--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টি২০ বিশ্বকাপত দেওবাৰে নিশা  আমেৰিকাত ভাৰত-পাকিস্তানৰ মহাৰণ হ’ব৷ দুয়োটা  দলেই গ্ৰুপত শীৰ্ষস্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে যদিও পাকিস্তানৰ দলটোৱে   বিশ্বকাপত অস্তিত্ব ৰক্ষা কৰিব পাৰিবনে নাই তাকে সন্দেহৰ সৃষ্টি হৈছে৷   কিন্তু যেতিয়াই এই দুয়োটা দল মুখামুখি হয়,খেলৰ পৰিবেশেই কিবা বদলি যায়৷  দেওবাৰৰ খেল খনো তেনেই হ’ব বুলি ধাৰণা কৰা হৈছে। চলিত বিশ্বকাপত দুয়োটা দলৰ পৰিস্থিতি বেলেগ। প্ৰথমখন খেলত ভাৰতে আয়াৰলেণ্ডক সহজে পৰাস্ত কৰিছিল। 

ছুপাৰ অভাৰত পিছে আয়োজক দেশ আমেৰিকাৰ হাতত পৰাস্ত হয় পাকিস্তান। পৰিস্থিতি এনে হৈছে  যে ভাৰতৰ হাতত পৰাস্ত হ’লে পাকিস্তানে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত অসুবিধা হ’ব। গতিকে পাক দলে যিকোনো প্ৰকাৰে  জয়ী হ’বলৈ পণ লৈছে৷  ভাৰতৰ দলটোৱো সাৱধান হৈছে। যদি ভাৰতে পাকিস্তানক পৰাস্ত কৰিব পাৰে তেন্তে আমেৰিকাৰ বিৰুদ্ধে খেলাটো  সহজ হ’ব। আজি নিউয়ৰ্কৰ নাছাউ কাউন্টি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেলখন। কিন্তু খেলৰ পিটচকলৈ মুঠেও সন্তুষ্ট নহয় ভাৰতীয় দলটো৷  এই খেলপথাৰতে ভাৰত-আয়াৰলেণ্ডৰ খেল অনুষ্ঠিত হৈছিল। সেই সময়ত  মেচখনত অদ্ভূত বাউন্স দেখা গৈছিল। কিছু বল বুকুৰ উচ্চতালৈ  উঠি আহিছিল, কিছুমান বল বেছি তললৈ নামি গৈছিল। 

খেলপথাৰত হোৱা এনে বিসংগতি মানি লৈছে আয়োজকসকলে । এনে বিসংগতি  মেৰামতিৰ চেষ্টা কৰিছে আয়োজকসকলে। খেলপথাৰত চলাই থকা হৈছে ৰোলাৰ।  শুকুৰবাৰে নিউয়ৰ্কৰ নাছাউ কাউন্টি ষ্টেডিয়ামত দীৰ্ঘদিন ধৰি অনুশীলন কৰিছিল ভাৰতীয় দলটোৱে। বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱক যথেষ্ট সময় ধৰি নেটত বেটিং কৰা দেখা গৈছিল। কেনেধৰণৰ শ্বট মাৰিব লাগিব আৰু কি শ্বট মাৰিব নালাগে সেই বিষয়ে ভাৰতীয় শিবিৰত আলোচনা হৈছিল। ভাৰতীয় দলটোৱে দেওবাৰৰ খেলখনক আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰিছে।

টি-২০ বিশ্বকাপৰ ইতিহাসত ভাৰত আৰু পাকিস্তানে মুঠ ৭খন খেল খেলিছে। ভাৰতে ৬ খনত  জয়লাভ কৰে। পাকিস্তানে এখনত। দেওবাৰে নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব খেল। ষ্টাৰ স্প’ৰ্টছ চেনেলত দৰ্শকে  চাব পাৰিব আজিৰ এই খেল। খেল খন  হটষ্টাৰতো চাব পৰা যাব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ