--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত প্ৰথমখন মেচত আমেৰিকাৰ হাতত অভাৱনীয় পৰাজয়ে পাকিস্তানৰ পৰিস্থিতি কঠিন কৰি তুলিছে। সেই দেশৰ ক্ৰিকেটপ্ৰেমীসকলে আমেৰিকাৰ হাতত হোৱা পৰাজয় পাহৰিব নোৱাৰে। পাকিস্তানৰ সাধাৰণ জনতাই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে আমেৰিকাৰ দৰে নতুন ক্ৰিকেট খেলি দেশৰ হাতত পৰাস্ত হ’ব লগা হ’ল। ইয়াৰ মাজতে এজন আমেৰিকান ক্ৰিকেটাৰৰ মন্তব্য পাক অনুৰাগীক কটা ঘাঁত নিমখ চটিওৱাৰ দৰে হৈছে।

আমেৰিকাৰ বিৰুদ্ধে কোনো ৰান নোহোৱাকৈ আউট হৈছিল আজম খান। ১২০ কেজি ওজনৰ উইকেটকীপাৰ বেটছমেনৰ কৌশল দেখাৰ পাছত আমেৰিকান দলৰ ৰিজাৰ্ভ ক্ৰিকেটাৰ জস্কৰন মালহোত্ৰাই মন্তব্য কৰে যে, “হে আজম খান, মিড উইকেটত কোনো ফিল্ডাৰ নাই। প্ৰথম বল কেনেকৈ খেলিব! Weird technique.''  

ছ'চিয়েল মিডিয়াত তেওঁৰ মন্তব্যৰ উত্তৰত তালহা আক্ৰাম নামৰ পাক সমৰ্থকে লিখিছে, "কি দিন হ'ল।'' এতিয়া আমেৰিকাৰ খেলুৱৈসকলেও আমাক ক্ৰিকেট শিকাইছে!

মূলতঃ চণ্ডীগড়ৰ জাস্কৰণে ভাৰতত ক্ৰিকেট আৰম্ভ কৰিছিল। ৩৪ বছৰীয়া উইকেটকীপাৰ বেটছমেনগৰাকীয়ে হিমাচল প্ৰদেশৰ হৈ ঘৰুৱা ক্ৰিকেটতো খেলিছে। আমেৰিকাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক। তেওঁৰ ১৮খন এদিনীয়া মেচ আৰু ১৭খন টি-২০ মেচ খেলাৰ অভিজ্ঞতা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু