--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী :‘মোদীয়ে ‘কা’, ৬নং দফা, অন্যান্য সমস্যা বুজি নাপায়’-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক কটাক্ষ অসম প্ৰদেশ কংগ্ৰেছৰ৷ মোদীয়ে মিছা প্ৰতিশ্ৰুতি দি অসমত আকৌ ৰাজ কৰিব বিছাৰিছে৷ আজি ‘ৰাজীৱ ভৱন’ত অনুষ্ঠিত এক সংবাদমেলত মোদীৰ বিৰুদ্ধে অভিযোগ আনে অসম প্ৰদেশ কংগ্ৰেছে৷ এই সংবাদমেলত উপস্থিত থাকৰে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰুপজ্যোতি কুৰ্মী৷

আৰু পঢ়িব পাৰিব : উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবে বাংলাদেশৰ অৰ্থনীতি ভাৰততকৈ আগবঢ়া বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ তেওঁৰ অভিযোগ, ইটোৰ পাছত সিটো সম্পত্তি বণিয়াক গটোৱাৰ উদ্দেশ্যে মোদী চৰকাৰৰ৷ এছ আই, এপিএছ চি পৰীক্ষাৰ কেলেংকাৰি ৰাজহুৱা নকৰিলে বিজেপি চৰকাৰে৷ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ’২১ত মুখ্যমন্ত্ৰী কোন হ’ব তাৰেই অডিশ্যন হৈছিল বুলিও মন্তব্য গৌৰৱ গগৈৰ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ অভিযোগ ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে৷ এটাৰ পাছত আনটো ৰাজহুৱা সম্পদ বিক্ৰী কৰিছে মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে৷

আৰু পঢ়িব পাৰিব : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

আনহাতে বিজেপিৰ বহু নেতৃত্ব ছিণ্ডিকেটত জড়িত বুলিও অভিযোগ কংগ্ৰেছৰ৷ ‘কা’, ৬নং দফা, অন্যান্য সমস্যা বুজি নাপায় বুলিও কটাক্ষ মোদীক৷ মোদীয়ে ২ কোটি মানুহক ভূমিপট্টা প্ৰদানৰ ভুৱা প্ৰতিশ্ৰুতিও দিয়া বুলিও অভিযোগ কংগ্ৰেছৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে