--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টি-২০ বিশ্বকাপৰ ৱাৰ্ম আপ মেচত বাংলাদেশক ৬০ ৰানত পৰাস্ত কৰি ভাৰতে আৰম্ভ কৰিলে বিজয় যাত্ৰা।নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় এই ৱাৰ্ম আপ মেচ খন।অৱশ্যে আনুষ্ঠানিকভাবে ভাৰতৰ প্ৰথমখন খেল টি-২০ বিশ্বকাপ (আইচিচি টি-২০ বিশ্বকাপ)ত ৫ জুনত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে একমাত্ৰ ৱাৰ্ম আপ মেচখনত  বাংলাদেশক  পৰাস্ত কৰে ভাৰতে। ৰোহিত-বাহিনীয়ে বেট আৰু বলৰ  শক্তি প্ৰদৰ্শন কৰি  জয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। শনিবাৰৰ ৱাৰ্ম আপ মেচত বিৰাট কোহলীক জিৰণি দিয়া হয়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।  ঋষভ পন্ত (৫৩), সূৰ্য কুমাৰ যাদৱ (৩১) আৰু হাৰ্দিক পাণ্ডিয়াই (৪০) ৰানৰ অৰিহণা যোগায়।   বাংলাদেশৰ হৈ মেহদি হাছান, শ্বৰীফুল ইছলাম মহম্মদুল্লাই এটাকৈ উইকেট লাভ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশৰ শিবিৰটোৱে বেটিং কৰিবলৈ নামি বিপৰ্যয়ৰ সন্মুখীন হয়। । প্ৰথম অভাৰতে সৌম্য সৰকাৰ আউট হয়। ইয়াৰ অলপ সময়ৰ পিছতে লিটন দাস আৰু নাজিমুল হাছান শান্তোৱে ২২ গজৰ পৰা আঁতৰি যাবলগীয়া হয়।  বাংলাদেশৰ মহম্মদুল্লা (৪০) আৰু  ছাকিব আল হাছানে (২৮) অলপ যুঁজ দিয়ে যদিও দলটোক উদ্ধাৰ কৰিব নোৱাৰিলে। শেষত বাংলাদেশে  ২০ অভাৰ বেটিং কৰি ১২২ ৰান কৰিবলৈ সক্ষম হয়।
ভাৰতৰ  আৰ্শদীপ সিঙে  ৩ অভাৰত বলিং কৰি ১২ ৰানত ২ উইকেট দখল কৰে। লগতে শিৱম ডুবেই ৩ অভাৰত বলিং কৰি ১৩ ৰান দি ২ উইকেট দখল কৰে। একমাত্ৰ ৱাৰ্ম আপ মেচখনত সহজ জয়ে ৰোহিতৰ আত্মবিশ্বাস বৃদ্ধি কৰে।

ভাৰতঃ ১৮২/৫ (পন্ত ৫৩, সূৰ্য্য ৩১, হাৰ্দিক ৪০)
বাংলাদেশঃ ১২২/৮ (মহমদুল্লাহ ৪০, চাকিব ২৮)
ভাৰতে ৬০ ৰানত জয়লাভ কৰে।


আইচিচি টি-২০ বিশ্বকাপত ভাৰতৰ খেলসমূহঃ তাৰিখ: ৫ জুন, ২০২৪,  ভাৰত বনাম আয়াৰলেণ্ড,স্থান: নিউয়ৰ্ক,সময়:  ভাৰতীয় সময় অনুসৰি নিশা  ৮ বজাত । টিম ইণ্ডিয়াই নিউয়ৰ্কত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ আনুষ্ঠানিক অভিযান আৰম্ভ কৰিব। এই খেলখনে প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰদৰ্শনৰশক্তি  নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।তাৰিখ: ৯ জুন, ২০২৪,  ভাৰত বনাম পাকিস্তান,স্থান: নিউয়ৰ্ক,সময়: ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত । সেইদিনা  ভাৰত নিউয়ৰ্কত মুখামুখি হ’ব প্ৰধান প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে। এই মেচখনে  সমগ্ৰ বিশ্বৰ পৰা বিপুল দৰ্শকক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।তাৰিখ: ১২ জুন, ২০২৪, আমেৰিকা বনাম ভাৰত,স্থান: নিউয়ৰ্ক,সময়:  নিশা ৮ বজাত ।সেইদিনা  ভাৰতে  নিউয়ৰ্কত আমেৰিকাৰ বিৰুদ্ধে খেলিব। এই মেচখন ভাৰতে নিজৰ গ্ৰুপত শক্তিশালী স্থান দখল কৰিবলৈ অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হ’ব।তাৰিখ: ১৫ জুন, ২০২৪, কানাডা বনাম ভাৰত,স্থান: ফ্ল'ৰিডা,সময়: নিশা ৮ বজাত । সেইদিনা ভাৰত ফ্ল'ৰিডাত কানাডাৰ বিৰুদ্ধে খেলিব। এই মেচখনে ভাৰতৰ খেলৰ  দক্ষতা আৰু কৌশল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
ৰে'ল যাত্ৰীসকলৰ বাবে সুখবৰ! এতিয়াৰে পৰা ৰে'লৰ ভিতৰতো ATM ৰ পৰা উলিয়াব পাৰিব নগদ ধন
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক