--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ  নৰেন্দ্ৰ মোডীৰ সৈতে জো বিডেনৰ এটা ভিডিঅ' ভাইৰেল হৈছে। য'ত মোদীক  মাৰ্কিন  ৰাষ্ট্ৰপতিৰ সৈতে অতি আনন্দজনক মুহূৰ্তত দেখা গৈছে। অৱশ্যে, ভিডিঅ'টোত নেটিজেনসকলে মোডীৰ হাতলৈ লক্ষ্য কৰিছে। তাতেই আৰম্ভ হৈছে বিতৰ্ক। নেটিজেনসকলৰ এটা অংশই প্ৰধানমন্ত্ৰীৰ শৰীৰৰ ভংগী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰিছে যে "দেশৰ প্ৰতিনিধি হিচাপে তেওঁ গোটেই পৃথিৱীৰ সন্মুখত ভাৰতৰ নাক-কাণ কাটিলে!"

ভিডিঅ’টোত জো বিডেনে মোডীক কোৱা দেখা গৈছে, "গিলাচত পানীয়  নাথাকিলে আপুনি কেনেকৈ টোষ্ট কৰা উচিত?" আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক কোৱা শুনা গৈছে, "যদি গিলাচত পানীয় নাথাকে, ইয়াক বাওঁ হাতেৰে টোষ্ট কৰিব লাগে।" মোডীয়ে অৱশ্যে বিডেনৰল কথা একো  বুজি পোৱা নাছিল আৰু একো নুবুজাকৈয়ে হাঁহিছিল।  সেয়া দেখি বাইডেনে মোদীক প্ৰত্যুত্তৰ দি কৈছিল, "মই কি ধেমালি কৰি আছো বুলি আপুনি ভাবেিছে নেকি?" 

সেই ভিডিঅ'টো দেখি নেটিজেনে মোদীক সমালোচনা কৰা দেখা গৈছে! এনে সময়তে অভিনেত্ৰী  কংগনা ৰাণাৱটে  প্ৰধানমন্ত্ৰীৰ বাবে খেলপথাৰত নামিছে।  কংগনাই এপিনৰ পৰা মোদীকলৈ হঁহা সকলৰ বিৰুদ্ধে চলাই গৈছে গদা। নিন্দুকসকলৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কৈছে "চিকিৎসা বিজ্ঞানে দেখুৱাইছে যে সুৰাই মানৱ শৰীৰৰ ক্ষতি কৰে।  আমাৰ প্ৰধানমন্ত্ৰীয়ে বিডেনৰ দেশৰ সংস্কৃতিৰ   কথা কিয় চিন্তা কৰা উচিত?"

দৰাচলতে, জি-২০ সন্মিলনৰ পিছৰে পৰা মোডী-বিডেনৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। অৱশ্যে, এই ভিডিঅ' ক্লিপটো জুনত মোডীৰ আমেৰিকা ভ্ৰমণৰ । বিডেনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰিছিল। সেই পুৰণি ভিডিঅ'টোকলৈয়ে এতিয়া নিন্দুকসকলে হুলস্থুল আৰম্ভ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা