--°C
Loading...
Listen to Article
2 min read
80%

ঢেকিয়াজুলি : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান - এই গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ ঢেকীয়াজুলিৰ সমাৱেশত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে মতপোষণ কৰে৷ অসমত হিংসাদ্বেষ আঁতৰাই উন্নয়নৰ পথত আগুৱঢ়াবলৈ বিজেপি চৰকাৰে বহু কাম কৰিছে বুলি মন্তব্য তেওঁৰ৷

আৰু পঢ়িব পাৰিব :নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি?

ইপিনে বিশ্বনাথ, চৰাইদেউৰ চিকিৎসা মহাবিদ্যালয়ক লৈ উৎসাহী মোদী আনহাতে ‘অসম মালা’ আঁচনিৰ বৃহৎ বিনিয়োগক বিজপিৰ৷ স্থানীয় ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ গুৱাহাটী হ’ব আধুনিক চিকিৎসাৰ কেন্দ্ৰবিন্দু৷ চাংসাৰিৰ AIIMS হ’ব পূৰ্বোত্তৰৰ ভৰসা৷ আয়ুস্মান ভাৰতৰ বাবে সকাহ পাইছে সৰ্বসাধাৰণে বুলি মতপোষণ মোদীৰ৷ ইপিনে চাহ শ্ৰমিকৰ উন্নয়নত গুৰুত্ব দিছে দিছপুৰে৷

আৰু পঢ়িব পাৰিব :‘সাহসৰ অনন্ত সিন্ধু’- সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ

গৰ্ভৱতী চাহ শ্ৰমিকলৈ বিশেষ চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব৷ বাজেটতো চাহ শ্ৰমিকৰ বাবে ঘোষিত হৈছে এহেজাৰ কোটি বুলিও মন্তব্য তেওঁ৷ ভাৰতৰ চাহক বদনাম কৰিবলৈ চক্ৰান্ত চলিছে বুলিও অভিযোগ মোদীৰ৷ ‘অসম মালা’ যোজনাৰে সমৃদ্ধ হ‍’ব অসম৷ দেশৰ অন্য ৰাজ্যৰে উন্নত পথেৰে অসমৰ যোগাযোগ৷ ৰূপকোঁৱৰৰ কবিতাৰ পংক্তিৰে উন্নয়নৰ বাৰ্তা মোদীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে