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয়জাতীয় দলত স্থান লাভ কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি ৱাৰ্ম আপ মেচখনত ৰোহিতৰ সৈতে যশস্বীয়ে উন্নত প্ৰদৰ্শন আগবঢ়ায়। আনহাতে কোহলীয়ে বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। কোহলীক আউট কৰে জয়দেৱ উনাটকড়ে।উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ বাবেও তেওঁ দলত স্থান লাভ কৰিছে।

কোহলীৰ লগতে শুভমন গিলেও বেটিং কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰবীন্দ্ৰ জাদেজা আৰু উনাটকড়ে বলিং কৰে। ভাৰতীয় দলটোৱে ৱাৰ্ম আপ মেচৰ অন্তত অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ডমিনিকালৈ যাব। ২০ জুলাইৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট। ইয়াৰ পিছত ধাৰাবাহিকভাৱে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব।


ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট দলৰ সদস্যসমহ হ’ল- : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ঋতুৰাজ গাইকোৱাড, বিৰাট কোহলী, যশস্বী জয়ছোৱাল, অজিংক্য ৰাহানে (উপ-অধিনায়ক), কে এছ ভাৰত (wk), ঈশান কিষাণ (wk), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, চাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, জয়দেৱ উনাটকড় আৰু নৱদীপ ছেইনী উল্লেখযোগ্য৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে