--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টি-২০ বিশ্বকাপৰ ৱাৰ্ম আপ মেচত বাংলাদেশক ৬০ ৰানত পৰাস্ত কৰি ভাৰতে আৰম্ভ কৰিলে বিজয় যাত্ৰা।নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় এই ৱাৰ্ম আপ মেচ খন।অৱশ্যে আনুষ্ঠানিকভাবে ভাৰতৰ প্ৰথমখন খেল টি-২০ বিশ্বকাপ (আইচিচি টি-২০ বিশ্বকাপ)ত ৫ জুনত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে একমাত্ৰ ৱাৰ্ম আপ মেচখনত  বাংলাদেশক  পৰাস্ত কৰে ভাৰতে। ৰোহিত-বাহিনীয়ে বেট আৰু বলৰ  শক্তি প্ৰদৰ্শন কৰি  জয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। শনিবাৰৰ ৱাৰ্ম আপ মেচত বিৰাট কোহলীক জিৰণি দিয়া হয়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।  ঋষভ পন্ত (৫৩), সূৰ্য কুমাৰ যাদৱ (৩১) আৰু হাৰ্দিক পাণ্ডিয়াই (৪০) ৰানৰ অৰিহণা যোগায়।   বাংলাদেশৰ হৈ মেহদি হাছান, শ্বৰীফুল ইছলাম মহম্মদুল্লাই এটাকৈ উইকেট লাভ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশৰ শিবিৰটোৱে বেটিং কৰিবলৈ নামি বিপৰ্যয়ৰ সন্মুখীন হয়। । প্ৰথম অভাৰতে সৌম্য সৰকাৰ আউট হয়। ইয়াৰ অলপ সময়ৰ পিছতে লিটন দাস আৰু নাজিমুল হাছান শান্তোৱে ২২ গজৰ পৰা আঁতৰি যাবলগীয়া হয়।  বাংলাদেশৰ মহম্মদুল্লা (৪০) আৰু  ছাকিব আল হাছানে (২৮) অলপ যুঁজ দিয়ে যদিও দলটোক উদ্ধাৰ কৰিব নোৱাৰিলে। শেষত বাংলাদেশে  ২০ অভাৰ বেটিং কৰি ১২২ ৰান কৰিবলৈ সক্ষম হয়।
ভাৰতৰ  আৰ্শদীপ সিঙে  ৩ অভাৰত বলিং কৰি ১২ ৰানত ২ উইকেট দখল কৰে। লগতে শিৱম ডুবেই ৩ অভাৰত বলিং কৰি ১৩ ৰান দি ২ উইকেট দখল কৰে। একমাত্ৰ ৱাৰ্ম আপ মেচখনত সহজ জয়ে ৰোহিতৰ আত্মবিশ্বাস বৃদ্ধি কৰে।

ভাৰতঃ ১৮২/৫ (পন্ত ৫৩, সূৰ্য্য ৩১, হাৰ্দিক ৪০)
বাংলাদেশঃ ১২২/৮ (মহমদুল্লাহ ৪০, চাকিব ২৮)
ভাৰতে ৬০ ৰানত জয়লাভ কৰে।


আইচিচি টি-২০ বিশ্বকাপত ভাৰতৰ খেলসমূহঃ তাৰিখ: ৫ জুন, ২০২৪,  ভাৰত বনাম আয়াৰলেণ্ড,স্থান: নিউয়ৰ্ক,সময়:  ভাৰতীয় সময় অনুসৰি নিশা  ৮ বজাত । টিম ইণ্ডিয়াই নিউয়ৰ্কত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ আনুষ্ঠানিক অভিযান আৰম্ভ কৰিব। এই খেলখনে প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰদৰ্শনৰশক্তি  নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।তাৰিখ: ৯ জুন, ২০২৪,  ভাৰত বনাম পাকিস্তান,স্থান: নিউয়ৰ্ক,সময়: ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত । সেইদিনা  ভাৰত নিউয়ৰ্কত মুখামুখি হ’ব প্ৰধান প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে। এই মেচখনে  সমগ্ৰ বিশ্বৰ পৰা বিপুল দৰ্শকক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।তাৰিখ: ১২ জুন, ২০২৪, আমেৰিকা বনাম ভাৰত,স্থান: নিউয়ৰ্ক,সময়:  নিশা ৮ বজাত ।সেইদিনা  ভাৰতে  নিউয়ৰ্কত আমেৰিকাৰ বিৰুদ্ধে খেলিব। এই মেচখন ভাৰতে নিজৰ গ্ৰুপত শক্তিশালী স্থান দখল কৰিবলৈ অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হ’ব।তাৰিখ: ১৫ জুন, ২০২৪, কানাডা বনাম ভাৰত,স্থান: ফ্ল'ৰিডা,সময়: নিশা ৮ বজাত । সেইদিনা ভাৰত ফ্ল'ৰিডাত কানাডাৰ বিৰুদ্ধে খেলিব। এই মেচখনে ভাৰতৰ খেলৰ  দক্ষতা আৰু কৌশল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement