--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ  নৰেন্দ্ৰ মোডীৰ সৈতে জো বিডেনৰ এটা ভিডিঅ' ভাইৰেল হৈছে। য'ত মোদীক  মাৰ্কিন  ৰাষ্ট্ৰপতিৰ সৈতে অতি আনন্দজনক মুহূৰ্তত দেখা গৈছে। অৱশ্যে, ভিডিঅ'টোত নেটিজেনসকলে মোডীৰ হাতলৈ লক্ষ্য কৰিছে। তাতেই আৰম্ভ হৈছে বিতৰ্ক। নেটিজেনসকলৰ এটা অংশই প্ৰধানমন্ত্ৰীৰ শৰীৰৰ ভংগী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰিছে যে "দেশৰ প্ৰতিনিধি হিচাপে তেওঁ গোটেই পৃথিৱীৰ সন্মুখত ভাৰতৰ নাক-কাণ কাটিলে!"

ভিডিঅ’টোত জো বিডেনে মোডীক কোৱা দেখা গৈছে, "গিলাচত পানীয়  নাথাকিলে আপুনি কেনেকৈ টোষ্ট কৰা উচিত?" আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক কোৱা শুনা গৈছে, "যদি গিলাচত পানীয় নাথাকে, ইয়াক বাওঁ হাতেৰে টোষ্ট কৰিব লাগে।" মোডীয়ে অৱশ্যে বিডেনৰল কথা একো  বুজি পোৱা নাছিল আৰু একো নুবুজাকৈয়ে হাঁহিছিল।  সেয়া দেখি বাইডেনে মোদীক প্ৰত্যুত্তৰ দি কৈছিল, "মই কি ধেমালি কৰি আছো বুলি আপুনি ভাবেিছে নেকি?" 

সেই ভিডিঅ'টো দেখি নেটিজেনে মোদীক সমালোচনা কৰা দেখা গৈছে! এনে সময়তে অভিনেত্ৰী  কংগনা ৰাণাৱটে  প্ৰধানমন্ত্ৰীৰ বাবে খেলপথাৰত নামিছে।  কংগনাই এপিনৰ পৰা মোদীকলৈ হঁহা সকলৰ বিৰুদ্ধে চলাই গৈছে গদা। নিন্দুকসকলৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কৈছে "চিকিৎসা বিজ্ঞানে দেখুৱাইছে যে সুৰাই মানৱ শৰীৰৰ ক্ষতি কৰে।  আমাৰ প্ৰধানমন্ত্ৰীয়ে বিডেনৰ দেশৰ সংস্কৃতিৰ   কথা কিয় চিন্তা কৰা উচিত?"

দৰাচলতে, জি-২০ সন্মিলনৰ পিছৰে পৰা মোডী-বিডেনৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। অৱশ্যে, এই ভিডিঅ' ক্লিপটো জুনত মোডীৰ আমেৰিকা ভ্ৰমণৰ । বিডেনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰিছিল। সেই পুৰণি ভিডিঅ'টোকলৈয়ে এতিয়া নিন্দুকসকলে হুলস্থুল আৰম্ভ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ