--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত প্ৰথমখন মেচত আমেৰিকাৰ হাতত অভাৱনীয় পৰাজয়ে পাকিস্তানৰ পৰিস্থিতি কঠিন কৰি তুলিছে। সেই দেশৰ ক্ৰিকেটপ্ৰেমীসকলে আমেৰিকাৰ হাতত হোৱা পৰাজয় পাহৰিব নোৱাৰে। পাকিস্তানৰ সাধাৰণ জনতাই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে আমেৰিকাৰ দৰে নতুন ক্ৰিকেট খেলি দেশৰ হাতত পৰাস্ত হ’ব লগা হ’ল। ইয়াৰ মাজতে এজন আমেৰিকান ক্ৰিকেটাৰৰ মন্তব্য পাক অনুৰাগীক কটা ঘাঁত নিমখ চটিওৱাৰ দৰে হৈছে।

আমেৰিকাৰ বিৰুদ্ধে কোনো ৰান নোহোৱাকৈ আউট হৈছিল আজম খান। ১২০ কেজি ওজনৰ উইকেটকীপাৰ বেটছমেনৰ কৌশল দেখাৰ পাছত আমেৰিকান দলৰ ৰিজাৰ্ভ ক্ৰিকেটাৰ জস্কৰন মালহোত্ৰাই মন্তব্য কৰে যে, “হে আজম খান, মিড উইকেটত কোনো ফিল্ডাৰ নাই। প্ৰথম বল কেনেকৈ খেলিব! Weird technique.''  

ছ'চিয়েল মিডিয়াত তেওঁৰ মন্তব্যৰ উত্তৰত তালহা আক্ৰাম নামৰ পাক সমৰ্থকে লিখিছে, "কি দিন হ'ল।'' এতিয়া আমেৰিকাৰ খেলুৱৈসকলেও আমাক ক্ৰিকেট শিকাইছে!

মূলতঃ চণ্ডীগড়ৰ জাস্কৰণে ভাৰতত ক্ৰিকেট আৰম্ভ কৰিছিল। ৩৪ বছৰীয়া উইকেটকীপাৰ বেটছমেনগৰাকীয়ে হিমাচল প্ৰদেশৰ হৈ ঘৰুৱা ক্ৰিকেটতো খেলিছে। আমেৰিকাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক। তেওঁৰ ১৮খন এদিনীয়া মেচ আৰু ১৭খন টি-২০ মেচ খেলাৰ অভিজ্ঞতা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ