--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টি২০ বিশ্বকাপত দেওবাৰে নিশা  আমেৰিকাত ভাৰত-পাকিস্তানৰ মহাৰণ হ’ব৷ দুয়োটা  দলেই গ্ৰুপত শীৰ্ষস্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে যদিও পাকিস্তানৰ দলটোৱে   বিশ্বকাপত অস্তিত্ব ৰক্ষা কৰিব পাৰিবনে নাই তাকে সন্দেহৰ সৃষ্টি হৈছে৷   কিন্তু যেতিয়াই এই দুয়োটা দল মুখামুখি হয়,খেলৰ পৰিবেশেই কিবা বদলি যায়৷  দেওবাৰৰ খেল খনো তেনেই হ’ব বুলি ধাৰণা কৰা হৈছে। চলিত বিশ্বকাপত দুয়োটা দলৰ পৰিস্থিতি বেলেগ। প্ৰথমখন খেলত ভাৰতে আয়াৰলেণ্ডক সহজে পৰাস্ত কৰিছিল। 

ছুপাৰ অভাৰত পিছে আয়োজক দেশ আমেৰিকাৰ হাতত পৰাস্ত হয় পাকিস্তান। পৰিস্থিতি এনে হৈছে  যে ভাৰতৰ হাতত পৰাস্ত হ’লে পাকিস্তানে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত অসুবিধা হ’ব। গতিকে পাক দলে যিকোনো প্ৰকাৰে  জয়ী হ’বলৈ পণ লৈছে৷  ভাৰতৰ দলটোৱো সাৱধান হৈছে। যদি ভাৰতে পাকিস্তানক পৰাস্ত কৰিব পাৰে তেন্তে আমেৰিকাৰ বিৰুদ্ধে খেলাটো  সহজ হ’ব। আজি নিউয়ৰ্কৰ নাছাউ কাউন্টি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেলখন। কিন্তু খেলৰ পিটচকলৈ মুঠেও সন্তুষ্ট নহয় ভাৰতীয় দলটো৷  এই খেলপথাৰতে ভাৰত-আয়াৰলেণ্ডৰ খেল অনুষ্ঠিত হৈছিল। সেই সময়ত  মেচখনত অদ্ভূত বাউন্স দেখা গৈছিল। কিছু বল বুকুৰ উচ্চতালৈ  উঠি আহিছিল, কিছুমান বল বেছি তললৈ নামি গৈছিল। 

খেলপথাৰত হোৱা এনে বিসংগতি মানি লৈছে আয়োজকসকলে । এনে বিসংগতি  মেৰামতিৰ চেষ্টা কৰিছে আয়োজকসকলে। খেলপথাৰত চলাই থকা হৈছে ৰোলাৰ।  শুকুৰবাৰে নিউয়ৰ্কৰ নাছাউ কাউন্টি ষ্টেডিয়ামত দীৰ্ঘদিন ধৰি অনুশীলন কৰিছিল ভাৰতীয় দলটোৱে। বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱক যথেষ্ট সময় ধৰি নেটত বেটিং কৰা দেখা গৈছিল। কেনেধৰণৰ শ্বট মাৰিব লাগিব আৰু কি শ্বট মাৰিব নালাগে সেই বিষয়ে ভাৰতীয় শিবিৰত আলোচনা হৈছিল। ভাৰতীয় দলটোৱে দেওবাৰৰ খেলখনক আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰিছে।

টি-২০ বিশ্বকাপৰ ইতিহাসত ভাৰত আৰু পাকিস্তানে মুঠ ৭খন খেল খেলিছে। ভাৰতে ৬ খনত  জয়লাভ কৰে। পাকিস্তানে এখনত। দেওবাৰে নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব খেল। ষ্টাৰ স্প’ৰ্টছ চেনেলত দৰ্শকে  চাব পাৰিব আজিৰ এই খেল। খেল খন  হটষ্টাৰতো চাব পৰা যাব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু